
শেহতীয়াভাবে অসমত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হৈছে । ভিডিঅ’টোত দেখা গৈছে যে এখন ৰেলগাড়ীৰ বাতানুকুল ডবা এটাৰ ভিতৰত ওপৰৰ পৰা পানী নিগৰি পৰিছে। দাবী কৰা হৈছে যে সেই ৰেলগাড়ীখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। অসমৰ এটা সংবাদ প্ৰতিস্থানৰ ফেচবুকৰ পেজত ২৯ জুন ২০২৪ত সেই ভিডিঅ’টো বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত পানী পৰিছে বুলি দাবী কৰি আপলোড কৰা হৈছিল। পোষ্টটোত লিখিছে- এইবাৰ বন্দে ভাৰত ৰে’লৰ ভিতৰত পৰিল পানী
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি সেই ভিডিঅ’টো বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন লিংক লাভ কৰিলোঁ। এক্সত(পূৰ্বৰ টুইটাৰ) বহু লোকে এই ভিডিঅ’টো আপলোড কৰা আমি দেখিলোঁ। তাৰে এটা লিংকত এগৰাকী ব্যক্তিয়ে এই দৃশ্যটো গৰীৱ ৰথ নামৰ ৰেলগাড়ীখনৰ বুলি উল্লেখ কৰা আমি দেখিলোঁ। ২০২৪ৰ ২৮ জুনত সেই টুইটটো কৰা হৈছিল।
তদুপৰি আন এটা এক্স হেণ্ডেলেও সেই দৃশ্যটো গৰীৱ ৰথ নামৰ ৰেলগাড়ীখনৰ বুলি উল্লেখ কৰি পোষ্ট কৰা দেখিলোঁ। এই টুইটটো কৰা হৈছিল ২০২৪ৰ ২৯ জুনত।
ওপৰোক্ত দুয়োটা টুইটতে ভিডিঅ’টোৰ সৌজন্য আন এটা এক্স হেণ্ডেলক দিয়া আমি দেখিলোঁ। সেই হেণ্ডেলটো পৰীক্ষা কৰি চাওতে আমি দেখিলোঁ যে তাৰ পৰা সেই ভিডিঅ’টো ২০২৪ৰ ২৮ জুনত পোষ্ট কৰা হৈছিল।
আমি ভিডিঅ’টোত দেখা পাইছিলোঁ যে ৰেলগাড়ীখনৰ নম্বৰটো ডবাটোত লিখা আছিল। সেই মৰ্মে আমি নম্বৰটোৰ সন্ধান কৰিলোঁ।
12215 নম্বৰৰ ৰেলগাড়ীখন প্ৰকৃততে গৰীৱ ৰথ হয়নে নহয়, সেই কথাৰ সন্ধান কৰোতে সেই তথ্য সত্য বুলি জানিব পাৰিলোঁ।
এই তথ্য সত্য বুলি নিশ্চিত কৰিলে Western Railway ই ২৯ জুন,২০২৪ত কৰা এটা টুইটে। তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ২৭ জুন ২০২৪ত 12215 নম্বৰৰ বান্দ্ৰা জংছনৰ পৰা দিল্লী ছৰাই ৰহিল্লাৰ মাজত চলাচল কৰা গৰীৱ ৰথ এক্সপ্ৰেছৰ G-12 নম্বৰৰ ডবাটোত আজমেৰ আৰু ফালনা ষ্টেছনৰ মাজত এইদৰে পানী পৰিছিল আৰু পৰৱৰ্তী সময়ত সেই সমস্যাৰ সমাধান কৰা হৈছিল। সেইখন বন্দে ভাৰত এক্সপ্ৰেছ নহয় বুলি টুইটটোত উল্লেখ কৰা হৈছিল।
এই সমষ্ট তথ্যৰ পৰা এটা কথা নিশ্চিত কৰিব পাৰি যে ওপৰৰ পৰা পানী পৰা সেই ডবাটো আচলতে 12215 নম্বৰৰ বান্দ্ৰা জংছনৰ পৰা দিল্লী ছৰাই ৰহিল্লাৰ মাজত চলাচল কৰা গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়। অসমৰ ফেচবুক পেজটোৱে কৰা দাবীটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ডবাটো আচলতে 12215 নম্বৰৰ বান্দ্ৰা জংছনৰ পৰা দিল্লী ছৰাই ৰহিল্লাৰ মাজত চলাচল কৰা গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ওপৰৰ পৰা পানী পৰা ডবাটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়।
Fact Check By: Pranjal SharmaResult: False
