পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ ৰাইজে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাই!

False Social
petrol.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু 

উত্ৰেজিত লোকে এটা পেট্ৰল পাম্পত আক্ৰমণ কৰি ভাঙি চূৰমাৰ কৰা দেখা গৈছে ।  দাবী কৰা হৈছে যে পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰিছে । 

আৰিয়ান ৰেব্বি নামৰ এক ফেচবুক পে’জৰ পৰা যোৱা ২৫ জুন, ২০২০ তাৰিখে এক ফেচবুক পোষ্ট, ‘পেট্ৰোল ডিজেলৰ মূল্য প্ৰতিদিনে বাঢ়ি থকাত ৰাইজৰ ৰুদ্ৰমূৰ্ত্তি ….’ বুলি এক পোষ্ট আপলোড কৰা হৈছে । উক্ত পোষ্টটো বৰ্তমানলৈকে ৯০ বাৰ শ্বেয়াৰ হৈছে আৰু ৬.৮ হেজাৰবাৰ দৰ্শন কৰা হৈছে । 

সঁচাকৈ ভাইৰেল ভিডিঅ’টোত পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যবহাৰ কৰি ইউটিউব আৰু গুগলত এই বিষয়ে চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে উক্ত ঘটনাটোত পুৰীত ঘটিছিল আৰু পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । আমি ভাইৰেল ভিডিঅ’টো ইউটিউবত এক বাতৰিৰ অংশ হিচাবে আপলোড হোৱা দেখিলোঁ য’ত লিখা আছে যে উক্ত ঘটনাটো পুৰীত ঘটিছিল আৰু নিম্ন মানৰ  পেট্ৰল যোগান ধৰা বাবে ক্ষুব্ধ ৰাইজে এইদৰে পাম্পটোত আক্ৰমণ কৰিছিল । 

petrol1.png

ইয়াৰ উপৰিও আমি কীৱৰ্ডছ চাৰ্ছৰ ফলত আন কিছু সংবাদ মাধ্যমত এই বিষয়ে ২৯ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে এক বাতৰি প্ৰকাশ হোৱা দেখিলোঁ । 

petrol2.png

উক্ত বাতৰিবোৰতও স্পষ্টকৈ কোৱা হৈছে যে নিম্ন মানৰ পেট্ৰল যোগান ধৰা বাবে ক্ষুব্ধ ৰাইজে এইদৰে পাম্পটোত আক্ৰমণ কৰিছিল । 

petrol3.png

ফলাফল

উক্ত ভাইৰেল ভিডিঅ’টোত পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাছিল । তেওঁলোকে আচলতে নিম্ন মানৰ পেট্ৰল যোগান ধৰা বাবেহে ক্ষুব্ধ হৈ আক্ৰমণ কৰিছিল ।

Avatar

Title:পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ ৰাইজে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *