দেশৰ চৰ্চিত আৰু বহু সময়ত বিতৰ্কিত মডেল-অভিনেত্ৰী পুনম পাণ্ডেৰ ৩২ বছৰ বয়সত চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই চৌপাশে এক আশ্বৰ্যৰ বাতাবৰণ সৃষ্টি হয়। অনুৰাগীসকলে সেই কথা মানি ল’বলৈ টান পায় আৰু শোক প্ৰকাশ কৰে। সেই প্ৰেক্ষাপটতে মৃত্যুশয্যাত পুনম পাণ্ডে বুলি দাবী কৰি এখন ফটো ভাইৰেল হৈ পৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে পুনম পাণ্ডেৰ মৃত্যুৰ খবৰটো পোষ্ট কৰি সেই বিশেষ ফটোখন আপলোড কৰা দেখা গৈছে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? ফটোত থকা মহিলাগৰাকী মডেল পুনম পাণ্ডে হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে সেই ফটোখন লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০১৮ চনৰ ২৪ চেপ্তেম্বৰত ইউটিউৱত আপলোড হৈ থকা এটা ভিডিঅ’ পালোঁ। ভিবিঅ’টোত কেপছন লিখা আছিল- “Poonam pandey | arsha pandey hospital viral video”. ভিডিঅ’টোত দেখিলোঁ যে ফেচবুক ব্যৱহাৰকাৰীজনে ব্যৱহাৰ কৰা ফটোখনৰ মহিলাগৰাকী হাস্পতালৰ বিচনাত আহত অৱস্থাত পৰি থকা দেখা গৈছে আৰু তেওঁ কোনো এটা ঘটনা সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আছে।

এই ভিডিঅ’টোৰ সুত্ৰ ধৰি আমি কিছুমান প্ৰাসংগিক কী-ৱৰ্ড লৈ গুগলত সন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া ২০১৮ চনত উত্তৰাখণ্ডৰ হালড্ৱানীত সংঘটিত হোৱা এক ডকাইতি আৰু হত্যকাণ্ড সন্দৰ্ভত সবিশেষ কিছুমান তথ্য লাভ কৰিলোঁ। বিভিন্ন সংবাদ প্ৰতিস্থানত প্ৰকাশিত খবৰ অনুসৰি হালড্ৱানীত সেইটো আছিল অনুৰূপ তৃতীয়টো ঘটনা। দিনৰ পোহৰতেই এজন স্থানীয় ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি ডকাইতে ব্যৱসায়ীজনৰ ৪২ বছৰীয়া পত্নী পুনম পাণ্ডে আৰু তেওঁলোকৰ পোহনীয়া কুকুৰটোক গুলীয়াই হত্যা কৰে। সেই ঘটনা ৰোধ কৰিবলৈ যাওতে তেওঁলোকৰ ১৯ বছৰীয়া কন্যা আৰ্শ্বা পাণ্ডে গুৰুতৰভাৱে আহত হয়।

সেই ঘটনাটো সম্পৰ্কত ২০১৮চনতে প্ৰকাশ হোৱা বিভিন্ন বাতৰি আপোনালোকে ইয়াত ইয়াত, ইয়াত, আৰু ইয়াত পঢ়িব পাৰিব।

ওপৰোক্ত ইউটিউৱ ভিডিঅ’টোত সেই ঘটনাত গুৰুতৰভাৱে আহত হৈ হাস্পতালত ভৰ্তি হোৱা আৰ্শ্বা পাণ্ডেক দেখা গৈছে।

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিপূৰ্বেও পুনম পাণ্ডেক তেওঁৰ পূৰ্বৰ স্বামীয়ে প্ৰহাৰ কৰি আহত কৰোঁতে হাস্পতালত ভৰ্তি হোৱাৰ সময়ত এই একেখন ফটোৱেই তেওঁৰ ফটো বুলি ভাইৰেল হৈ পৰিছিল। সেই সময়তো আমি সেই ফটোখনৰ সত্যতা নিৰূপণ কৰি স্পষ্ট কৰিছিলোঁ যে ফটোখন পুনম পাণ্ডেৰ নহয়।

আপোনালোকে আমাৰ সেই সময়ৰ সত্যতা নিৰূপণ ইয়াত পঢ়িব পাৰিব।

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিল যে ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে মডেল পুনম পাণ্ডেৰ মৃত্যুৰ খবৰটোৰ সৈতে ব্যৱহাৰ কৰা ফটোখন পুনম পাণ্ডেৰ নহয়। সেই ফটোখন ২০১৮চনত উত্তৰাখণ্ডৰ হালড্ৱানীত সংঘটিত হোৱা এটা ডকাইতি আৰু হত্যাকাণ্ডত আহত হোৱা আৰ্শ্বা পাণ্ডে নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ হে। গতিকে ফেচবুক পোষ্টটোৰ দ্বাৰা কৰা দাবীটো আংশিকভাৱে মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো আংশিকভাৱে মিছা। সেই ফটোখন ২০১৮চনত উত্তৰাখণ্ডৰ হালড্ৱানীত সংঘটিত হোৱা এটা ডকাইতি আৰু হত্যাকাণ্ডত আহত হোৱা আৰ্শ্বা পাণ্ডে নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ হে। ফটোখন মডেল পুনম পাণ্ডেৰ মৃতদেহৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: ৫বছৰ পুৰণি ফটো মডেল পুনম পাণ্ডেৰ মৃতদেহ বুলি ব্যৱহাৰ কৰা হৈছে।

Written By: Fact Crescendo Team

Result: Partly False