এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা। 

Partly-False Social

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। গোটেই ভিডিঅ’টোত মুঠ চাৰিটা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত লিখিছে- 

৮.৭ প্ৰাব্যলৰ ভূমিকম্পত ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি

ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰত ছুনামিৰ প্ৰভাৱ

সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট পৰ্যন্ত উঠিছে সাগৰৰ ঢৌ

ৰাছিয়া-জাপানৰ পূব উপকূলত হাই এলাৰ্ট জাৰি

বিগত দশকৰ আটাইতকৈ ৮.৭ প্ৰাবল্যৰ ভূমিকম্প ৰাছিয়াত

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdsB1y4ClA69BjzwBBhUuZWb7hlE6tOkdzSnU5-tSUURJt__yIq-WBIi2RL5_gJDVutPB2wTkHyEGt1CkjtfdMBfn5d2skgJXJovpDEjuBnRRGbwejsk-KRgxm8krki_EU0gGfzbg?key=osDsMqwYEpD7-4RYigJWkA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি চাৰিওটা দৃশ্যৰে স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন লিংক তথা বাতৰি লাভ কৰিলোঁ এক্স, ইউটিউৱ আদিত। প্ৰথমতে জনাব বিচাৰিছোঁ প্ৰথম দৃশ্যটোৰ কথা। আমাৰ সন্ধানত প্ৰমাণিত হৈছে যে সেই দৃশ্যটো ৰাছিয়াৰ কামছাটকা প্ৰদেশত হোৱা ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ৰে হয়। আমি কিছুমান লিংক পালোঁ। এক্সত মেক ইউৰোপ গ্ৰেট এগেইন নামৰ ভেৰিফাইড হেণ্ডেলটোত ভূমিকম্পৰ সময়ৰ দুটা ভিডিঅ’ আপলোড কৰা হৈছে ৩০জুলাই ২০২৫ত। তাৰে এটা ভিডিঅ’ হৈছে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ প্ৰথম দৃশ্যটো। তদুপৰি তাৰে দ্বিতীয় ভিডিঅ’টো আমাৰ সত্যতা নিৰূপণৰ অধীন ভিডিঅ’টোৰ তৃতীয় দৃশ্যটো। 

সেই দৃশ্য দুটা ৰাছিয়াৰ অতি শেহতীয়া কামছাটকা প্ৰদেশত হোৱা ভূমিকম্পৰ বুলি প্ৰমাণ কৰা কিছুমান ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

এইবাৰ আহিছোঁ দ্বিতীয় দৃশ্যটোলৈ। দাবীকৃত ভিডিঅ’টোৰ প্ৰায় ২০ চেকেণ্ডৰ পৰা এই দৃশ্যটো চাব পৰা যায়। স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি লাভ কৰা তথ্যই প্ৰমাণ কৰে যে সেই দৃশ্য শেহতীয়া নহয়। পূৰ্বৰে এক ভূমিকম্পৰ সময়ৰ দৃশ্য। ভলকেহ’লিক নামৰ এটা ভেৰিফাইড এক্স হেণ্ডেলত আমি ২০২৪চনৰ ১৮ আগষ্টৰ এটা টুইট লাভ কৰিলোঁ। তাত সেই সময়ৰ ৰাছিয়াৰ এক ভূমিকম্পৰ তিনিটা দৃশ্য আপলোড কৰা আছে। তাৰে এটা দৃশ্য হৈছে আমি সত্যতা নিৰূপণ কৰি থকা এই ভিডিঅ’টোৰ দ্বিতীয় দৃশ্যটো।

আনহাতে ২০২৪ৰ ১৮ আগষ্টতে আন এটা এক্স হেণ্ডেলত ওপৰোক্ত টুইটটোৰ দৰেই তিনিটা দৃশ্য আপলোড কৰা হৈছিল। তাতো আমি এই দৃশ্যটো দেখিলো।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeh2JEFRB0AV7HYty1Hbdk2-p5fZQBfU7MxmGWHp6zrAEdz71cnDnyg0I-YHB1R246qfC5-NIp_PIVzIRwL2HRnlkYhqFRLaWRFAIGCxRISHBIYCiH5J0Xp4mUTbsY5uTamuA19Tw?key=osDsMqwYEpD7-4RYigJWkA

