শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এখন ফটো ভাইৰেল ৰৈ পৰা দেখা গৈছে। দাবী কৰা হৈছে যে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে গেংষ্টাৰ আবু চালেমৰ সৈতে একেলগে ফটো উঠিছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXd7ibzWTxyupH0g2ItW1USjPxNKWjVfrHCw6NsloMswS4_MusN_PaN4Cp34VEeVwK6QrAPVs3Pz8oKFj1uxZ1jFY5DaWcjfoLoSP8_Uqgygh929gWRVL7FCzDD8N2nTO0UXj408SO4u_f1Yf2oXpNoR7VVn?key=soI3hO0w1STsSFKG1ZHa8A

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXc5OTXKMKB1LB959hiU8TomrOIWgwNWU1aeG4NTJB6QtIcypCeowe6zwFU8QtcfVWpdRnT7g0pfG3lVH0roC2Ho3ikEUL7TgMyukq_jMVDAj3NomqdjY_JEQxBBytmw18rE8rA1CbP4yhW4I2wUbtmznr_K?key=soI3hO0w1STsSFKG1ZHa8A

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। আমি ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত হাফিংটন পোষ্ট ডট ইন ৱেবছাইটত প্ৰকাশিত এটা লেখা পালোঁ, যিটো মাৰ্ক মেনুৱেলে লিখিছিল আৰু সেই লেখাটোত সংলগ্ন এখন ফটোত তেওঁক কংগনা ৰানাৱতৰ সৈতে দেখা গৈছে। সেই ফটোখনেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ৱেবছাইটটোৰ মতে, মাৰ্ক মেনুৱেল হৈছে চেলিব্ৰিটিৰ সাক্ষাৎকাৰ লোৱাৰ বাবে পৰিচিত এজন জ্যেষ্ঠ সাংবাদিক।

https://lh7-us.googleusercontent.com/docsz/AD_4nXczyl_hDwGGbNSSJ5v1tjXNLpSNI3g71hvGKxFNdVm-dwcrxwGedISx_yuBz1k_K7lpEaB0qfsp8gpQ1qN6X-3iEwvYzGz8Xfq5IaIUmUcvPpqxqe2ZdP-0Ty7LBauEt9cfeHt2Tim8GALRfocnSrfVOCQ?key=soI3hO0w1STsSFKG1ZHa8A

Archived Link

অধিক অনুসন্ধানত আমি ২০১৭ চনৰ ১৫ ছেপ্টেম্বৰত মাৰ্ক মেনুৱেলৰ ফেচবুক পেজত আপলোড কৰা একেখন ফটো পালোঁ। ফটোখনৰ বৰ্ণনাত লিখা হৈছে যে ফটোখন খাৰৰ এখন ডাইন-ইন ৰেষ্টুৰেণ্টৰ য’ত কংগনাৰ ছবি ‘ছিমৰন’ৰ উদযাপনৰ বাবে চেম্পেইন ব্ৰাঞ্চ আয়োজন কৰা হৈছিল।

Facebook PostArchived Link

সেই ভাইৰেল ফটোখন আবু চেলেমৰ এখন ফটোৰ সৈতে তুলনা কৰিলে আমি দেখিবলৈ পাওঁ যে দুয়োজন ব্যক্তিৰ কোনো শাৰীৰিক সাদৃশ্য নাই।

https://lh7-us.googleusercontent.com/docsz/AD_4nXeNyXda2twNSfXmJHl_iuIuEZL-X1j8zVq1L94N2xDyVUmgYqMYlZoHINtKNX2c7SEU0CpexwJwhIy3sEemZVZi279TrifhHOy9a8iEPgj8-l_Pa7cO6jFWvBPC9OUqDBIFJh2sR_UXeKFSRdFdThBKEBxm?key=soI3hO0w1STsSFKG1ZHa8A

২০২৩ চনৰ ১ অক্টোবৰত কংকনা ৰানাৱতেও টুইটাৰৰ জৰিয়তে স্পষ্ট কৰি দিছিল যে তেওঁৰ কাষৰ ব্যক্তিজন গেংষ্টাৰ আবু চেলেম নহয় বৰঞ্চ সাংবাদিক মাৰ্ক মেনুৱেল হে। টুইটটোত কোৱা হৈছিল -“মই বিশ্বাস নকৰোঁ যে কংগ্ৰেছৰ মানুহে সঁচাকৈয়ে তেওঁক মুম্বাইৰ বাৰত মোৰ সৈতে আকস্মিকভাৱে আড্ডা দিয়া ভয়ংকৰ গেংষ্টাৰ আবু চেলেম বুলি ভাবে। তেওঁ এক্স টি অ’ আইৰ মনোৰঞ্জন সম্পাদক মাৰ্ক মেনুৱেল “।

Archived Link

এই প্ৰমাণসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত অভিনেত্ৰী কংগনা ৰানাৱতৰ সৈতে চিনে সাংবাদিক মাৰ্ক মেনুৱেলক দেখা গৈছে আৰু আণ্ডাৰৱৰ্ল্ডৰ ডন আবু চেলেমৰ সৈতে নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ফটোখনত অভিনেত্ৰী কংগনা ৰানাৱতৰ সৈতে চিনে সাংবাদিক মাৰ্ক মেনুৱেলক দেখা গৈছে আৰু আণ্ডাৰৱৰ্ল্ডৰ ডন আবু চেলেমৰ সৈতে নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কংগনা ৰানাৱতৰ সৈতে এয়া আবু চালেম নহয়, সাংবাদিক মাৰ্ক মেনুৱেল হে।

Fact Check By: Pranjal Sharma

Result: False