
শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক একাউণ্টত সেই ভিডিঅ’টো আপলোড কৰি ভিডিঅ’টোৰ ওপৰত লিখি দিয়া হৈছে- “সচা কথা কোৱাৰ বাবে ধন্যবাদ। ধুবুৰীত ৰকিবুল হুছেইন জিকিব” । ভিডিঅ’টোত অসমৰ ৰাজনৈতিক দল এআইইউডিএফৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ আৰু সদ্যঘোষিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত দহ লাখতকৈয়ো অধিক ভোটত পৰাস্ত হোৱা মৌলানা বদৰুদ্দিন আজমলক সাক্ষাৎকাৰ দি থকা দেখা গৈছে। অতিকৈ চুটি ভিডিঅ’ ক্লিপটো শুনা গৈছে যে আজমলে ধুবুৰীত তেওঁৰ প্ৰতিদ্বণ্ডী ৰকিবুল হুছেইন জিকিব আৰু তেওঁলোক জিকাৰ প্ৰশ্নয়ে নুঠে বুলি কৈছে। দেখা গৈছে যে তেওঁ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, বৈদ্যুতিন সংবাদ প্ৰতিস্থান NEWS 18 অসম নৰ্থ ইষ্টৰ বিপুল বৰ্মনৰ আগত কথাখিনি কৈ আছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো একাধিকবাৰ ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। অতিকৈ চুটি সেই ক্লিপটোৰ মাজত যটি পৰা দেখা পালোঁ। আমাৰ সন্দেহ ওপজাত আমি ভিডিঅ’টোৰ মূল উৎস বিচাৰি বৈদ্যুতিন সংবাদ প্ৰতিস্থান NEWS18 অসম নৰ্থ-ইষ্টৰ ফেচবুক পেজত সেই সাক্ষাৎকাৰটোৰ সন্ধান কৰিলোঁ। তেতিক্ষণে আমি যোৱা ১ জুন ২০২৪ত সংবাদ প্ৰতিস্থানটোৱে আপলোড কৰা সেই মূল সাক্ষাৎকাৰটো পালোঁ। মুঠ ১৪ মিনিট ৪৯ চেকেণ্ডৰ সেই দীঘলীয়া সাক্ষাৎকাৰটো অন্তলৈকে চালোঁ। তেতিয়া আমি জানিব পাৰিলোঁ যো বদৰুদ্দিন আজমলক যেতিয়া সাংবাদিক বিপুল বৰ্মনে ১২ মিনিট ৪০ চেকেণ্ড পাৰ হৈ যোৱাৰ পাছত প্ৰশ্ন কৰিছিল যে যদি অসমত তেওঁলোকে এখনো আসন নাপায় আৰু শূণ্য হৈ যায়, তেতিয়া তেওঁলোকৰ পৰৱৰ্তী সময়ত যুঁজ কেনেকুৱা হ’ব? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আজমলৰ জিভা পিছলি তেওঁলোকৰ হৰাৰ প্ৰশ্নয়ে নুঠেৰ সলনি জিকাৰ প্ৰশ্নয়ে নুঠে বুলি কৈছিল যদিও ক্ষণিকতে কথাটো নিজৰ বক্তব্যৰ সমৰ্থনলৈ আনি ৰকিবুল হুছেইন পৰাস্ত হ’ব আৰু তেওঁলোকে জয়লাভ কৰিব বুলি একাধিকাৰ দোহাৰে। তেখেত কয়- “ৰকিবুল চাহাব হাৰিব,ৰকিবুল চাহাব হাৰিব,ৰকিবুল চাহাব হাৰিব, ইউডিএফ জিকিব,ইউডিএফ জিকিব,ইউডিএফ জিকিব,”।
NEWS18 অসম নৰ্থ-ইষ্টৰ ইউটিউৱ চেনেলতো যোৱা ৩১ মে’ ২০২৪ত Badruddin Ajmal : ‘মই তিনিবাৰ জিকিছো এইবাৰো জিকিম’- আজমল N18V শীৰ্ষক সাক্ষাৎকাৰটো আমি পালোঁ। তাতো ১১ মিনিট ৫৭ চেকেণ্ডৰ পৰা সেই প্ৰশ্নোত্তৰ পৰ্বটো আমি দেখিলোঁ। একেটা সাক্ষাৎকাৰেই ইয়াত আপলোড কৰা হৈছিল।
শেষত আমি সেই সাক্ষাৎকাৰটো গ্ৰহণ কৰা সাংবাদিক বিপুল বৰ্মনৰ সৈতে ফোনযোগে যোগাযোগ কৰি এই বিষয়ে জনাৰ আগ্ৰহ প্ৰকাশ কৰাত তেখেতে কয় যে মৌলানা বদৰুদ্দিন আজমলে আচলতে ৰকিবুল হুছেইন জিকাৰ প্ৰশ্নয়ে নুঠে বুলি ক’বলৈ প্ৰয়াস কৰোতে জিভা পিছলি তেওঁলোক জিকাৰ প্ৰশ্নয়ে নুঠে বুলি ক্ষণিকৰ বাবে মুখেৰে ওলাই গৈছিল যদিও পৰিস্থিতি চম্ভালি লৈ তেওঁ নিজৰ উত্তৰত কয় যে ৰকিবুল হুছেইন হাৰিব আৰু তেওঁলোকেই জিকিব।
মূল সাক্ষাৎকাৰটো চাই তথা সাক্ষাৎ গ্ৰহণকাৰী বিপুল বৰ্মনৰ সৈতে কথা মাতি আমি জানিব পাৰিলোঁ যে সেই সাক্ষাৎকাৰটোৰ পৰা ক্ষুদ্ৰাংশ কৰ্তন কৰি আনি সম্পাদনা কৰি ফেচবুক একাউণ্টটোত সেইদৰে উপস্থাপন কৰা হৈছে। ই এক বিভ্ৰান্তিকৰ ভিডিঅ’ হিচাপে বিবেচিত হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে প্ৰশ্নোত্তৰত তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰকিবুল হুছেইন পৰাস্ত হ’ব বুলি সজোৰে ক’বলৈ গৈ জিভা পিছলি এপাকত তেওঁলোক জিকাৰ প্ৰশ্নয়ে নুঠে বুলি কৈ পাইছিল। কিন্তু প্ৰকৃততে তেওঁ নিজৰ দলৰ জয়লাভৰ নিশ্চিতি দিবলৈ গৈ হে সেই কথাৰ অৱতাৰণা কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বদৰুদ্দিন আজমলে জিভা পিছলি ৰবিকুল হুছেইনেই জয়লাভ কৰিব আৰু তেওঁ জিকাৰ প্ৰশ্নয়ে নাই বুলি কৈছিল
Written By: Pranjal SharmaResult: Misleading
