
যোৱা ৪ ডিচেম্বৰত, নাগালেণ্ডৰ এখন জিলা মনত ১৪ জন সাধাৰণ লোকক গুলীয়াই হত্যা কৰা হৈছিল। সুৰক্ষা বাহিনীয়ে শ্ৰমিকৰ এটা দলৰ ওপৰত গুলী চালনা কৰিছিল যিয়ে তেওঁলোকক বিদ্ৰোহী বুলি ভুলকৈ ধাৰণা কৈছিল। চৰকাৰে এই বিষয়ত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। এই ঘটনাই নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
ইয়াৰ মাজতে, কিছু সেনা জোৱান গাওঁবাসীৰ এটা দলৰ সৈতে মুখামুখি হোৱা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে যি নাগালেণ্ডৰ শেহতীয়া ঘটনাৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰা হৈছে ।
কিছু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভিডিঅ’টোত নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ কিছু মুহূৰ্ত দেখা হৈছে যিটো ওটিং গাঁৱত সংঘটিত হৈছিল। তেওঁলোকে আৰু দাবী কৰে যে নিৰাপত্তা বাহিনীয়ে অসামৰিক লোকসকলৰ ওপৰত গুলী চালনা কৰিছিল কাৰণ অসামৰিক লোকসকলে তেওঁলোকক আক্ৰমণ কৰিছিল। ভিডিঅ’টোৱে সেইদিনা প্ৰকৃততে কি ঘটিছিল সেইয়া ফাদিল কৰিছে বুলি তেওঁলোকে দাবী কৰিছে।
এই ভিডিঅ’টো অসমত হোৱাটছএপৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন লোকে দাবী তথা প্ৰচাৰ কৰিছে যে উক্ত ভিডিঅ’টো নাগালেণ্ডৰ শেহতীয়া ঘটনাৰ সৈতে সম্পৰ্ক আছে ।
এই বিষয়ে সত্যতা নিৰূপণ কৰিবলৈ এক অনুৰোধ আমাৰ ২৪ x ৭ হোৱাটছএপ হেল্প লাইন নম্বৰলৈ আহিছে আৰু আমি সেইবাবে এক অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । Archived Link
অনুসন্ধানত প্ৰকাশ পাইছিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ২০১৮ চনৰ হয় তথা ভাৰতৰ নহয়। ভিডিঅ’টো আচলতে কলম্বিয়াৰ হয় য’ত কিছু খিলঞ্জীয়া লোকে কেইজনমান সেনা বিষয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা দেখা গৈছে।
সত্যতা নিৰূপণ পদ্ধতি
আমি ইনভিড উই ভেৰিফাই টুলৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলো আৰু ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ যাৰ ফলাফলে আমাক ২০১৮ চনত ইউটিউবত প্ৰকাশিত একেটা ভিডিঅ’লৈ লৈ গৈছিল। ইউটিউব ভিডিঅ’ৰ শিৰোনামটোত উল্লেখ কৰা হৈছে যে কলম্বিয়াৰ সেনা বিষয়াসকলক থলুৱা গাওঁবাসীয়ে আক্ৰমণ কৰিছিল।
ওপৰোক্ত ভিডিঅ’টোৰ পৰা কিছু তথ্য লৈ, আমি ইউটিউবত এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো, যাৰ ফলত আমি জানুৱাৰী ২০১৮ তাৰিখে “কেব’ল নটিচিয়াছৰ” অফিচিয়েল ইউটিউব চেনেলৰ দ্বাৰা প্ৰকাশিত একে ধৰণৰ এক ভিডিঅ’ বিচাৰি পাইছিলোঁ ।
ভিডিঅ’টোৰ শিৰোনাম অনুসৰি, উক্ত ভিডিঅ’টো কৰিণ্টোত থলুৱা আৰু সামৰিক বাহিনীৰ মাজৰ এক সংঘৰ্ষৰ সময়ৰ হয় । ঠাইখন কলম্বিয়াত অৱস্থিত।
আমি ২০১৮ চনত এল টিয়েম্পোত কলম্বিয়াৰ এখন বাতৰি কাকতৰ দ্বাৰা প্ৰকাশিত এই ভিডিঅ’টোৰ ওপৰত এটা বাতৰি প্ৰতিবেদন পাইছিলো।

ইয়াত কোৱা হৈছে যে এই ভিডিঅ’টোৱে কলম্বিয়াৰ কৰিণ্টোত সংঘটিত এটা ঘটনা দেখুৱাইছে। কলম্বিয়াৰ সৈন্যসকলে স্থানীয় লোকৰ এটা দলক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল, যিসকলে অবৈধভাৱে এটা সম্পত্তি দখল কৰিছিল। আমি দেখিবলৈ পাওঁ যে এজন স্থানীয় লোকে তেওঁলোকৰ ডিঙিত চুৰি এটা ৰাখি সামৰিক বিষয়াসকলৰ মুখামুখি হৈছিল, যাৰ ফলত আনজন সৈনিক স্থানীয় লোকজনৰ ভৰিৰ কাষত গুলী চালনা কৰিছিল।
২০১৮ চনৰ জুলাইত এল টিয়েম্পোৰ দ্বাৰা প্ৰকাশিত এই প্ৰতিবেদনৰ আন এটা আপডেটত কোৱা হৈছিল যে সৈনিকজনক চুৰিৰে ভাবুকি দিয়া দেখা পোৱা ব্যক্তিজনক কলম্বিয়াৰ কাউকাৰ আদালতে কাৰাদণ্ড প্ৰদান কৰিছিল। কলম্বিয়াস্থিত সংবাদ মাধ্যম, চেমানাই ও জানুৱাৰী ২০১৮ত এই ঘটনাৰ প্ৰতিবেদন দিছিল।
ফলাফল
ফেক্ট ক্ৰেচেণ্ডোৱে উক্ত দাবীটো মিছা বুলি ঠাৱৰ কৰিছে । ভাইৰেল ভিডিঅ’টোৰ নাগালেণ্ডৰ গুলীচালনাৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টোত ২০১৮ চনত কলম্বিয়াত সংঘটিত এটা ঘটনা দেখুওৱা হৈছে। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু নাগালেণ্ডৰ শেহতীয়া হত্যাকাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই ।

Title:এইটো পুৰণি ভিডিঅ’ আৰু নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই!
Fact Check By: Manjori BorkotokyResult: False
