
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
ৱুহান ক’ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হৈ পৰিছে । ইউনিচেফ (UNICEF) নামৰ সংযুক্ত ৰাষ্ট্ৰৰ (United Nations) অংগ সংস্থাটোয়ে প্ৰচাৰ কৰিছে বুলি এক মেছেজ হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত মেছেজটোত ক’ৰনা ভাইৰাছ আৰু ৰোগৰ বিষয়ে কেইবাটাও দাবী কৰা হৈছে ।
সঁচাকৈ ইউনিচেফ নামৰ সংযুক্ত ৰাষ্ট্ৰৰ অংগ সংস্থাটোয়ে এই মেছেজটো প্ৰকাশ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ইউনিচেফ’ৰ বিষয়ে অনলাইন চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে এই সংস্থাটোৱে পৃথিৱীৰ ১৯০ খনতকৈ অধিক দেশত শিশুৰ জীৱন ৰক্ষাৰ কাৰণে কাম কৰে, শিশুৰ ভালৰ বাবে কাম কৰে ।
সংযুক্ত ৰাষ্ট্ৰৰ বিশ্ব স্বাস্থ্য সংস্থা নামৰ সংস্থাটোৱেহে চীনত ক’ৰনা ভাইৰাছ ৰোগে আতংকৰ সৃষ্টি কৰাৰ পাছৰে পৰা বিভিন্ন সতৰ্কবাণী আৰু উপদেশমূলক বাৰ্তা প্ৰকাশ কৰি আছে ।

তেওঁলোকৰ ৱেবচাইটত এক প্ৰশ্ন আৰু উত্তৰ পেজ আছে য’ত ৰোগটোৰ বিষয়ে বিভিন্ন সাধাৰণ সন্দেহ আৰু লোকবিশ্বাসবোৰ সম্বোধন কৰা হৈছে ।

মাক-দেউতাকে ক’ৰনা ভাইৰাছ সম্পৰ্কে কি কি জানিব লাগে বুলি শিৰোনামা দি ইউনিচেফেও এক স্বাস্থ্য সম্পৰ্কীয় লিখনি প্ৰকাশ কৰিছে কিন্তু এইয়া শিশু কেন্দ্ৰিক হয় আৰু ভাইৰেল মেছেজটোত থকাৰ দৰে দাবী ইয়াত নাই ।

ক’ৰনা ভাইৰাছৰ চেল ডায়েমিটাৰৰ বিষয়ে অফিচিয়েল উপদেশমূলক লিখনি বিলাকত ক’তো উল্লেখ নাই গতিকে আমি ইয়াৰ চেল ডায়েমিটাৰৰ বিষয়ে একো নাজানোঁ । মাস্ক কেতিয়া আৰু কেনেকৈ পিন্ধিব লাগে, সেই বিষয়ে কিছু নিৰ্দেশাৱলীহে এতিয়ালৈকে প্ৰকাশিত হৈছে ।

আমি এই বিষয়ে ইউনিচেফৰ টুইটাৰ হেণ্ডেলৰ পৰা কৰা এক টুইট দেখিলোঁ য’ত স্পষ্টকৈ লিখা আছে যে ইউনিচেফৰ নামত ক’ৰনা ভাইৰাছৰ বিষয়ে ভুৱা তথ্য ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে । তেনে তথ্য শ্বেয়াৰ কৰিবলৈ ইউনিচেফে মানা কৰিছে ।

ফলাফল
ক’ৰনা ভাইৰাছৰ বিষয়ে ভাইৰেল হোৱা মেছেজটো ইউনিচেফে প্রচাৰ কৰা নাই বৰঞ্চ ইউনিচেফে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা স্পষ্ট কৰিছে যে ইউনিচেফৰ নামত ক’ৰনা ভাইৰাছৰ বিষয়ে ভুৱা তথ্য ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে ।

Title:এইটো ক’ৰনা ভাইৰাছৰ বিষয়ে ইউনিচেফে প্রচাৰ কৰা মেছেজ নহয়!
Fact Check By: Manjori BorkotokyResult: False