দেওবাৰে দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে যন্তৰ-মন্তৰত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলক সমদল উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে আটক কৰে। বিনেশ ফ’গাট, সংগীতা ফ’গাট, আৰু সাক্ষী মালিকক যন্তৰ-মন্তৰত আবদ্ধ কৰি ৰাখে দিল্লী আৰক্ষীয়ে। ছ’চিয়েল মিডিয়াত আটক হোৱাসকলৰ বহুলভাৱে শ্বেয়াৰ হোৱা বহু ফটোৰ ভিতৰত আছিল এজন আৰক্ষীৰ লোকে নিজৰ বুটেৰে এজন ব্যক্তিৰ মুখত হেঁচা মাৰি ধৰা এখন বিশেষভাৱে হিংসাত্মক ফটো। বহুত মানুহে দাবী কৰিছিল যে ফটোখনত থকাগৰাকী মল্লযুঁজাৰু সাক্ষী মালিক।

তেনেকুৱা এটা টুইট আমাৰ চকুত পৰিছে। Abdul Bhai নামৰ হেণ্ডেলটোৰ পৰা কৰা টুইটটোত ছবিখন শ্বেয়াৰ কৰি কেপচন দিয়া হৈছে-“এইজনেই হৈছে সাক্ষী মালিক যিয়ে দেশৰ হৈ মহিলা মল্লযুঁজত প্ৰথমটো অলিম্পিক পদক লাভ কৰিছিল। এনে ছবি তালিবানতো দেখা পোৱা নাযায়। দেশৰ মাটি জীয়াই আছে নে মৰিছে নে বিক্ৰী হৈছে!! #মল্লযুঁজাৰুৰ প্ৰতিবাদ”।

Twitter LinkArchived Link

কিন্তু এয়া সঁচাকৈয়ে মল্লযোদ্ধা সাক্ষী মালিক হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ছবিখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি অনুসন্ধান আৰম্ভ কৰিলোঁ। সেই ছাৰ্চত আমি কেইটামান লিংক লাভ কৰিলোঁ। তাৰে এটা লিংকত আমি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ টাইমছ অৱ ইণ্ডিয়া(Times of India)ৰ এক প্ৰতিবেদনত একেটা ছবিকে সন্নিবিষ্ট কৰা দেখিলোঁ। প্ৰতিবেদন অনুসৰি ছবিখনত দেখা গৈছে যে ২২ বছৰীয়া ৰঞ্জিত সিঙৰ মুখখন এজন পুলিচৰ বুটৰ তলত চেপি ধৰা হৈছে। জানিব পৰা মতে, সিংহু সীমান্তত কৃষকৰ প্ৰতিবাদত জনসাধাৰণৰ ওপৰত আক্ৰমণৰ সময়ত এই ছবিখন লোৱা হৈছিল। দিল্লী আৰক্ষীয়ে ৰঞ্জিতে এজন এছ এইচ অ’ক তৰোৱালেৰে আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। একেদিনাই আন ৪৩জন লোকৰ সৈতে তেওঁক হত্যাৰ চেষ্টাকে ধৰি বিভিন্ন ধাৰাত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

টাইমছ অৱ ইণ্ডিয়া(Times of India)ৰ সেই প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাৰিব।

অধিক অনুসন্ধানত আমি একেখন ছবি ২০২১ চনৰ ২৯ জানুৱাৰীত দিল্লীৰ সিংহু সীমান্তৰ কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ডেক্কান হেৰাল্ড(Deccan Herald)ৰ প্ৰবন্ধ এটাটো পাইছিলোঁ। তাত প্ৰকাশ কৰা হৈছিল, “ সিংহু সীমান্তত স্থানীয় গাঁওবাসী বুলি দাবী কৰা লোক আৰু কৃষকৰ মাজত সংঘৰ্ষৰ সময়ত আলিপুৰৰ এছএইছঅ’(SHO) প্ৰদীপ পালিৱালক আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন কৃষকক এইদৰে বুটেৰে পদপিষ্ট কৰি পেলাইছিল।”

ডেক্কান হেৰাল্ড(Deccan Herald)ৰ সেই প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাৰিব।

৩০ জানুৱাৰী, ২০২১ত News18ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উদ্ধৃতি অনুসৰি তেওঁ আলিপুৰ থানাৰ এছএইচঅ’ক তৰোৱালেৰে আক্ৰমণ কৰাৰ বাবে ৰঞ্জিত সিং নামৰ কৃষকজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

সেই প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ছবিখনত কৰা দাবীটো মিছা । এই ছবিখন ২০২১ চনৰ কৃষকৰ আৰক্ষীয়ে নিজৰ বুটেৰে মুখত হেঁচি পদপিষ্ট কৰা লোকজন হৈছে ৰঞ্জিত সিং নামৰ এজন কৃষক। তেওঁক তৰোৱালেৰে আৰক্ষী বিষয়া এগৰাকীক আক্ৰমন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ছবিখনৰ লগত সাক্ষী মালিক বা মল্লযুঁজাৰুৰ প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যন্তৰ-মন্তৰত মল্লযুঁজাৰু সাক্ষী মালিকক পুলিচে বুটেৰে গচকিছে নেকি?

Written By: Pranjal Sharma

Result: False