শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে কোনো এগৰাকী ব্যক্তিয়ে নিশাৰ ভাগত গাড়ী চলাই গৈ থাকোতে তেওঁৰ গাড়ীৰ সমুখত এটি অস্বাভাৱিক জীৱই আগভেটা দিছে। দেখিবলৈ মানুহৰ দৰে সেই জীৱটোৱে বাটত যেন চুচৰি গৈ আছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো নিজৰ ফেচবুক প্ৰোফাইলত আপলোড কৰি দাবী কৰিছে যে তেওঁ ৰাস চাই ঘৰলৈ ওভটাৰ বাটত এইদৰে তেওঁ ভুতৰ মুখামুখি হৈছে। তেওঁ লিখিছে -পলাশবাৰীলৈ ৰাস চাবলৈ যাওঁতে আজি বৰ্ষণমুখৰ নিশা নৈৰ পাৰৰ বাটত স্বচক্ষে দেখা ভুত কেমেৰাত বন্দী কৰিলো।

এই প্ৰতিবেদন লিখাৰ পৰলৈকে তেওঁৰ সেই ভিডিঅ’টো ২৪টা শ্বেয়াৰ হৈছে।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোক ইনভিড ৱি ভেৰিফাই নামৰ বিশেষ ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত এটা কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সেই ভিডিঅ’টো থকা বহুকেইটা লিংক লাভ কৰিলোঁ। তিনি বছৰ পূৰ্বে অৰ্থাত ২০২০ চনৰ ৭ নৱেম্বৰত দুটাকৈ ইউটিউৱ চেনেলত সেই একেটা ভিডিঅ’ ভূতৰ ভিডিঅ’ বুলি অভিহিত কৰি আপলোড কৰা আমি দেখা পালোঁ। তলত সেই ভিডিঅ’টো আপলোড কৰা ইউটিউৱ চেনেল দুটা চাব পাৰিব।

তদুপৰি দুবছৰ পূৰ্বে অৰ্থাত ২০২১ চনৰ ১১ জানুৱাৰীতো এটা ইউটিউৱ চেনেলত অনুৰূপ ধৰণে ভূতৰ ভিডিঅ’ বুলি সেই ভিডিঅ’টো আপলোড কৰা আমি দেখা পালোঁ।

কেৱল ইমানেই নহয়,ইনষ্টাগ্ৰামৰ এটা হেণ্ডেলতো সেই ভিডিঅ’টো ভূতৰ ভিডিঅ’ বুলি দবী কৰি আপলোড কৰা হৈছিল যোৱা আগষ্টত।

অধিক অনুসন্ধানত আমি ইণ্ডোনেছিয়ান ভাষাৰ এটা ৱেবচাইটত সেই ভিডিঅ’টোৰ মূল উত্স সম্পৰ্কে লিখা এটা লেখা লাভ কৰিলোঁ। সেই লেখাটো আমি অসমীয়ালৈ অনুবাদ কৰি লোৱাত নিম্নলিখিত কথাখিনি জানিব পাৰিলোঁ। -

“কালিমন্তনত গাড়ী চালকক গাড়ী চলোৱাৰ সময়ত মাজ পথত ভয়ংকৰ জীৱই ৰখাই দিয়া এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

২০২১ চনৰ ৮ এপ্ৰিল বৃহস্পতিবাৰে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী Smart.gram য়ে শ্বেয়াৰ কৰাৰ পাছত এই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

বিৱৰণত তেওঁ এই ভয়ংকৰ জীৱটোৱে আগভেটি ধৰা কালিমন্তনৰ সেই গাড়ী চালকজনৰ অভিজ্ঞতাখিনি বুজাই লিখিছে। সেই ভিডিঅ’ ৰেকৰ্ডা কৰা গাড়ীচালকজনৰ পৰিচয় কেন্দ্ৰীয় কালিমন্তনৰ আৰ্ডি বুলি জানিব পৰা গৈছে।

Smart.gram-এ আপলোড কৰি লিখিছে,- ‘এটা ভয়ংকৰ ঘটনা শেহতীয়াকৈ কেন্দ্ৰীয় কালিমন্তনৰ আৰ্ডি নামৰ এজন ব্যক্তিয়ে আপলোড কৰিছিল। এই ভয়ংকৰ কাণ্ডটো আৰ্ডি ঘৰলৈ যোৱাৰ পথত সংঘটিত হোৱা বুলি জানি পৰা যায়।

Smart.gram-এ উল্লেখ কৰে যে ভিডিঅ’টোত দেখা গৈছে যে নিৰ্জন ৰাস্তাৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত এটা ৰহস্যময় জীৱই গাড়ীচালকজনক আগভেটি ধৰে। জীৱটো দেখি আৰ্ডিক ভয় খোৱা যেন লাগিল আৰু বাৰে বাৰে ইষ্টিগফাৰ বাক্যাংশটো উচ্চাৰণ কৰিলে। ভিডিঅ’টোত আৰ্ডিয়ে ‘আষ্টাঘফিৰুল্লাহালাড্জিম, আস্তাঘফিৰুল্লাহলাজ্জিম, আস্তাঘফিৰুল্লাহলাজ্জিম বুলি উচ্চাৰণ কৰিছে আৰু কৈছে “সেয়া কি, হে আল্লাহ? হে আল্লাহ সেই জীৱটো কি? মোক ক্ষমা কৰা, মোক ক্ষমা কৰা।'

২০২১ চনৰ ৮ এপ্ৰিলত লিখা সেই লেখাটো আপোনালোকে ইয়াত চাব পাৰিব।

এই সমষ্ট তথ্যৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছোঁ যে সেই ভিডিঅ’টো প্ৰকৃততে সঁচাকৈ ভূতৰ ভিডিঅ’ হয় নে নহয় সেই কথা এই মুহূৰ্ততো নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও ভিডিঅ’টো কিন্তু ২০২০ চনৰে পৰা ইণ্টাৰনেটত, বিশেষকৈ ইউটিউৱত উপলব্ধ হৈ আছে। বিভিন্ন সময়ত বিভিন্নজনে সেই ভিডিঅ’টো ভূতৰ বুলি দাবী কৰিছে যদিও সেই ভিডিঅ’টো যে শেহতীয়াভাৱে পলাশবাৰীৰ পৰা ৰাস চাই ওভটাৰ পথত লোৱা ভিডিঅ’ নহয়, সেই কথা নিশ্চিত। অৰ্থাত অসমৰ ফেচবুক ব্যৱহাৰাকাৰীগৰাকীয়ে কৰা দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। সেইটো এটা পুৰণি ভিডিঅ’। ভিডিঅ’টো ২০২০ চনৰে পৰা ইউটিউৱ আদিত আপলোড হৈ আছে। সেই ভিডিঅ’টো পলাশবাৰীৰ পৰা ৰাস চাই ওভাটৰ পথত লোৱা ভিডিঅ’ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে পলাশবাৰীলৈ ৰাস চাবলৈ যোৱাৰ পথত ভূতে আগভেদি ধৰিলে নেকি গাড়ী?

Written By: Pranjal Sharma

Result: False