৭ চেপ্তেম্বৰ ২০২৩ বৃহস্পতিবাৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত এগৰাকী ব্যৱহাৰকাৰীয়ে যোগাযোগ কৰি এই তথ্যৰ সত্যতা জানিব বিচাৰলে যে Reynolds 045 FINE CARBURE কলম বন্ধটো এতিয়াৰ পৰা বন্ধ হৈ যাব নেকি।

Archived Link

আমাৰ ফেক্টলাইন নম্বৰত সেই আবেদন লাভ কৰি আমি এই সম্পৰ্কে চ’ছিয়েল মিডিয়াত কোনো ধৰণৰ পোষ্ট বা দাবী আছে নেকি বিচাৰি চালোঁ। তেতিয়া আমি তেনেকুৱা একেধৰণৰ পোষ্ট ফেচবুকতো লাভ কৰিলোঁ। দুটা বেলেগ বেলেগ গ্ৰুপত কৰা পোষ্ট দুটাৰে দাবী কৰা হৈছে যে ৯০ দশকৰ প্ৰায় প্ৰতিগাৰীক শিক্ষাৰ্থীৰ পছন্দৰ Reynolds 045 FINE CARBURE কলম বন্ধ হৈ যাব।

Facebook LinkArchived Link

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেই কলমটো বন্ধ হৈ যাব নেকি?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ ভাইৰেল দাবীৰ সৈতে জড়িত বাতৰি বা কোনোৰ সম্ভেদ ঘোষণা বিচাৰি। কিন্তু আমি কোনো ধৰণৰ বাতৰি বা প্ৰতিবেদন পোৱা নাছিলো যিয়ে নিশ্চিত কৰে যে ৰেইনল্ডছে বজাৰত নিজৰ 045 Fine CARBURE পেন বিক্ৰী কৰা বন্ধ কৰি দিছে।

অধিক আগবাঢ়ি গৈ আমি ৰেইনল্ডছৰ ৱেবছাইট, ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজত এটা স্পষ্টীকৰণ পালোঁ, য’ত লিখা আছিল: “শেহতীয়া এক ভুল তথ্যৰ সংক্ৰান্তত আমি স্পষ্ট কৰিব বিচাৰিছো: প্ৰচাৰিত তথ্যসমূহ মিছা। আমি আমাৰ অংশীদাৰ আৰু গ্ৰাহকসকলক প্ৰকৃত আৰু সঠিক আপডেটৰ বাবে আমাৰ অফিচিয়েল ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া চেনেলসমূহ চাবলৈ দৃঢ়ভাৱে পৰামৰ্শ দিওঁ। এই জাননী ৰেইনল্ডছ ইণ্ডিয়া মেনেজমেণ্টে ২০২৩ চনৰ ২৪ আগষ্টত জাৰি কৰিছিল।

বাৰ্তাটোত উল্লেখ কৰা হৈছে যে ৰেইনল্ডছৰ কলমৰ বিষয়ে “শেহতীয়া এই তথ্য বিভ্ৰান্তিকৰ আৰু ভুল”, ৰেইনল্ডছে মানুহক সঠিক তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া পেজ আৰু ৱেবছাইট পৰীক্ষা কৰিবলৈ আহ্বান কৰে।

আমি লগতে ৰেইনল্ডছৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিলোঁ আৰু তেওঁলোকে আমাক কয় যে ভাইৰেল বাৰ্তাটো অসত্য আৰু কোম্পানীটোৱে নিজৰ পৰিষৰ বৃদ্ধিৰ পৰ্যায়তহে আছে। ভাৰতত নিজৰ প্ৰডাক্ট লাইনৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে। ৰেইনল্ডছৰ ৱেবছাইট আৰু এমাজনত বিক্ৰীৰ বাবে উপলব্ধ হৈ আছে এই কলমটো। এই কলমটো যদি বজাৰত বন্ধ কৰি দিয়া হ’লহেঁতেন তেন্তে অনলাইন বিক্ৰীৰ বাবেও উপলব্ধ নহ’লহেঁতেন।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো মিছা। ৰেইনল্ডছ পেনে ভাৰতৰ বজাৰ এৰিব পৰা নাই আৰু ৰেইনল্ডছে ভাইৰেল দাবীক ভুৱা বুলি অভিহিত কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰেইনল্ডছে তেওঁলোকৰ Reynolds 045 FINE CARBURE কলম বন্ধ কৰা নাই। এয়া উৰা বাতৰি।

Written By: Pranjal Sharma

Result: False