শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাইৰেল হোৱা লিংকটোত হিন্দী ভাষাত লিখা হৈছে যে ১২ জুলাইত অনন্ত আম্বানীৰ বিবাহ উপলক্ষে জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে সমগ্ৰ দেশবাসীক তিনি মাহৰ বাবে ৭৪৯ টকাৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰিছে। তলত থকা নীলা ৰঙৰ লিংকটোত ক্লিক কৰি সেই সুবিধা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে মেছেজটোত। বিভিন্নজনৰ হোৱাটছএপত সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

আমি দেখিলোঁ যে লিংকটোৰ ইউআৰএলত ৰিলায়েন্স জিঅ’ৰ কোনো উল্লেখ নাই। আমি তলত কিছুমান কমেণ্ট পালোঁ যদিও সেই একাউণ্টসমুহৰ সৈতে সংযুক্ত হোৱাৰ কোনো উপায় নাই।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে ক্লিক কৰি আগুৱাই গৈ থাকিলোঁ। তেতিয়া তাত এটা নিজৰ নম্বৰটো দিয়াৰ নিৰ্দেশ আহিল। আমি এটা ভুল নম্বৰ দি চালোঁ। কিন্তু তাৰ পাছতো ৰিছাৰ্জৰ সুবিধাটো লাভ কৰা বুলি উল্লেখ কৰা হ’ল আৰু সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ। ইতিপূৰ্বেও আমি এইধৰণ বিভিন্ন ভাইৰেল লিংকৰ সত্যতা নিৰূপণ কৰোতে এটা অভিজ্ঞতা লাভ কৰিছিলোঁ যে সকলো লিংকেই শেষত গৈ সেই লিংকটো হোৱাটছএপত শ্বেয়াৰ কৰা নিৰ্দেশত শেষ হয় আৰু তাৰ পাছত হয়তো আন কোনো এপ ডাউনলোডৰ অপছন আছে অথবা কোনো ধৰণৰ উল্লিখিত সুবিধা লাভ কৰা নাযায়। এইবাৰো ঠিক তেনেকুৱায়ে হৈছিল।

লিংকটো ভুৱা বুলি হোৱা আমাৰ সন্দেহ কিছু পৰিমানে গাঢ় হোৱাত আমি অধিক অনুসন্ধানৰ বাবে প্ৰথমে ৰিলায়েন্স গ্ৰুপৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত থকা ৰিলায়েন্স কমিউনিকেছনৰ শিতানত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

ইয়াৰ পাছত আমি চালোঁ জিঅ’ৰ অফিচিয়েল ৱেবছাইটটো। তাতো তেনেকুৱা একো নাপালোঁ।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ জিঅ’ৰ ফেচবুক পেজটো। তাত আমি এই ধৰণৰ কোনো সুবিধাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট নাপালোঁ।

আনকি জিঅ’ৰ এক্স হেণ্ডেলতো কোনো ধৰণৰ তেনেকুৱা অফাৰ বা সুবিধাৰ কথা উল্লেখ কৰি দিয়া টুইট নেদেখিলোঁ।

জিঅ’ৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই কোনো অফাৰ বা উপহাৰৰ পোষ্ট নেদেখিলোঁ।

শেষত আমি ইউটিউৱত এই সম্পৰ্কত প্ৰাসংগিক কী-ৱৰ্ড দি চাৰ্ছ কৰোতে মাত্ৰ দুদিন পূৰ্বে আপলোড হোৱা কিছুমান ভিডিঅ’ পালোঁ।সেই ভিডিঅ’টোত আমি দেখিলোঁ যে অনুৰূপ ধৰণৰ লিংকৰ কথাকে ব্যৱহাৰিকভাৱে দেখুৱাই দিয়া হৈছে। প্ৰমান কৰি দিছে যে সেই লিংকটো ভুৱা। আমি ভিডিঅ’ত দেখুওৱা লিংকটো আৰু তাৰ ব্যৱস্থাখিনি বৰ্তমান শ্বেয়াৰ হোৱা লিংকটোৰ সৈতে একেবাৰে একেই দেখিলোঁ। তাত কোৱা হৈছে কিদৰে এই লিংকে ব্যৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে , সেই কথা দেখুওৱা হৈছে। সেই ভিডিঅ’টোত দেখুওৱা প্ৰক্ৰিয়াটো আৰু এতিয়া শ্বেয়াৰ হোৱা লিংকটোৰ প্ৰক্ৰিয়াটো একেই।

আন এটা ভিডিঅ’তো সেই লিংকটোৰ বিষয়ে ব্যৱহাৰিকভাৱে দেখুৱাই লিংকটো ভুৱা বুলি প্ৰমান কৰি দেখুওৱা আমি দেখা পালোঁ।

ৰিলায়েন্স গ্ৰুপ, আৰু জিঅ’ৰ ৱেবছাইট তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত কোনো অফাৰ বা ফ্ৰী ৰিচাৰ্জৰ পোষ্ট নাপালোঁ আৰু ইউটিউৱত আমি লাভ কৰা লিংকৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। মুকেশ আম্বানী অৰ্থাত জিঅ’ৰ স্বত্বাধিকাৰীয়ে নিজৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে কোনো ধৰণৰ ফ্ৰী ৰিচাৰ্জ প্ৰদান কৰা নাই। এই দাবী মিছা।

এইখিনিটো উল্লেখ কৰিব বিচাৰিছোঁ যে সময়ে সময়ে এইধৰণ ভুৱা লিংক প্ৰচাৰ হৈ থাকে। আমি ফেক্ট ক্ৰেছেণ্ডোৱে এইধৰণৰ ভুৱা লিংকৰ সত্যতা নিৰূপণ কৰি আহিছোঁ। অতি শেহতীয়াকৈ যোৱা মাৰ্চ ২০২৪ত বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা ফ্ৰী ৰিছাৰ্জ দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা লিংক এটাৰ সত্যতা নিৰূপণ কৰি আপোনালোকক জনাইছিলোঁ যে সেই লিংকটো ভুৱা।

সেই লেখাটো আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

পাঠক সকললৈ আহ্বান

সময়ে সময়ে এইধৰণৰ ভুৱা লিংক হোৱাটছএপত ভাইৰেল হৈ থাকে। দেখা মাত্ৰকে সেই লিংকত ক্লিক কৰি বিপদত নপৰিব। এইধৰণৰ লিংকৰ জাল পাতি দুষ্ট চক্ৰই ডাটা হৰলুকি কৰাৰ পৰা আৰম্ভ কৰি হেকিঙলৈকে বিভিন্ন অপৰাধ সংঘটিত কৰে। তেনেকুৱা কোনো লিংক পালেই আমাৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰক আৰু সেই লিংকৰ সত্যতা জানক। আমাৰ 24/7 ফেক্ট লাইন নম্বৰ 9049053770।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। জিঅ’ৰ স্বত্বাধিকাৰী ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই। লিংকটো ভুৱা।

Fact Check By: Pranjal Sharma

Result: False