শেহতীয়াকৈ অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ হোৱা দেখা গৈছে। দুটি কণমানিৰ মৃতদেহৰ ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ইজাইৰলী সেনাই সেই ভাতৃ-ভগ্নীহালক পানী আনিবলৈ যাওকে হত্যা কৰিছে। ফটোখন শ্বেয়াৰ কৰি কেপছনত লিখিছে -এহাল পেলেষ্টাইনী ভাই-ভনী পানী আনিবলৈ গৈছিল আৰু ইজৰাইলী সৈন্যই সিহঁতক হত্যা কৰিছিল।

সৰু ভাইটিয়ে ভনীয়েকৰ মৃতদেহ ঘৰলৈ টানি লৈ গ’ল। ইজৰাইলে তেওঁলোকক এইদৰে প্ৰকৃত নাজী কি সেইটো দেখুৱাই দিলে।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এক্সত (পূৰ্বৰ টুইটাৰ) শ্বেয়াৰ কৰা এটা পোষ্টত ফটোখন পালোঁ।

ঠিক তেনেদৰে টাইজত সংঘটিত এটা ঘটনাৰ সৈতে ফেচবুকত কৰা দাবীটোৰ মিল থকা যেন লাগিল। ২০২০ চনৰ আগষ্ট মাহত য়েমেন অনলাইনত প্ৰকাশিত এটা লেখাত উল্লেখ কৰা হৈছিল যে প্ৰায় ৯ বা দহ বছৰীয়া ৰুবাইদা ছালেহ নামৰ এগৰাকী কণমানি ছোৱালীক পৰিয়ালৰ বাবে ২০ লিটাৰৰ পানীৰ পাত্ৰ এটা কঢ়িয়াই অনাৰ সময়ত টাইজত এজন হাউথী স্নাইপাৰে গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠিছিল। ৱেবচাইটটোৱে এই কাণ্ডৰ ফটোও ছ’চিয়েল মিডিয়াত প্ৰকাশ আৰু শ্বেয়াৰ কৰাৰ ইংগিত দিছিল, য’ত ছালেহৰ এজন ভাতৃয়ে তেওঁৰ মৃতদেহটো গুলী চলোৱা ঠাইৰ পৰা আঁতৰাই টানি লৈ গৈছিল।

ইয়াৰ উপৰিও বৰ্তমানৰ ইজৰাইল-হামাছ সংঘাতৰ বিষয়ে শেহতীয়াকৈ প্ৰকাশিত কোনো বিশ্বাসযোগ্য বাতৰিত ফেচবুকৰ ছবিখন অন্তৰ্ভুক্ত কৰা দেখা যোৱা নাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু বা আইডিএফেও এই কথিত দাবীৰ সন্দৰ্ভত ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা দেখা নাই।

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰে যে এই ফটোখন শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ নহয়। ২০২০-২১ চনত য়েমেনত সংঘটিত এটা ঘটনাৰ হে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। সেইটো ২০২০-২১ চন মানৰ পুৰণি ঘটনা। য়েমেনত সংঘটিত হৈছিল সেই ঘটনাটো। শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সৈতে ইয়াৰ সম্পৰ্ক নাই

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলী সেনাই পানী আনিবলৈ যোৱা পেলেষ্টাইনী ভাই-ভনী এহালক হত্যা কৰাটো সত্যনে?

Written By: Pranjal Sharma

Result: False