বাঘজানৰ তৈলখাদত লগা জুইকুৰা এতিয়াও নুমোৱা নাই!

False Social
WhatsApp Image 2020-07-15 at 13.12.33.jpeg

সংৰক্ষিত লিংক

অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত বাঘজান তৈলখাদত যোৱা ৯ জুন, ২০২০ তাৰিখে জুই লগা ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছিল । এইয়া অইল ইণ্ডিয়া লিমিটেডৰ এক গুৰুতৰ ত্ৰুটী বুলি বিভিন্নজনে দাবী কৰিছিল । যিসময়ত বাঘজানৰ জুইকুৰা নুমাবলৈ চেষ্টা চলাই থকা হৈছে সেই সময়তে এই জুইকুৰা ইতিমধ্যে নুমালে বুলি অসমৰ আগশাৰীৰ ইংৰাজী বাতৰি কাকত, অসম ট্ৰিবিউনে এক বাতৰি আজি প্ৰকাশ (অৰ্থাৎ ১৫ জুলাই, ২০২০ তাৰিখে) কৰিছে । ইয়াৰ পাছতেই এই বাতৰিৰ স্ক্ৰিনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিহেতু ফেচবুক, হোৱাটচ এপ্প ইত্যাদিত বিভিন্নজনে এই বাতৰি শ্বেয়াৰ কৰিছে । 

WhatsApp Image 2020-07-15 at 11.41.24.jpeg

সংৰক্ষিত লিংক

সঁচাকৈ বাঘজানৰ জুইকুৰা নুমালে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি প্ৰথমে এই বিষয়ে টুইটাৰত অইল ইণ্ডিয়া ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হৈছে নেকি চাবলৈ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে তেওঁলোকে এই বিষয়ে ইতিমধ্যে এক টুইট কৰিছে আৰু স্পষ্ট কৰিছে যে জুইকুৰা এতিয়াও জ্বলি আছে আৰু জুইকুৰা নুমাবলৈ চেষ্টা চলাই থকাহে হৈছে । 

oil tw.png

তেওঁলোকে এই বিষয়ে আন এক টুইট কৰিছে য’ত তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে ভগ্নাংশ আদি ঠাইখনৰ পৰা আতঁৰালে যদিয়ো খাদটোৰ কেপিং এতিয়াও বাকী আছে আৰু খাদটোত জুই লাগি আছে । 

oil tw2.png

ফলাফল

বাঘজান তৈলখাদত লগা জুইকুৰা এতিয়াও নুমোৱা নাই । জুইকুৰা ইতিমধ্যে নুমালে বুলি এক ভুৱা বাতৰি প্ৰচাৰ হৈছে । জুইকুৰা নুমাবলৈ চেষ্টাহে চলাই থকা হৈছে । 

Avatar

Title:বাঘজানৰ তৈলখাদত লগা জুইকুৰা এতিয়াও নুমোৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *