
শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। কিছুমান পোষ্টত দেখা গৈছে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমুৰ্তিৰ ভগ্ন মূৰ এটাৰ ফটো আপলোড কৰি বাংলাদেশৰ শেহতীয়া অশান্তিত কোনো চক্ৰই ভাঙি পেলাৱো বুলি দাবী কৰিছে।
আন এটা তেনেকুৱা পোষ্টত লিখিছে- ভাৱিছিলোঁ বাংলাদেশৰ ঘটনাটোলৈ কোনো ধৰণৰ সামাজিক মাধ্যম প্ৰক্ৰিয়া নিদিওঁ, কিন্তু থাকিব নোৱাৰিলোঁ। যিজন মানুহক ভাৰত বাংলাদেশক ৰাষ্ট্ৰীয় সংগীত দিছে, সেই জন মহান কবি গুৰুৰ প্ৰতি মূৰ্তি ভাঙি ছিঙি দেখা পালে কেনেকৈ চুপ থাকিব পাৰি। ” আমাৰ সোনাৰ বাংলা আমি তোমায় ভালোবাসি” এই বাংলাদেশৰ জাতীয় সংগীতটো ৰচনা কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি মূৰ্তি যোৱাকালি বাংলাদেশৰ ছাত্ৰ সমাজে ভাঙি চূৰমাৰ কৰিলে। বাংলাদেশৰ ছাত্ৰ সমাজক তিব্ৰ ধিক্কাৰ জনাইছোঁ।
তদুপৰি আন কেইজনমান ফেচবুক ব্যৱহাৰকাৰীয়েও অনুৰূপ দাবীৰে সেই ফটোখন আপলোড কৰিছে।
আন দুটামান তেনেকুৱা পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। সকলো পোষ্টতেই দাবী কৰা হৈছে যে ৰবীন্দ্ৰনাথৰ চিন্নমুণ্ডটো বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত ভাঙি পেলোৱা মুৰ্তিৰ।
কেৱল ইমানেই নহয়, এটা বিশেষ ভিডিঅ’ও প্ৰচাৰ হৈছে ব্যাপকভাৱে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ লোকে কবিগুৰু তথা বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্ণাৱয়ব মুৰ্তি এটা স্থানান্তৰ কৰি আছে। মুৰ্তিটোৰ মুখত নীলা ৰঙৰ টেপ লগোৱা আৰু হাতত থকা নবেল বিজয়ী গীতাঞ্জলীখনত এটা প্ৰকাণ্ড গজালেৰে ফুটা কৰি থোৱা আছে।
আন এজন ব্যৱহাৰকাৰীয়ে সেই একেটি ভিডিঅ’ আপলোড কৰি একেই দাবী কৰিছে।
তদুপৰি আন একাধিক অনুৰূপ ভিডিঅ’ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু এই দাবী সত্য হয়নে? ফটোখন আৰু ভিডিঅ’টো বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ফটোখনৰ সত্যতা নিৰূপণৰ বাবে সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক বাতৰিৰি লিংক লাভ কৰিলোঁ। ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পুনে মিৰৰ নামৰ সংবাদ প্ৰতিস্থানে প্ৰকাশ কৰা এটা বাতৰি লাভ কৰিলোঁ। সেই বাতৰি মতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে স্থাপন কৰা ৰবীন্দ্ৰনাথৰ প্ৰতিমুৰ্তি এটা তাৰ পৰা স্থানান্তৰ কৰা হৈছিল আৰু সেই মুৰ্তিটোৰ মুৰটো ওচৰৰে এক স্থানত উদ্ধাৰ হৈছিল। সেই ফটোখন সেই মুৰ্তিটোৰ মুৰ অংশটোৰে।
সেই একেই বাতৰি আমি ঢাকা ট্ৰিবিউন নামৰ সংবাদ প্ৰতিস্থানতো পালোঁ।
ইয়াৰ পৰা প্ৰমাণ হৈ গ’ল যে ৰবীন্দ্ৰনাথৰ মুৰ্তিৰ যিটো চিন্নমুণ্ডৰ ফটো শেহতীয়া বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে পুৰণি অৰ্থাত ২০২৩চনৰে। এতিয়াৰ পৰিস্থিতিৰ সৈতে একো সম্পৰ্ক নাই সেই ফটোৰ।
এইবাৰ আমি সন্ধান আৰম্ভ কৰিলোঁ ভাইৰেল হোৱা আনটো দাবীৰ সত্যতাৰ। দাবী কৰা হৈছে যে ৰবীন্দ্ৰনাথৰ পূৰ্ণাৱয়ব মুৰ্তিটো শেহতীয়ভাৱে বাংলাদেশৰ বিক্ষোভকাৰীয়ে ভাঙি পেলাইছে। সেই ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ যে তাত ‘প্ৰথম আলো’ নামৰ সংবাদ প্ৰতিস্থানৰ ল’গো আছে। সেই সূত্ৰ ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি ২০২৩ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰকাশিত বাতৰি এটা পালোঁ। বাতৰিটোত লিখা হৈছে যে ৰবীন্দ্ৰনাথ নিখোজ হৈছে। অৰ্থাত যি স্থানত ৰবীন্দ্ৰনাথৰ প্ৰতিমুৰ্তিটো স্থাপন কৰা হৈছিল,তাত এতিয়া নাই। তাৰেই আঁত ধৰি আমি একাধিক ইউটিউৱ ভিডিঅ’ পালোঁ, য’ত উল্লেখ কৰা হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদকল্পে যিটো প্ৰতিমুৰ্তি প্ৰতিস্থা কৰিছিল, ৰবীন্দ্ৰনাথৰ সেই প্ৰতিমুৰ্তিটো পাছত আঁতৰ কৰাৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছে।
অনুৰূপ আন এক বাতৰি আমি ইউটিউৱত লাভ কৰিলোঁ।
আমি ইয়াকো জানিব পাৰিলোঁ যে পৰৱৰ্তী সময়ত তাত আন এক প্ৰতিমুৰ্তি প্ৰতিস্থাৰ দিহা কৰা হয়। সেই বাতৰি ইয়াত পঢ়িবলৈ পাব।
সেই সম্পৰ্কে বাতৰি আমি ইউটিউৱতো পালোঁ।
আন এক অনুৰূপ বাতৰি তলত দিয়া হৈছে।
এই সমস্ত তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ এতিয়াৰ অথবা বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো এতিয়াৰ নহয়। সেইটো পুৰণি অৰ্থাত ২০২৩ চনৰ ফেব্ৰুৱাৰীৰে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৰবীন্দ্ৰনাথৰ মুৰ্তিৰ চিন্নমুণ্ডৰ যিখন ফটো আৰু মুখত টেপ লগোৱা প্ৰতিমুৰ্তিৰ যিটো ভিডিঅ’ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বুলি ভাইৰেল কৰা হৈছে, সেয়া আচলতে পুৰণি। ২০২৩চনৰে। বৰ্তমানৰ লগত তাৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশত ৰবীন্দ্ৰনাথৰ মুৰ্তি ধ্বংস কৰা বুলি দাবী কৰি পুৰণি ফটো আৰু ভিডিঅ’ ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