আমি ১৭ আগষ্ট ২০২৪ত ৰাছিয়াৰ কামছাটকা প্ৰদেশত অহা ভূইকঁপ সম্পৰ্কত এটা বাতৰিও লাভ কৰিলোঁ। তাত কামছাটকাৰ জৰুৰী সেৱাৰ এগৰাকী বিষয়াৰ উধৃতিৰে কোৱা হৈছে যে এলোজোভস্কী, কামছাটকা আৰু ভিল্যচিনস্কী জিলাত ৫ৰ পৰা ৭ প্ৰাবল্য পৰ্য্যন্ত ভূইকঁপ আহিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf20QBSGV6Yi5_vUwN1gFeRPaa-48Oeha6Qtz41PR3m-5zEEVq0Zzyt447lgwcnNDbzjErmrQu2SAwOWRxuK7Ft4kAP6bEEjyZ6xbtX6dNRN1wJDBgpyf3aCuFzi3-BeDzoEjUY4Q?key=osDsMqwYEpD7-4RYigJWkA

তাত বিষয়াগৰাকীৰ টুইট এটা সংলগ্ন কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdQDqjzUTEPQ_z6lzOi-jw4YFwX489zexYUJq5gyE5fxV7izeUVOE36wLLjNrYQuuYKZ5NXLbCGYNUISvr3_ZclT4RiveUV-WMVbzJwy8PUxF-lexVHtCVtPpsuTsrPHeKhaTy7yA?key=osDsMqwYEpD7-4RYigJWkA

আমি দেখিলোঁ যে সেই টুইটটোত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ এই দ্বিতীয় দৃশ্যটোও আছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXclOr5fT02q3YjI5qF0l4mEPuiab71Gt29lJCTrb4fLYfbESLNatDgpgPM1z_4tRZeSs2OoN5GMqurGyz1M_SL4cpwTEO17ltQjDOeDtl33ELiGtXolWmFBUdqJsE-dYs7RasUYVA?key=osDsMqwYEpD7-4RYigJWkA

ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে এই দৃশ্যটো শেহতীয়া ভূমিকম্পৰ নহয়। ২০২৪ৰ ১৭ আগষ্টত হোৱা ভূমিকম্পৰহে।

শেষত আমি ভিডিঅ’টোৰ একেবাৰে শেষৰ ফালে থকা চতূৰ্থটো দৃশ্যৰ  কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ১ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ৭.৭ প্ৰাৱল্যৰ ভূমিকম্প‌ৰ দৃশ্য দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdCcQWOcm_VGxqnzjqTKrhZSFIHx-DYiCenoL_FOhhix5BuYrye5Ag_V6s0nCivvyZrnNAoYMCtP8HngBfLkkcQqPY4eF7q92dpFXphK3WlXuBO4OCKqvkH44mY5TxigZyTc0x9cw?key=osDsMqwYEpD7-4RYigJWkA

একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ৩১ মাৰ্চত আপলোড হোৱা দেখিলোঁ য’ত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো  যোৱা মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ৰ।

টাইমছ নাওৰ অফিচিয়েল ফেচবুক পেজতো এই ভিডিঅ’টো যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ বুলি উল্লেখ কৰি আপলোড কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeX6UR8oLsAQlbVV-EtGxvhIVu5pcc2p_9O-Ihi6xEQvBN-gZGHlwWs04SV9WhLMUcSnyXC6lY2i0VQIF1i3SdMUR_aHnHWfPzHLN7EnOxyGWG_L6XaPBtz5ednEJUIDSSnaT_ohQ?key=osDsMqwYEpD7-4RYigJWkA

গতিকে এই ভিডিঅ’টোও পুৰণি তথা ৰাছিয়াৰ সলনি ম্যানমাৰৰ বুলিহে আমি নিশ্চিত হ’লোঁ।

সামগ্ৰিকভাৱে আমাৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে অসমৰ ফেচবুক পেজটোৱে চাৰিটা দৃশ্যৰে সৈতে এটা ভিডিঅ’ আপলোড কৰি সেয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি যিটো দাবী কৰিছে, সেই দাবী আংশিকভাৱে মিছা। তাৰে দুটা ভিডিঅ’হে শেহতীয়া। বাকী দুটা পুৰণি। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো আংশিকভাৱে মিছা। চাৰিটা দৃশ্যৰে সৈতে এটা ভিডিঅ’ আপলোড কৰি সেয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি যিটো দাবী কৰিছে, সেই দাবী আংশিকভাৱে মিছা। তাৰে দুটা ভিডিঅ’হে শেহতীয়া। বাকী দুটা পুৰণি।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা।

Fact Check By: Pranjal Sharma 

Result:Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *