অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ট'কিঅ' অলিম্পিকত পদক লাভ কৰি পদকপ্ৰাপক প্ৰথমগৰাকী খেলূৱৈ হিচাপে ৰাজ্যখনৰ লগতে দেশলৈও গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অত্যুৎসাহী হৈ কিছুমান লোকে ছোচিয়েল মিডিয়াত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।

তেনেকুৱা এখন সন্দেহজনক ভাইৰেল ফটো হৈছে এগৰাকী যুৱতীয়ে অসমৰ পথাৰত কাম কৰি থকা এখন ফটো। এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল অসমৰ এখন আগশাৰীৰ অসমীয়া দৈনিক কাকতত। কেচপচনত লিখা হৈছিল যে সেয়া লাভলীনা। তাৰ পিছত ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও সেই ফটোখন লাভলীনা বৰগোঁহাইৰ ফটো বুলি আপলোড কৰি বিভিন্ন পোষ্ট দিছে।

Original Link: Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰা ঠিৰাং কৰিলো। আৰু অনুসন্ধানৰ পাছত আমি গম পালো যে সেইফটোখনত থকা যুৱতীগৰাকী লাভলীনা নহয়।

সত্যতা নিৰূপন পদ্ধতি

আমি সেই ফটোখন প্ৰকাশ হোৱা অসমীয়া দৈনিক কাকত অসমীয়া প্ৰতিদিনৰ ১আগষ্ট ২০২১ৰ সংস্কৰণটোত এই সম্পৰ্কে এক স্পষ্টীকৰণ প্ৰকাশ কৰা দেখা পালো য'ত তেওঁলোকে তেওঁলোকৰ ভুল মানি লৈ কৈছে যে সেই ফটোখন লাভলীনা বৰগোঁহাইৰ নহয়।

তেওঁলোকে লগতে লাভলীনা বৰগোঁহাইয়ে পথাৰত কাম কৰি থকা এখন স্পষ্ট ফটো প্ৰকাশ কৰিছে।

সিদ্ধান্ত

ভাইৰেল ফটোত দেখা পথাৰত কাম কৰা যুৱতীগৰাকী লাভলীনা নহয়। অসমীয়া দৈনিক কাককতখনে ভুলকৈ সেয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ পিছতে বিভিন্ন লোকে ছোচিয়েল মিডিয়াত উক্ত ভুৱা তথ্য প্ৰচাৰ কৰি আছে।

Avatar

Title:ভাইৰেল হোৱা ফটোখনত থকা ছোৱালীজনী অলিম্পিক পদক প্ৰাপক লাভলীনা বৰগোহাঁই নহয়!

Fact Check By: Manjori Borkotoky

Result: False