লিবিয়াত ভূমধ্যসাগৰীয় বিশাল ধুমুহাত বান্ধ ফাটি যোৱা, অট্টালিকা বুৰাই পেলোৱা আৰু পূব উপকূলীয় চহৰ ডেৰ্নাৰ এক চতুৰ্থাংশ পৰ্যন্ত ধ্বংস কৰি পেলোৱা বানপানীত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ হাজাৰ লোক নিৰুদ্দিষ্ট হৈছে। ডেনিয়েল নামৰ এই ধুমুহাত দুটা মথাউৰি ফাটি যোৱাৰ ফলত উপকূলীয় চহৰ ডেৰ্নাত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়।

এই পটভূমিতে বানপানীয়ে যান-বাহন উটুৱাই নিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে যে পানী আৰু বোকাৰ প্ৰচণ্ড সোতে গাড়ীবোৰ উটুৱাই লৈ গৈছে। গাড়ীৰ পৰা জপিয়াই নামি প্ৰান ৰক্ষাৰ বাবে পলাবলৈ চেষ্টা কৰা এগৰাকী যুৱতীত ইয়াত দেখা গৈছে।

আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো লিবিয়াৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি Heraldo de Aragón (হেৰাল্ডো ডি আৰাগন) নামৰ স্পেনিছ ভাষাৰ বাতৰি ৱেবছাইট এটাৰ এক প্ৰতিবেদন পালোঁ। ৭ জুলাইত প্ৰকাশিত এই প্ৰতিবেদনত স্পেইনত হোৱা বানপানীৰ কেইবাটাও ভিজুৱেল আছিল আৰু উল্লেখ কৰা হৈছে যে ভাইৰেল ভিডিঅ’টোত দেশখনৰ জাৰাগোজা চহৰত বানপানীৰ সৃষ্টি হোৱা দেখা গৈছে।

শিলাবৃষ্টিৰ লগতে জাৰাগোজা প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অঞ্চলটোত ব্যাপক ক্ষতিসাধন হৈছে। প্ৰচণ্ড ধুমুহাৰ ফলত পথৰ কিছু অংশতো বানপানীৰ সৃষ্টি হয়, য’ত পানীৰ বৰ্ধিত পৰিমাণৰ বাবে অসংখ্য বাহন স্থবিৰ হৈ পৰে।

অধিক অনুসন্ধানত আমি ২০২৩ চনৰ ১০ জুলাইত ‘‘9 News Australia’’ই ইউটিউবত আপলোড কৰা এটা ভিডিঅ’ৰ পালোঁ, যাৰ শিৰোনাম আছিল ‘স্পেনিছ বানপানীত গাড়ীত আবদ্ধ মহিলা’। ভিডিঅ’টোত বুজাই দিয়া হৈছে যে স্পেইনৰ ভয়ংকৰ বানপানীৰ দৃশ্য এইটোৱেই।

আমি অধিক অনুৰূপ দৃশ্য বিচাৰিলোঁ আৰু এক্স(পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট দেখা পালোঁ য’ত ৭ জুলাইত একেটা ভিডিঅ’ শ্বেয়াৰ কৰি শিৰোনাম দিছিল “স্পেইনত প্ৰচণ্ড বৰষুণৰ পাছত বৃহৎ বানপানীয়ে গাড়ী উটুৱাই নিয়া দৃশ্য”।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত ২০২৩ চনৰ জুলাই মাহত স্পেইনৰ জাৰাগোজাত অহা বানপানীহে দেখা গৈছে। লিবিয়াৰ শেহতীয়াকৈ বানপানীৰ লগত এই ভিডিঅ’ৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:স্পেইনৰ পুৰণি ভিডিঅ’কে লিবিয়াৰ বান আৰু ধুমুহাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: False