

আব্দুল হাছিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে দুখন ফটো প্ৰচাৰ কৰিছিল আৰু লিখিছিল-“ক”ৰোনাৰ নাম লৈ মানুহক মৃত্যুৰ মুখত পেলাই জিয়া কিডনি উলিয়াই কিছুমান ডাক্তৰে বিক্ৰী কৰি আছে,,,আমি সকলো সতৰ্ক থকা উচিত,,,সুস্থ মানুহক ক”ৰোনা সজাৱা ধান্দা,,,১২৫ জন মানুহক ক”ৰোনা সজাই মৃত্যুৰ মূখত পেলাই জিয়া কিডনি বিক্ৰী কৰা ডাক্তৰ দেবেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে,,,”
ব্যক্তিগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰিছিল ২৬ চেপ্তেম্বৰ,২০২০ তাৰিখে সন্ধিয়া ৬ বাজি ৩৬ মিনিটত । লগে লগে এই পোষ্টটো ভাইৰেল হৈ পৰিছিল আৰু তেতিয়াৰে পৰা ১.৭ হাজাৰ বাৰ শ্বেয়াৰ কৰা হৈছে।
সঁচাকৈয়ে চিকিৎসকগৰাকীয়ে ক’ভিড ৰোগীৰ কিডনী বিক্ৰী কৰিছিল নে। আহক সত্যাসত্য জানো।
প্ৰনালী
প্ৰাসংগিক কেইটামান শব্দ লৈ আমি গুগলত এই বিষয়ে বিচাৰ খোচাৰ কৰিছিলো আৰু আমি ২০২০ চনৰ ৩০ জুলাইত এনডিটিভিৰ ৱেবচাইটত প্ৰকাশিত এটা বাতৰি লাভ কৰিছিলো, যত ক’ৰনাভাইৰাছৰ কোনো উল্লেখ নাছিল। সেই বাতৰিতো মতে, আয়ুৰ্বেদিক চিকিৎসক ডা. দেৱেন্দ্ৰ শৰ্মা এগৰাকী ধাৰাবাহিক অপৰাধী, যিয়ে কিডনী বিক্ৰী চক্ৰ চলোৱা, ভুৱা গেছ এজেঞ্চি চলোৱা আৰু চুৰি গাড়ী আদি বিক্ৰী কৰা অপৰাধৰ সৈতে জৰিত। বাতৰিটোত ইয়াকো উল্লেখ কৰা হৈছে যে তেওঁক ২০০৪ চনত গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰা হৈছিল। ২০২০ চনৰ জানুৱাৰীত তেওঁ পেৰোলত মুকলি হয় আৰু পেৰোল ভংগ কৰাৰ বাবে ২০২০ চনৰ ২৮ জুলাইত তেওঁক দিল্লী আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে।

আমি তদুপৰি দেশৰ আন আন আগশাৰীৰ সংবাদ প্ৰতিস্থানতো অনুৰূপ বাতৰি পঢ়িবলৈ পালো। কিন্তু ক’তো ক’ৰনাভাইৰাছৰ উল্লেখ নাই। আপুনি সেই বাতৰি ইয়াত পঢ়িব পাৰিব।

ফলাফল
ডা. দেৱেন্দ্ৰ শৰ্মাই ২০০৪ চনলৈ চলাই থকা কিডনী বিক্ৰী চক্ৰৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হোৱাৰ খবৰটো ক’ৰনাভাইৰাছ ৰোগীৰ কিডনী বিক্ৰী কৰাৰ ফলত গ্ৰেপ্তাৰ হোৱা বুলি প্ৰচাৰ কৰাটো ভুৱা খবৰ। এই দাবী মিছা।

Title:FACT CHECK: এই চিকিৎসকজন ক’ভিড ৰোগীৰ কিডনী বিক্ৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাছিল!
Fact Check By: Manjori BorkotokyResult: False