শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

আমি দেখিলোঁ যে লিংকটোৰ ইউআৰএলত বিজেপিৰ কোনো উল্লেখ নাই। আমি তলত কিছুমান কমেণ্ট পালোঁ যদিও সেই একাউণ্টসমুহৰ সৈতে সংযুক্ত হোৱাৰ কোনো উপায় নাই।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে ক্লিক কৰি গৈ গৈ আমি সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ।

কোনোধৰণ ফলপ্ৰসু ব্যৱস্থাৰ ইংগিত আমি লাভ নকৰাত আমি প্ৰথমে বিজেপিৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

https://lh7-us.googleusercontent.com/XRe2IwbfWEwYeQZcE3Vnph4Yc9G77dcGobwbQAP463_cCudIw79nGWS11puCvtxK0iLMZ88SFutTdvwsUmSO3RC_SbqRM1N4GiwsTjXI4piJ47xGPBq7t9-ZgcRWTIRxbGNvpvFPZJww1u80p_3gYaI

এইবাৰ আমি পৰীক্ষা কৰিলোঁ বিজেপিৰ ফেচবুক পেজটো। তাত আমি এই ধৰণৰ কোনো সুবিধাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট নাপালোঁ।

আনকি বিজেপিৰ এক্স হেণ্ডেলতো কোনো ধৰণৰ তেনেকুৱা অফাৰ বা সুবিধাৰ কথা উল্লেখ কৰি দিয়া টুইট নেদেখিলোঁ।

বিজেপিৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই কোনো অফাৰ বা উপহাৰৰ পোষ্ট নেদেখিলোঁ।

শেষত আমি ইউটিউৱত এই সম্পৰ্কত প্ৰাসংগিক কী-ৱৰ্ড দি চাৰ্ছ কৰোতে প্ৰায় চাৰিমাহ পূৰ্বে আপলোড হোৱা কিছুমান ভিডিঅ’ পালোঁ।সেই ভিডিঅ’টোত আমি দেখিলোঁ যে অনুৰূপ ধৰণৰ লিংক ইতিপূৰ্বেও শ্বেয়াৰ হৈছিল আৰু সেইবোৰ ভুৱা আছিল। আমি ভিডিঅ’ত দেখুওৱা লিংকটো আৰু তাৰ ব্যৱস্থাখিনি বৰ্তমান শ্বেয়াৰ হোৱা লিংকটোৰ সৈতে একেবাৰে একেই দেখিলোঁ। তাত কোৱা হৈছে কিদৰে এই লিংকে ব্যৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে , সেই কথা দেখুওৱা হৈছে। সেই ভিডিঅ’টোত দেখুওৱা প্ৰক্ৰিয়াটো আৰু এতিয়া শ্বেয়াৰ হোৱা লিংকটোৰ প্ৰক্ৰিয়াটো একেই।

আন এটা লিংকতো দেখুওৱা হৈছে যে এই লিংকটোৰ জৰিয়তে কোনো চক্ৰই ব্য়ৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে।

তেনেকুৱা বৰ্ণনামূলক আন দুটামান লিংক ইয়াত আৰু ইয়াত চাব পাৰিব।

বিজেপিৰ ৱেবছাইট তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত কোনো অফাৰ বা ফ্ৰী ৰিচাৰ্জৰ পোষ্ট নাপালোঁ আৰু ইউটিউৱত আমি লাভ কৰা লিংকৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। বিজেপিয়ে কোনো ধৰণৰ ফ্ৰী ৰিচাৰ্জ বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই। এই দাবী মিছা।

এইখিনিটো উল্লেখ কৰিব বিচাৰিছোঁ যে সময়ে সময়ে এইধৰণ ভুৱা লিংক প্ৰচাৰ হৈ থাকে। আমি ফেক্ট ক্ৰেছেণ্ডোৱে এইধৰণৰ ভুৱা লিংকৰ সত্যতা নিৰূপণ কৰি আহিছোঁ। অতি শেহতীয়াকৈ যোৱা ২ মাৰ্চ ২০২৪ত ভাৰতীয়া ডাক সেৱাৰ চাবচিডী দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা লিংক এটাৰ সত্যতা নিৰূপণ কৰি আপোনালোকক জনাইছিলোঁ সেই লিংকটো ভুৱা।

সেই লেখাটো আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

পাঠক সকললৈ আহ্বান

সময়ে সময়ে এইধৰণৰ ভুৱা লিংক হোৱাটছএপত ভাইৰেল হৈ থাকে। দেখা মাত্ৰকে সেই লিংকত ক্লিক কৰি বিপদত নপৰিব। এইধৰণৰ লিংকৰ জাল পাতি দুষ্ট চক্ৰই ডাটা হৰলুকি কৰাৰ পৰা আৰম্ভ কৰি হেকিঙলৈকে বিভিন্ন অপৰাধ সংঘটিত কৰে। তেনেকুৱা কোনো লিংক পালেই আমাৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰক আৰু সেই লিংকৰ সত্যতা জানক। আমাৰ 24/7 ফেক্ট লাইন নম্বৰ 9049053770।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। বিজেপিয়ে কোনো ধৰণৰ ফ্ৰী ৰিচাৰ্জ বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা।

Written By: Pranjal Sharma

Result: False