শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক এখন বাছৰ খিৰিকীৰে বিশ্বকাপটো দাঙি ধৰি জিভা উলিয়াই খিৰিকীৰ সিপাৰে থকা পাকিস্তানৰ ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমক কটাক্ষ কৰা যেন দেখা গৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049052770লৈ সেই ফটোখন প্ৰেৰণ কৰি সুধিছে- ৰোহিত শৰ্মাই এনেকৈ পাকিস্তানী বাবৰ আজমক জিভা দেখুৱাই ঠাট্টা কৰিছে বিশ্বকাপটো হাতত লৈ? সঁচা?

https://lh7-us.googleusercontent.com/docsz/AD_4nXewtdYkwAREpdlxsk2W6aTi9k5eJ0ZKjMUFCGDy6SBzHAi4pnK4PPheFDZktBdpnzqx3msNNsyCGReOgKx14scyIwUWacEOIFsQWHn2p4zX1Bk7rGCRV0jf4318Cin3wxynqvZUo26HUAIPxdJOw6l3yNU?key=EL0OgmVahSDkpOlYFtOmtA

Archived Link

সেই ফটোখন ফেচবুকত আপলোড কৰি পোষ্ট কৰাও আমি দেখিলোঁ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXeSwRjOra7uhGelNpAbLi5JkSzgFxvv6FtqtJ8rnlNnR9r9HJC2-zs_-70KdRrqGJTh-DuI9E0u7bvKCbWfTwd-aR0bXH5htBFEhIMN9xQhO7M1oAOO_UbuDGRbTipbVnbd5EW-ceBORINnyJxV9kIh4r4?key=EL0OgmVahSDkpOlYFtOmtA

Facebook Link Archived Link

আন এটা ফেচবুক পোষ্ট ইয়াত চাব পাৰিব।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি মূল ফটোখন সংলগ্ন কৰা কেইবাটাও লেখা ইণ্টাৰনেটত লাভ কৰিলোঁ। NDTV Sportsত Watch: Rohit Sharma Channels Inner Child, Shares Raw Emotions With Fans শীৰ্ষক বাতৰিত সেই ফটোখন সংলগ্ন কৰি লিখা হৈছে যে বিশ্বকাপ জয় কৰাৰ পাছত অধিনায়ক ৰোহিত শৰ্মাই যেন নিজৰ ভিতৰত থকা শিশুটিক জগাই তুলি এইদৰে নিভাজ শিশুসুলভ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdAMFhP-JQI_TB7nNnWQ5dAjypPZ8rvMrKbaEhQa1mlZHOcPs3E_fIofMBoOjfjEEAHsbcoMGFJv-M46B4JDbJln1KHlfhoKAXWWj2P1KvBcSUlCfwdKgr1Bb9TMEptVrgJ7Rob7D9BptnL2UleZJYJeyI?key=EL0OgmVahSDkpOlYFtOmtA

Archived Link

NDTV ইণ্ডিয়াৰ Team India: कप्तान रोहित समेत इन खिलाड़ियों को आया बुलावा, महाराष्ट्र विधान भवन में किया जाएगा सम्मानित শীৰ্ষত বাতৰিতো একেখন ফটোকে সংলগ্ন কৰি উল্লেখ কৰা হৈছে যে মহাৰাষ্ট্ৰ বিধানসভাত ভাৰতীয় দলটোত সম্বৰ্ধনা জনোৱাৰ বাবে আমন্ত্ৰণ কৰা হৈছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXca4x8rS1T-aajPX4-feyr2lS7E8nfYk-BH_P1UvGXL8HPT1Lg_N9TBumqEyQ6h83jghMBk5PQgnhGG39kGfedUeCdreLnG8eTFMbggIAA0hjq5byfHy9pl0gQIX4GJViFFxwYVIUPPPIF15FCprzsxgt_E?key=EL0OgmVahSDkpOlYFtOmtA

Archived Link

English Jagaranৰ এক বাতৰিত লিখা হৈছে যে দিল্লীত টীম ইণ্ডিয়াই বাছৰ পৰা নমাৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাই এইদৰে খিৰিকীৰে অনুৰাগীসকলৰ সৈতে শিশুসুলভ ধেমালিৰে বিশ্বকাপটো প্ৰদৰ্শন কৰে। এই লেখাটোত মূল ভিডিঅ’টোও সংলগ্ন কৰা হৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdwDWa8Xgc5s2v2o6S3EAofU3mcE-DjNdpXYGIeAFbC_8GhnDKE_796SEVvV3X3JWoYF8w5UYDBNOfIg_eQ0dH7F3N4u5hMCebY9jjrBOdEGYze-Sdy-gkxrY_H8AsWQ_1ydJz-p_u9BoVFB6st2U1YsrKg?key=EL0OgmVahSDkpOlYFtOmtA

Archived Link

Sanskartv ৰ ইনষ্টাগ্ৰামত সেই ভিডিঅ’টো আমি দেখিলোঁ, য’ত ৰোহিত শৰ্মাই অনুৰাগীৰ সৈতে এইদৰে আনন্দৰ মুহূৰ্ত প্ৰদৰ্শন কৰিছিল।

Archived Link

Inside Sportৰ X হেণ্ডেলত সেই সমখিনিৰ কেইবাখনো ফটো আপলোড কৰি টুইট কৰা হৈছিল। তাতে এই মূল ফটোখনো আছে।

CricTrackerৰ X হেণ্ডেলতো মূল ফটোখন দি টুইট কৰা হৈছে আৰু কোৱা হৈছে যে অধিনায়ক ৰোহিত শৰ্মাই সেই অনন্দৰ মুহূৰ্তটো জী আছে।

News9ৰ এক বাতৰিত ভাৰতীয় দলটো উভটি আহি প্ৰদৰ্শন কৰা আনন্দৰ মুহূৰ্তৰ কেইবাখনো ফটো সংলগ্ন কৰা হৈছে। তাতো ৰোহিত শৰ্মাই বাছৰ পৰা অনুৰাগীক সৈতে ধেমেলিয়া ধৰণে বিশ্বকাপ প্ৰদৰ্শন কৰা ফটোখন পিটিআইৰ সৌজন্যত সংলগ্ন কৰা হৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdiyXKx3L-SPpOaBfhmebI5pjMfn0bauNwKZ_i8FHctTv10A2oy7SGVCqizVG2fFIMIsNlumCfdgdin7Hm1lGBt8e9hd3odpNCCvESWe6_SB0H-CFHDPCSnuJma9mTM9XzWxF4Q6Ey188bvBIaSaxRkzYVH?key=EL0OgmVahSDkpOlYFtOmtA

এই সমস্ত তথ্যৰ পৰা নিশ্চিত হৈছে যে বিশ্বকাপ জয় কৰি আহি অধিনায়ক ৰোহিত শৰ্মাই আচলতে বাছৰ খিৰিকীৰে বিশ্বকাপ ট্ৰফীটো অনুৰাগীসকলক দেখুৱাই এইদৰে ধেমেলিয়া আনন্দ প্ৰদৰ্শন কৰিছিল। তাত পাকিস্তানৰ বাবৰ আজম নাছিল। ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো অসত্য। অধিনায়ক ৰোহিত শৰ্মাই বাছৰ খিৰিকীৰে অনুৰাগীসকলক হে বিশ্বকাপ ট্ৰফীটো প্ৰদৰ্শন কৰিছিল। সেই স্থানত পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম নাছিল। ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰোহিত শৰ্মাই বাবৰ আজমক বিশ্বকাপৰ ট্ৰফী দেখুৱাই জিভা উলিয়াই ভেঙুচালি কৰিছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Altered