২২ জানুৱাৰীত অযোধ্যাত হ’বলগীয়া ৰাম লাল্লাৰ প্ৰাণ প্ৰতিস্থাৰ প্ৰেক্ষাপটত সামাজিক মাধ্যমত ভুৱা খবৰ, মিছা ফটো আৰু ভিডিঅ’ৰ জোৱাৰ উঠিছে। তাৰে এটা ভিডিঅ’ এই বুলি ভাইৰেল কৰা হৈছে যে সেয়া অযোধ্যালৈ অহা বান্দৰৰ জাক। ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- অযোধ্যাৰ প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে অযোধ্যালৈ বজৰংবলীৰ বানৰ সেনাৰ সমাগমৰ এক অপূৰ্ব দৃশ্য.....

কান্ধ চে উচা চাটি নাহি হতি

ধৰ্ম চে উচা জাতি নাহি হতি

#জয়শ্ৰীৰাম

FAcebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোক বিভিন্ন ফ্ৰেমত ভাগ কৰিলোঁ। তাৰ পাছত আমি প্ৰতিটো ফ্ৰেমৰ গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তাৰ ফলত আমি বিভিন্ন লিংক লাভ কৰিলোঁ। কিছুমান ৱেবছাইটৰ লেখা আৰু ইউটিউৱৰ ভিডিঅ’ আমি পালোঁ। তাৰে ভিতৰত ২০২০ চনৰ ১৩ মে'ত গাৰ্ডিয়ান নিউজৰ ইউটিউব চেনেলত পোষ্ট কৰা একেটা ভিডিঅ' পালোঁ।

খবৰ অনুসৰি থাইলেণ্ডত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল। ইয়াৰ কাৰণে তাত থকা বান্দৰবোৰৰ খাদ্যৰ যোগানো কমি আহিল। এই ভিডিঅ'টোত বান্দৰৰ দল এটাই ৰাস্তাত দৈৰ গিলাচক লৈ কাজিয়া কৰা দেখা গৈছে। ভিডিঅ'টোত বান্দৰৰ বাবে বিখ্যাত থাইলেণ্ডৰ লোপবুৰী চহৰৰ বিষয়ে আলোচনা কৰা হৈছে। সেয়া ২০২০ চনৰ কথা।

আনহাতে ১৭ মে, ২০২০ তাৰিখে গ্লোবেল নিউজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি থাইলেণ্ডৰ লোপবুৰীত কৰ’না ভাইৰাছৰ বাবে লকডাউন হৈছিল। লোপবুৰীক বান্দৰৰ নগৰ বুলিও কোৱা হয়। লকডাউনৰ বাবে পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে তাত বান্দৰক খুৱাব পৰা হোৱা নাছিল। ইয়াৰ বাবেই বান্দৰবোৰৰ মাজত আক্ৰমণাত্মক আচৰণ দেখা গৈছিল। স্থানীয় ৰাইজে ভয় খাই ঘৰত আবদ্ধ হৈ আছিল।

আমি আৰু অধিক অনুসন্ধান কৰোঁতে একাধিক থাই ভাষাৰ প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদনৰ শীৰ্ষক আছিল- ศึกแย่งนมเปรี้ยว เปิดคลิปลิงลพบุรีนับร้อยยกพวกตีกันหน้าศาลพระกาฬ। তাৰ অসমীয়া অনুবাদ হৈছে- টেঙা গাখীৰৰ বাবে ফ্ৰা কান শ্ৰাইনৰ সন্মুখত শ শ লোপবুৰী বান্দৰৰ যুদ্ধ ।

সেই প্ৰতিবেদন মতে লোপবুৰীত বান্দৰৰ এটা দলে পথটো বন্ধ কৰি দিলে। ফ্ৰা কান মন্দিৰৰ সন্মুখত দৈ গাখীৰৰ বাবে যুদ্ধ আৰম্ভ হ’ল। যাৰ ফলত সেই অঞ্চলেৰে পাৰ হৈ যোৱা গাড়ীবোৰে তেওঁলোকৰ বাবে ৰ’বলগীয়া হয়। লেখাটোৰ উল্লেখ কৰা হৈছিল যে ২০২০ৰ ১১ মাৰ্চত ফেচবুকত সাছালুক ৰত্নাচাইয়ে লোপবুৰী চহৰৰ মাজমজিয়াত বান্দৰৰ দল এটাৰ যুঁজৰ ভিডিঅ’ ক্লিপ প্ৰকাশ কৰিছিল। শ শ বান্দৰৰ দলেই পৰস্পৰৰ লগত যুঁজি ফ্ৰা কান শ্ৰাইনৰ সন্মুখৰ ৰাস্তাত এই পৰিবেশৰ সৃষ্টি কৰিছিল।

আমাৰ অনুসন্ধানে প্ৰমাণ কৰিলে যে ভাইৰেল দাবীটোৰ কোনো সত্যতা নাই। ২০২০ চনত থাইলেণ্ডত লকডাউনৰ সময়ত ৰাজপথত বান্দৰৰ দ্বাৰা সৃষ্ট এক পৰিবেশৰ এটা পুৰণি ভিডিঅ’ অযোধ্যাৰ দৃশ্য বুলি এক দাবীৰে ভাইৰেল কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ২০২০ চনত থাইলেণ্ডত লকডাউনৰ সময়ত ৰাজপথত বান্দৰৰ দ্বাৰা সৃষ্ট এক পৰিবেশৰ এটা পুৰণি ভিডিঅ’ অযোধ্যাৰ দৃশ্য বুলি এক দাবীৰে ভাইৰেল কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২০চনৰ থাইলেণ্ডৰ ৰাজপথৰ বান্দৰৰ কাজিয়াৰ দৃশ্য অযোধ্যাৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False