৮/১১/২০২৩ বুধবাৰে নিজৰ ষ্টুডিঅ’ত কৰ্মৰত হৈ থকা অৱস্থাত ৰাতিপুৱা প্ৰায় ৮বাজি ৩০মিনিটত হঠাতেই অসুস্থ হৈ পৰে অসমৰ সবাটোকৈ জনপ্ৰিয় গায়ক, গীতিকাৰ,সংগীত পৰিচালক চিত্ৰ নিৰ্মাতা, পৰিচালক, অভিনেতা জুবিন গাৰ্গ। গুৱাহাটী মহানগৰীৰ জোনালীস্থিত তেওঁৰ নিজৰ বাসস্থানৰ সৈতে সংলগ্ন নতুন ষ্টুডিঅ’ত গীতৰ কাম কৰি থকা অৱস্থাতেই অচেতন হৈ পৰে তেওঁ। ততাতৈয়াকৈ জনপ্ৰিয় সংগীতকাৰগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাই চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসকৰ ভাষ্য অনুসৰি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ।

জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বনজুইৰ দৰে সমগ্ৰ অসমতেই বিয়পি পৰে। প্ৰতিটো সংবাদ প্ৰতিস্থানেই সেই সম্পৰ্কে বাতৰি পৰিবেশন কৰে। কিন্তু তাৰ মাজতেই একাধিক সংবাদ প্ৰতিস্থান তথা ব্যক্তি বিশেষে এটা বিশেষ ভিডিঅ’ ফেচবুকত আপলোড কৰি সেয়া জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ ঠিক পূৰ্বৰ ভিডিঅ’ বুলি দাবী কৰে।

Time8 নামৰ সংবাদ প্ৰতিস্থানটোৱে এটা ভিডিঅ’ আপলোড কৰি সেয়া অসুস্থতাৰ পূৰ্বৰ ভিডিঅ’ বুলি দাবী কৰিছে।

Archived Link

তদুপৰি প্ৰথম খবৰ নামৰ সংবাদ প্ৰতিস্থানটোৱেও একেটা ভিডিঅ’কে একেটা দাবীৰেই আপলোড কৰিছে।

Archived Link

আনহাতে আন এগৰাকী ব্যৱহাৰকাৰীয়েও একেই দাবীৰে একেই ভিডিঅ’ আপলোড কৰা হৈছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতেই আমি ভিডিঅ’টো ভালকৈ পৰীক্ষা কৰিলোঁ। আমি জুবিন গাৰ্গৰ অতি শেহতীয়া ৰূপৰ সৈতে ভিডিঅ’ত দেখা ৰূপটোৰ কিছু অমিল দেখিলোঁ। অতি শেহতীয়াকৈ ৭/১১/২০২৩ মঙলবাৰে অৰ্থাত অসুস্থতাৰ ঠিক এটা দিন পূৰ্বে জাগীৰোডস্থিত সীতাজখলা নামৰ দুগ্ধ প্ৰতিস্থানটোত উপস্থিত থাকি সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ সময়ত লোৱা এটা ভিডিঅ’ত দেখা জুবিন গাৰ্গ আৰু ভাইৰেল ভিডিঅ’টোত দেখা জুবিন গাৰ্গৰ মাজত কিছু পাৰ্থক্য দেখা পালোঁ।

ইয়াৰ পাছতেই আমি জুবিন গাৰ্গৰ অন্তৰংগ সহযোগী সংগীতকাৰ জয়ন্ত কাকতি আৰু আৰু গীতিকাৰ ৰাহুল গৌতম শৰ্মাৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁলোকে জানিবলৈ দিলে যে ভাইৰেল ভিডিঅ’টো পুৰণি। প্ৰায় এবছৰ পূৰ্বেই গুৱাহাটীৰ জয়ানগৰস্থিতি শিৱব্ৰত শৰ্মাৰ মালিকানাধিন চিকমিক ষ্টুডিঅ’ত গীত ৰেকৰ্ডিং কৰি থকাৰ সময়ৰ ভিডিঅ’ সেইটো। লগতে জানিবলৈ দিয়ে যে সেই দৃশ্যটো জুবিন গাৰ্গৰ জোনালীস্থিত নিজৰ ষ্টুডিঅ’ৰ দৃশ্য নহয়।

