অযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে ২৫০০০ যজ্ঞকুণ্ড সাজু কৰি তোলা হৈছে নেকি সঁচাকৈ? 

False Social

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল। ভিডিঅ’টোত সহস্ৰ যজ্ঞকুণ্ড দেখা গৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে জানিব বিচাৰিছিল যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰ স্থাপনৰ বাবে সাজু কৰা ২৫০০০ যজ্ঞকুণ্ড হয় নেকি?

Archived Link

সেই ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে। 

সেই একেটা ভিডিঅ’ আমি এক্স(পূৰ্বৰ টুইটাৰ)ত পালোঁ। তাতো একেই দাবী কৰা হৈছে। কোৱা হৈছে যে ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে এইদৰে ২৫০০০ যজ্ঞকুণ্ড সাজু কৰা হৈছে। 

আনকি অলপ বিচাৰ খোচাৰ কৰোতে ইউটিউৱত এটা চেনেলে একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰাও আমি পালোঁ।

 

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি ওপৰত উল্লেখ কৰ ইউটিউৱ চেনেলটোৰ কমেণ্টকেইটা পঢ়ি চালোঁ। টিভি৯ মাৰাঠীয়ে আপলোড কৰা ইউটিউব ভিডিঅ’টোৰ তলত পোষ্ট কৰা এটা মন্তব্য পালোঁ য’ত লিখা আছিল যে ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয় । লিখিছিল- “এই ফটোখন ২০২৩ চনৰ ১৮ ডিচেম্বৰত বাৰানসীৰ উমৰাত বিহংগম যোগ শতাব্দী বাৰ্ষিক মহোৎসৱ কাৰ্যসূচীত সাজু কৰা ২৫০০০ যজ্ঞকুণ্ডৰ। ধ্বজাসমুহ তাৰেই প্ৰমাণ…..”

সেই কমেণ্টটোৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড চাৰ্চ কৰিলোঁ আৰু ২০২৩ চনৰ ১৮ ডিচেম্বৰত ইউটিউব চেনেল ইণ্ডিয়া ট্যুৰ মাষ্টিৰ দ্বাৰা পোষ্ট কৰা এটা ভিডিঅ’ ব্লগ পালোঁ। ভিডিঅ’টোত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হৈছে। আমি দেখিলোঁ যে এই ভিডিঅ’টোত থকা ভিজুৱেল উপাদানবোৰ ভাইৰেল ভিডিঅ’টোৰ দৰেই।

আনকি অনুৰূপ বিষয়ত অন্যান্য কিছু ভিডিঅ’ও ইউটিউৱত উপলব্ধ হৈ থকা আমি দেখিলোঁ

আমি ইউটিউব ভিডিঅ’সমুহ চালোঁ আৰু নিশ্চিত হ’লোঁ যে ভিডিঅ’ ফুটেজটো বাৰানসীৰ স্বৰ্বেদ মহামন্দিৰত শ্বুট কৰা হৈছে। আমি ইউটিউবত আন এটা ভিডিঅ’ ব্লগো পালোঁ য’ত স্বর্বেদ মহামন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ একেবোৰ ভিজুৱেল আছিল য’ত ‘যজ্ঞকুণ্ড’বোৰ দেখা গৈছে৷

এই ভিডিঅ’টোত দেখা ধ্বজাবোৰ আৰু সেইবোৰৰ গঠনবোৰ একেই, যিবোৰ ভাইৰেল ভিডিঅ’টোতো দেখা গৈছে। এই কথাই সেই দৃশ্য একেটা স্থানৰ পৰা বুলি নিশ্চিত কৰে। 

স্বর্বেদ মহামন্দিৰৰ ৱেবছাইটটো পৰীক্ষা কৰি আমি দেখিলোঁ যে তেওঁলোকৰ ল’গ’টো ভিডিঅ’টোত দেখা পতাকাবোৰত দেখাৰ দৰে একেই৷ স্বৰ্বেদ মহামন্দিৰৰ ৱেবছাইটত উদ্বোধনী অনুষ্ঠানৰ সবিশেষ উল্লেখ কৰা আছে আৰু লগতে উল্লেখ কৰা হৈছে যে এই উপলক্ষে ২৫ হাজাৰ যজ্ঞকুণ্ড স্থাপন কৰা হৈছিল।

আমি তদুপৰি স্বর্বেদ মহামন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰি ভাষণ দিয়া বুলি উল্লেখ কৰি পিআইবিয়ে প্ৰস্তুত কৰা প্রতিবেদনো পালোঁ৷ সেই প্ৰতিবেদনত সেই স্থানত ২৫ হাজাৰ ‘যজ্ঞকুণ্ড’ৰ স্থাপনাৰ বিষয়েও উল্লেখ কৰা হৈছে। 

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অফিচিয়েল Youtube চেনেলৰ এটা লাইভ ভিডিঅ’ত স্বৰ্বেদ মহামন্দিৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰাইজৰ আগত তেওঁৰ ভাষণ সন্নিবিষ্ট কৰা হৈছিল। সেই ভিডিঅ’টো তলত দিয়া হৈছে। 

এই সমস্ত তথ্য প্ৰমানৰ পৰা এই কথা স্পষ্ট হৈ পৰিল যে যিটো ভিডিঅ’ আমাৰ ফেক্টলাইন নম্বৰলৈ সত্যতা নিৰূপণৰ বাবে প্ৰেৰণ কৰা হৈছিল, সেইটো আচলতে স্বৰ্বেদ মহামন্দিৰ, বাৰানসীৰ হে ভিডিঅ’। সেইটো আযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে সাজু কৰা ২৫০০০ যজ্ঞকুণ্ডৰ ভিডিঅ’ নহয়। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা।সেইটো আচলতে স্বৰ্বেদ মহামন্দিৰ, বাৰানসীৰ হে ভিডিঅ’। সেইটো আযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে সাজু কৰা ২৫০০০ যজ্ঞকুণ্ডৰ ভিডিঅ’ নহয়।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে ২৫০০০ যজ্ঞকুণ্ড সাজু কৰি তোলা হৈছে নেকি সঁচাকৈ?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *