কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। সেই বাতৰিটোত এটা ভিডিঅ’ ,সংলগ্ন কৰা হৈছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি অনুসন্ধান কৰিলোঁ। তাৰ ফলত ২০১৮ চনৰ ১৯ ফেব্ৰুৱাৰীত এক্স(পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা একেধৰণৰ ভিডিঅ’ এটা দেখা পালোঁ। সেইটোও ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিৰ পৰ্বতৰে ভিডিঅ’।

একেটা ভিডিঅ’ ২০১৮ চনৰ ১৯ ফেব্ৰুৱাৰীত জাকাৰ্টাস্থিত নিউজ আউটলেট ৰেডিঅ’ এলশ্বিণ্টাই এক্সত শ্বেয়াৰ কৰিছিল।ৰেডিঅ’ এলশ্বিণ্টাৰ পোষ্টত এই বিস্ফোৰণ মাউণ্ট চিনাবুঙত হোৱা বুলিও উল্লেখ কৰা হৈছে।

২০১৮ চনৰ ২০ ফেব্ৰুৱাৰীত মাউণ্ট চিনাবুঙৰ বিস্ফোৰণৰ বিষয়ে গাৰ্ডিয়ানে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, “জাকাৰ্টাৰ পৰা প্ৰায় ১৯০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত মাউণ্ট চিনাবুঙত সেই বছৰৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণ হৈছিল। ছাইৰ ডাৱৰে আৱৰি ধৰিছিল ওচৰৰ পাঁচখন জিলাক। নিশাৰ ভাগতো দিনৰ দৰে পৰিবেশ হৈছিল”।

ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় ৰিং অৱ ফায়াৰত অৱস্থিত হোৱাৰ বাবে আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত সঘনাই প্ৰভাৱিত হয় দেশখন। ২০২৩ চনৰ ১১ মাৰ্চত ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ বিস্ফোৰণ ঘটি ওচৰৰ গাঁওসমূহ ধোঁৱা আৰু ছাইৰে আৱৰি ধৰে আৰু প্ৰশাসন কৰ্তৃপক্ষ আগ্নেয়গিৰিৰ ফলত খনন আৰু পৰ্যটনমূলক কাৰ্য্যকলাপ বন্ধ কৰিবলৈ বাধ্য হয়।

এই প্ৰমাণসমূহৰ পৰা স্পষ্ট যে মাউণ্ট চিনাবুং বিস্ফোৰণৰ এটা পুৰণি ভিডিঅ’ মাউণ্ট মেৰাপিৰ এটা কাণ্ড বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছিল। অসমৰ সেই সংবাদ মাধ্যমত কৰা দাবীটো বিভ্ৰান্তিকৰ

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। বাতৰিৰ ভিডিঅ’টোত দেখুওৱা দৃশ্যটো ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ। মেৰাপিৰ শেহতীয়া আগ্নেয়গিৰি নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ।

Written By: Pranjal Sharma

Result: Misleading