
শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা ৩০ ছেকেণ্ডৰ বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে বহুকেইগৰাকী মহিলাই ৰঙীন সাজ-পোছাক পৰিধান কৰি বহু উৎসাহ আৰু উদ্যমেৰে গৰ্বা নৃত্য কৰিছে। লগতে সেই দলটোত আমি লক্ষ্য কৰিলোঁ ক’লা ৱেইষ্টকোট পিন্ধা এজন পুৰুষে মহিলাসকলৰ সৈতে নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই দাবীৰে যে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে গৰ্বাত অংশগ্ৰহন কৰিছে।”

আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈও এই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিধৰণৰ সাজ পোচাক পৰিধান কৰে, সেইধৰণৰ বস্ত্ৰসম্ভাৰ পৰিহিত ব্যক্তিগৰাকী মোদী বুলি দাবী কৰিয়েই ভিডিঅ’টো ভাইৰেল কৰা হৈছে।
আনকি আমি প্ৰাথমিক অনুসন্ধানত এক্স(পূৰ্বৰ টুইটাৰ)তো একেই দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা একাধিক টুইট লাভ কৰিলোঁ।
কিন্তু এই দাবীটো সত্য হয়নে? গৰ্বা নাচি থকা ব্যক্তিগৰাকী সঁচাকৈয়ে মোদী হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে প্ৰাসংগিক কিছুমান কী-ৱৰ্ড চাৰ্চ আৰু কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চৰ সংমিশ্ৰণেৰে বিচাৰ খোচাৰ আৰম্ভ কৰোঁতে প্ৰধানমন্ত্ৰী মোদীৰ দৰেই সাইলাখ দেখাত বিকাশ মোহন্তেৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ। তেওঁৰ ইনষ্টাগ্ৰামত আমি দেখিলোঁ যে তেওঁ একেই কাপোৰ পিন্ধি মুম্বাইৰ কোৰাকেন্দ্ৰত নৱৰাত্ৰিৰ পূৰ্বৰ উৎসৱত অংশগ্ৰহণ কৰিছিল বুলি কেপচনত উল্লেখ কৰি ভিডিঅ’ আপলোড কৰিছে।

আমি সেই ব্যক্তিগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো পৰীক্ষা কৰি দেখিলোঁ যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ লুকএলাইক, অৰ্থাত ৰূপৰ সাদৃশ্য থকা ব্যক্তি আৰু তেওঁ সেই ৰূপ ধাৰণ কৰিয়েই বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

তদুপৰি আমি একাউণ্টটোত সেইটো ভিডিঅ’ পালোঁ,যিটো ভাইৰেল হৈ পৰিছে।
তেওঁ লণ্ডন দিৱালী মেলা, লোখণ্ডৱালা বিগেষ্ট নৱৰাত্ৰী আদি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ভিডিঅ’ও আপলোড কৰা আমি দেখিলোঁ।
ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিল যে যিটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে, সেইটো ভিডিঅ’ত দেখা মানুহজন মোদী নহয়। বৰং মোদীৰ দৰে দেখাত প্ৰায় একে আন এগৰাকী ব্যক্তি বিকাশ মোহান্তে হে। তেওঁ মোদীৰ দৰে দেখাত একেই বাবেই এইদৰে বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰে আৰু চ’ছিয়েল মিডিয়াত সক্ৰিয় হৈয়ো থাকে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল হোৱা ভিডিঅ’টোত সেয়া প্ৰধানমন্ত্ৰী মোদী নহয়। তেওঁ মোদীৰ দৰে দেখাত সাদৃশ্য থকা বিকাশ মোহান্তে নামৰ অইন ব্যক্তি এগৰাকী হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰধানমন্ত্ৰী মোদীয়ে সঁচাকৈ এইদৰে বহু মহিলাৰ সৈতে গৰ্বা নাচিছে নেকি? সত্যটো জানক।
Written By: Pranjal SharmaResult: False