আমি চিকমিক ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰূমৰ কোনো দৃশ্য বা ফটো পাওঁ নেকি সেই সম্পৰ্কে অনুসন্ধান কৰোঁতে এটা পুৰণি দৃশ্য পালোঁ, য’ত জুবিন গাৰ্গে ২০২১ চনতে গীত গাই থকা দেখা গৈছে। সেই দৃশ্যটোও গীত গাই থাকোতেই অসুস্থ হৈ পৰা বুলি দাবী কৰি Time8 নামৰ সংবাদ প্ৰতিস্থানটোৱেই ২৯ অক্টোবৰ ২০২১ত আপলোড কৰিছিল। তাত চিকমিক ষ্টুডিঅ’ৰ কথা উল্লেখ কৰা হৈছিল।

শেহতীয়াকৈ ভাইৰেল হোৱা দৃশ্যটো আৰু ২০২১ চনৰ সেই দৃশ্যটো চালেই ধৰিব পাৰি যে ৰেকৰ্ডিং কক্ষ একেটাই। অৰ্থাৎ চিকমিক ষ্টুডিঅ’। কিন্তু ৮/১১/২০২৩ বুধবাৰে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল জোনালীৰ নিজৰ ষ্টুডিঅ’ত হে। জুবিন গাৰ্গৰ নতুনকৈ প্ৰতিস্থা কৰা নিজৰ ষ্টুডিঅ’টো আৰু ভাইৰেল হোৱা ভিডিঅ’ত দেখা ষ্টুডিঅ’টোৰ পাৰ্থক্য আছে। তলত একাংশ সংগীৰ সৈতে নিজৰ ষ্টুডিঅ’ত জুবিন গাৰ্গক দেখা গৈছে।

তদুপৰি জুবিন গাৰ্গৰ অন্তৰংগ সহযোগীদ্বয় জয়ন্ত কাকতি আৰু ৰাহুল গৌতম শৰ্মাৰ পৰা জানিব পৰা মতে বিগত এটা বছৰে মুম্বাইত কৰ্মৰত হৈ আছে চিকমিক ষ্টুডিঅ’ৰ মূল ব্যক্তি শিৱব্ৰত শৰ্মা আৰু সেই হেতু চিকমিক ষ্টুডিঅ’ত কোনো গীত ৰেকৰ্ডিং কৰা নাই জুবিন গাৰ্গে। তদুপৰি যোৱা এপ্ৰিল মাহৰ মাহৰ পৰা নিজৰ কণ্ঠৰ সকলো গীত নিজৰ জোনালীস্থিত ষ্টুডিঅ’তেই ৰেকৰ্ডিং কৰি আছে জুবিন গাৰ্গে।

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিছে যে যিটো দৃশ্য জুবিন গাৰ্গ ৮ নৱেম্বৰত অসুস্থ হৈ পৰাৰ পূৰ্বে লোৱা বুলি দাবী কৰা হৈছে সেইটো ন্যূনতম এবছৰ পূৰ্বৰ দৃশ্য। অৰ্থাৎ দাবীটো সত্য নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল হোৱা দৃশ্যটো ন্যূনতম এবছৰ পূৰ্বে চিকমিক ষ্টুডিঅ’ত জুবিন গাৰ্গে গীত ৰেকৰ্ডিং কৰি থকাৰ সময়ত লোৱা। বুধবাৰে অসুস্থ হোৱাৰ পূৰ্বে নিজৰ ষ্টুডিঅ’ত কাম কৰি থকা সময়ৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: এই দৃশ্যটো জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ ঠিক আগৰ দৃশ্য নহয়।

Written By: Pranjal Sharma

Result: False