শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। ভিন্ন প্ৰান্তৰ ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন ভুল তথ্য বিয়পাই থকা দেখা গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ফেচবুক লিংক পঠিয়াই তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল।

Archived Link

লিংকটো খুলি চাই আমি দেখিলোঁ যে বহু মানুহ একেলগে পৰি থকা দেখা গৈছে আৰু তাত লিখা হৈছে Subhanallah this is really touching 😭😭😭

Ta Allah! Protect the people of Morocco and forgive the dead ones. Ameen 🤲

অৰ্থাত দাবী কৰা হৈছে যে এয়া মৰক্কোৰ ভূমিকম্পত নিহত লোকৰ দৃশ্য।

Facebook Link Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো মৰক্কোৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কী- ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৩ চনৰ ৬ আগষ্টত “Solo Catecumenos” নামৰ ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’কে পালোঁ। এই চেনেলৰ মতে, ভিডিঅ’টো ২০২৩ চনৰ। ২০২৩ চনৰ সংস্কৰণৰ বিশ্ব যুৱ দিৱস (JMJ2023), পৰ্তুগালৰ লিছবনত অনুষ্ঠিত হোৱা বাৰ্ষিক কেথলিক উৎসৱৰ দৃশ্য এয়া।

অধিক অনুসন্ধানত আমি এই পৰিঘটনাৰ সন্দৰ্ভত ২০২৩ চনৰ ৬ আগষ্টত প্ৰকাশিত France 24ৰ এটা প্ৰতিবেদন পাইছিলোঁ। প্ৰতিবেদন অনুসৰি ৫ আগষ্টত লিছবনৰ টেজো পাৰ্কত পোপ ফ্ৰান্সিছৰ সভাপতিত্বত অনুষ্ঠিত বিশ্ব যুৱ দিৱসত অংশগ্ৰহণ কৰিবলৈ ১৫ লাখৰো অধিক লোক সমবেত হয়। ১ আগষ্টৰ পৰা ৬ আগষ্টলৈকে চলি থকা এই অনুষ্ঠানত ৫ আগষ্টত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেথলিক যুৱক-যুৱতীসকল উপস্থিত হৈ দেওবাৰৰ চূড়ান্ত সমাবেশলৈকে ৰৈ নিশাটো তাতেই কটাবলৈ পৰিকল্পনা কৰিছিল। গ্ৰীনৱিইছ মান টাইমৰ ১৯ বজাৰ কিছু সময়ৰ পিছতে পোপে ‘প’পম’বাইল’ত উপস্থিত হয় আৰু এই প্ৰাৰ্থনা ভিজিল এটা বিশাল উৎসৱৰ ৰূপ লাভ কৰে।

এই অনুষ্ঠানৰ সৈতে জড়িত ভিজুৱেলসমূহো আমি France 24ৰ এটা ভিডিঅ’ ৰিপ’ৰ্টত পাইছিলোঁ য’ত টেজো পাৰ্কত মুকলি ঠাইত শুই থকা উপস্থিতসকলৰ ভিজুৱেল দেখুওৱা হৈছে।

ইয়াৰ পৰা বুজা যায় যে এই ঘটনাটো প্ৰায় এমাহ পূৰ্বে পৰ্টুগালৰ লিবছনত সংঘটিত হৈছিল। মৰক্কোৰ বৰ্তমানৰ পৰিস্থিতি প্ৰতিফলিত কৰা নাই এই ভিডিঅ’টোৱে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ঘটনাটো প্ৰায় এমাহ পূৰ্বে পৰ্টুগালৰ লিবছনত সংঘটিত হৈছিল। লিবছনত আয়োজিত বিশ্ব যুৱ দিৱসৰ দৃশ্য হে এয়া। এই ভিডিঅ’টোৱে মৰক্কোৰ বৰ্তমানৰ পৰিস্থিতি প্ৰতিফলিত কৰা নাই ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: পৰ্টুগালৰ বিশ্ব যুৱ দিৱসৰ দৃশ্যকে মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False