
আণ্ডাৰটেকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৃষক বিদ্ৰোহক সমৰ্থন কৰি লিখা যেন লগা এটা টুইটৰ স্ক্ৰিনশ্বট এতিয়া ছেচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ফটোত দেখা গৈছে যে মল্লযোদ্ধাগৰাকীয়ে এখন প্লেকাৰ্ড ডাঙি ধৰিছে, যত লিখা আছে “LET’S TEAM UP!”(আহা দল বান্ধো)
সেই টুইটটোত লিখা আছে, “We cannot even think of our healthy body without the crops grown by the farmers. Respect and support the farmers. #FarmerProtest.”(আমি কৃষকে কৰা ফচল অবিহনে আমাৰ স্বাস্থ্যবান শৰীৰৰ কথা চিন্তাও কৰিব নোৱাৰো।কৃষকক সন্মান আৰু সমৰ্থন কৰক)
বহুতো ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে স্ক্ৰিণশ্বটটো এই দাবীৰে শ্বেয়াৰ কৰিছে যে আণ্ডাৰটেকাৰে নিজেই ভাৰতীয় কৃষকৰ সমৰ্থনত টুইটটো কৰিছে।
এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ 24×7 ফেক্টলাইন নম্বৰ 904 905 3770লৈ স্ক্ৰিণশ্বটটো প্ৰেৰণ কৰি তাৰ সত্যতা জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।
গতিকে আমি সত্যতা নিৰুপন কৰিলো আৰু জানিব পাৰিলো যে আণ্ডাৰটেকাৰে তেনেকুৱা কোনো টুইট ভাৰতীয় কৃষকৰ সমৰ্থনত কৰা নাই।
সত্যতা নিৰূপন পদ্ধতি
আমি কেইটামান প্ৰাসংগিক শব্দ লৈ ছাৰ্চ কৰি আণ্ডাৰটেকাৰে ২০২০ চনৰ ১৭ ডিচেম্বৰত কৰা সেই মূল টুইটটো বিচাৰি উলিয়ালো যত “LET’S TEAM UP!” বুলি লিখা প্লেকাৰ্ড হাতত লৈ থকা আণ্ডাৰটেকাৰৰ সেই ফটোখন আছিল। ফটোখন একেই আছিল কিন্তু লিখা কথাখিনি বেলেগ আছিল।
.@WWE has teamed up with Omaze to support the life-changing work of Make-A-Wish by offering you the chance to win a day at the @WWEPC with me.
— Undertaker (@undertaker) December 17, 2020
Enter here: https://t.co/c6uypJLiVb pic.twitter.com/wXuhrSkYpX
টুইটটোৰ কেপছনত লিখা আছিল, “@WWE has teamed up with Omaze to support the life-changing work of Make-A-Wish by offering you the chance to win a day at the @WWEPC with me.”( WWEএ ওমেজৰ সৈতে দল গঠন কৰিছে যাতে জীৱন সলনি কৰি দিব পৰা মেক এ ৱিছৰ জৰিয়তে আপোনাক কোনো এটা দিনত WWEPCত মোৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুবিধা প্ৰদান কৰা হব)
লিংকটোত ক্লিক কৰাত এটা ফাণ্ড ৰাইজিং কোম্পানীৰ ৱেবচাইট পোৱা গল, যিয়ে এটা মেক এ ৱিছ নামৰ ইভেন্ট আয়োজন কৰিছিল। যিটোত জয়লাভ কৰাজনে মল্লযোদ্ধাগৰাকীৰ সৈতে ৰিঙত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব। ভাইৰেল হোৱা ফটোখনৰ সৈতে মূল ফটোখন তুলনা কৰি চোৱাত স্পষ্ট হৈ পৰিলে যে সেই ভাইৰেল ফটোখন মৰ্ফ কৰা।
Original Link- Omaze | Archived Link
আণ্ডাৰটেকাৰৰ টুইটাৰ হেণ্ডেলৰ টাইমলাই পৰীক্ষা কৰি গম পালো যে আজিলৈ তেওঁ ভাৰতৰ কৃষক আন্দোলনক লৈ একো টুইটেই কৰা নাই।
ফলাফল
আণ্ডাৰটেকাৰে ভাৰতৰ কৃষকৰ সমৰ্থনত টুইট কৰা নাই। সেই বিশেষ ফটোখন মৰ্ফ কৰা আৰু আজিলৈ আণ্ডাৰটেকাৰে ভাৰতীয় কৃষকৰ সমৰ্থনত তেনেকুৱা কোনো টুইট কৰা নাই।

Title:ভাৰতৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আণ্ডাৰটেকাৰে টুইট কৰা নাই!
Fact Check By: Manjori BorkotokyResult: Altered