শেহতীয়াকৈ এটা বিশেষ বাতৰি চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। "মহিন্দ্ৰা থাৰ চলাব পাৰিব চন্দ্ৰত" এই কেপশ্বনেৰে ভিডিঅ'টোত কোৱা হৈছে যে চন্দ্ৰপৃষ্ঠত থাৰ চলাব পাৰিব বুলি আনন্দ মহিন্দ্ৰাই টুইট কৰিছে। লগতে এক দৃশ্যাংশ সংলগ্ন কৰি দাবী কৰা হৈছে যে চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান নামি অহাৰ নিচিনাকৈ নামি আহিছে থাৰ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

যিহেতু ভাইৰেল ভিডিঅ'টোত আনন্দ মহিন্দ্ৰাই কৰা টুইটৰ উদ্ধৃতি দিয়া হৈছিল, সেয়েহে আমি এক্সত (পূৰ্বৰ টুইটাৰ) আনন্দ মহিন্দ্ৰাৰ টুইটটো বিচাৰিলোঁ। আনন্দ মহিন্দ্ৰাৰ টুইটটোত উল্লেখ কৰা হৈছিল এইদৰে "Thank you @isro for giving our ambitions a ‘lift-off.’ One day, in the not too distant future, we will shoot for the Thar-e touching down next to Vikram & Pragyan and ‘Exploring the Impossible!’ (🙏🏽@BosePratap for putting together this meme)"

টুইটটোত আনন্দ মহিন্দ্ৰাই এইবুলি কোৱা নাই যে মহিন্দ্ৰা থাৰ চন্দ্ৰপৃষ্ঠত নামিছে, তেওঁ ইছৰোক ধন্যবাদ জনাইছে এইবুলি যে ইছৰোই মানুহৰ উচ্চাকাংক্ষাৰ এক উত্তৰণ ঘটাইছে। তেওঁ সপোন দেখিছে যে এদিনাখন থাৰখনো বিক্ৰম আৰু প্ৰজ্ঞানৰ নিচিনাকৈ চন্দ্ৰ গৈ পাব। টুইটটোত ভাইৰেল দৃশ্যাংশ সংলগ্ন কৰি BosePratap নামৰ এটা প্ৰ'ফাইলক টেগ কৰা হৈছে আৰু ধন্যবাদ জনোৱা হৈছে এই মিমটোৰ বাবে।

এইবাৰ আমি BosePratap নামৰ এক্স (পূৰ্বৰ টুইটাৰ) প্ৰ'ফাইলটো চালোঁ। প্ৰ'ফাইলটোৰ গৰাকী প্ৰতাপ বোস হ'ল মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ছিফ ডিজাইন অফিচাৰ। আনন্দ মহিন্দ্ৰাৰ টুইটটো প্ৰতাপ বোসেও ৰিপোষ্ট কৰা দেখা গ'ল।

তদুপৰি তেওঁ তেওঁৰ প্ৰ'ফাইলত মহেশ লাহোটি নামৰ প্ৰ'ফাইলৰ টুইট এটা শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল "very creative. You will soon get to explore new market for #Thar & #Scorpio. I am ready to become your authorised distributor on #moon"।

এই টুইটটো ব্যংগাত্মকভাৱে কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। দাবী কৰাৰ নিচিনাকৈ মহিন্দ্ৰা থাৰ চন্দ্ৰপৃষ্ঠত নমা নাই। এয়া এক মিমহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহিন্দ্ৰা থাৰ চন্দ্ৰপৃষ্ঠত নমা নাই।

Written By: Factcrescendo Team

Result: Missing Context