আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এটি ভিডিঅ’ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ভিডিঅ’টো সঁচা নে মিছা। ভিডিঅ’টোত দেখা গৈছে যে এবিপি নিউজৰ এটা বাতৰিত সাংবাদিক অভিষাৰ শৰ্মাই কৈছে যে এতিয়াৰে পৰা হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিলেও ১৮শতাংশ জিএছটি প্ৰদান কৰিব লাগিব। সেই ধন মাহৰ শেষত পৰিশোধ কৰিব লাগিব।

Archived Link

আমি ভিডিঅ’টো ভালকৈ চালোঁ। তাত এখন বাতৰি কাকতৰ এটা বাতৰিৰ ফটো এটা দেখুওৱা হৈছে, য’ত লিখা হৈছে যে এতিয়াৰে পৰা ১৮ শতাংশ জিএছটি দিব লাগিব ৰাইজে।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি GSTৰ ৱেবছাইটটো চালোঁ। তাত আমি তেনেকুৱা কোনোধৰণৰ নিৰ্দেশনা নাপালোঁ। ইয়াৰ পাছত আমি পৰীক্ষা কৰিলোঁ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৱেবছাইটটো। তাতো আমি হোৱাটচএপ মেছেজৰ ওপৰত জিএছটি লগোৱা কোনো তথ্য নাপালোঁ।

ইয়াৰ পাছত আমি গুগলত প্ৰাসংগিক কিছুমান কী-ৱৰ্ডেৰে সন্ধান কৰি চাওতে ২০১৮ চনৰ এটা ফেচবুক লিংক লাভ কৰিলোঁ। দেশৰ প্ৰতিস্থিত সংবাদ প্ৰতিস্থান এবিপি নিউজৰ ফেচবুক পেজত সেই ভিডিঅ’ বাতৰিটো আছিল। আমি দেখিলোঁ যে আমালৈ প্ৰেৰণ কৰা ভিডিঅ’টোৰ সম্পূৰ্ণ সংস্কৰণটো তাত আছে। আমি সেই ভিডিঅ’ বাতৰিটো চাই গম পালোঁ যে তাত সেই সময়ত(২০১৮ চনত) চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এখন বাতৰি কাকতৰ এটা বাতৰিৰ ফটোৰ সত্যতা সম্পৰ্কত কোৱা হৈছে। তাত আমি জানিব পাৰিলোঁ যে দিল্লীৰ পৰা প্ৰকাশিত নৱভাৰত টাইমছ নামৰ বাতৰি কাকতখনে ২০১৮চনৰ ২ মাৰ্চত সেই বাতৰিটো প্ৰকাশ কৰিছিল আৰু যিহেতু তেতিয়া হোলীৰ সময় আছিল, গতিকে ‘বুড়া না মানো হোলী হে’ বুলি তলত লিখি এটা ব্যংগাত্মক বাতৰি তেওঁলোকে কৰিছিল। অৰ্থাত হোলী উপলক্ষে পাঠকৰ সৈতে এক প্ৰকাৰৰ ধেমালি কৰি সেই ব্যংগাত্মক বাতৰিটো তেওঁলোকে কৰিছিল আৰু সেই বাতৰিৰ কাটিঙটোৱেই বিভিন্নজনে ফেচবুক আদি চ’ছিয়েল মিডিয়াত আপলোড কৰি সেয়া সত্য বুলি দাবী কৰিছিল। কিন্তু আচলতে সেয়া এক ধেমালি হে আছিল।

আমি এবিপি নিউজৰ ইউটিউৱ চেনেলতো সেই সত্যতা নিৰূপক বাতৰিটো পালোঁ।

তদুপৰি এবিপি নিউজে তেওঁলোকৰ ৱেবছাইটতো সেই বাতৰিটো কৰিছিল, য’ত উল্লেখ কৰা হৈছিল যে নৱভাৰত টাইমছে ২ মাৰ্চ,২০১৮ত সেই ধেমেলীয়া বাতৰিটো প্ৰকাশ কৰিছিল।

আনকি দৈনিক ভাস্কৰেও সেই বাতৰিটো প্ৰকাশ কৰিছিল, য’ত নৱভাৰত টাইমছৰ সেই ধেমেলীয়া বাতৰিটোৰ উল্লেখ আছিল।

https://lh7-us.googleusercontent.com/sMCCp_n9eiK0ALveLwK_dfTvXBSA67F98YX-exnC00QEQq1AnslmJT-FbawjvP8LFuLeSzDJ1R2qRH4KSyyIApVN88hsiBQl-J9gnjOqeKS4BGwWwgKzq1bpQXmPI-Zb9GJsXVcC84eTtPjGEr2qj-w

নৱভাৰত টাইমছৰ সেই মূল বাতৰিটো ইয়াত পঢ়িব পাৰিব। সেই ধেমেলীয়া বাতৰিটোৰ ভিত্তিতেই ২০১৮ চনত চ’ছিয়েল মিডিয়াত এই খবৰৰ জোৱাৰ উঠিছিল। যিটো আচলতে মিছা আছিল।

এই সকলো তথ্য়ৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছোঁ যে আমালৈ প্ৰেৰণ কৰা সেই ভিডিঅ’টো ২০১৮ চনৰে আৰু সেই কথাটো মিছা। তাত ২০১৮চনৰ ২ মাৰ্চত দিল্লীৰ পৰা প্ৰকাশিত নৱভাৰত টাইমছ নামৰ কাকতখনে হোলী উপলক্ষে কৰা এটা ধেমেলীয়া বাতৰিৰ সত্যতাৰ কথা কোৱা হৈছে। আচলতে হোৱাটছএপৰ গুড মৰ্ণিং মেছেজত ১৮শতাংশ জিএছটি দিবলগীয়া কোনো নিয়ম ভৰত চৰকাৰে কৰা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হোৱাটএছপত গুড মৰ্ণিং মেছেজ দিলেও ১৮ শতাংশ জিএছটি দিব লাগিব নেকি সঁচাকৈয়ে? জানক সত্য।

Written By: Pranjal Sharma

Result: False