Artificial Sun: এই ভিডিঅ’টো চীনে তৈয়াৰ কৰা মানৱ-নিৰ্মিত সূৰ্যৰ নেকি?

জানুৱাৰী ২০২২ত, চীনে এটা কৃত্ৰিম সূৰ্য উৎক্ষেপণ কৰা বুলি দাবীৰে এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে উক্ত ভিডিঅ’টোৱে লাখ লাখ দৰ্শন লাভ কৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰিছে আৰু দাবী কৰিছে যে এইয়া চীনে উৎক্ষেপণ কৰা এটা কৃত্ৰিম সূৰ্য হয় । অসমতো উক্ত ভিডিঅ’টো বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা আপলোড […]

Continue Reading

বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দীঘলীয়া অনুপ্ৰেৰণামূলক শিৰোনামৰ সৈতে ওপৰত অলপ লিখনি থকা দুখন ছবিৰ এটা ক’লাজ ভাইৰেল হৈ আছে। ক’লাজটোত একেগৰাকী মহিলাৰ দুখন ছবি আছে, এখনত চিকিৎসালয়ৰ বিচনাৰ দৰে দেখাত এখন বিচনাত মহিলা গৰাকীক শুই থকা দেখা গৈছে আৰু আনটোত মহিলাগৰাকীক চুটি চুলিৰে সৈতে দেখা গৈছে। শিৰোনামটোত দাবী কৰা হৈছে যে ছবিখনত থকা ব্যক্তিজন […]

Continue Reading

FACT CHECK: ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই!

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে ফটোত দেখা পোৱা ব্যক্তিজন বিশ্বৰ অন্যতম ধনী ব্যক্তি জন ফৰ্ড হয় । দাবী কৰা হৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু আৱেগিক হৈ তেওঁ এইদৰে কান্দি পেলাইছে । পোষ্টটোত থকা ফটোখনত এজন বৃদ্ধ ব্যক্তিয়ে কান্দি থকা দেখা গৈছে।  উক্ত ফটোখন এই […]

Continue Reading

FACT CHECK: উত্তৰ প্ৰদেশৰ এখন মহাবিদ্যালয়ত ৰাতিপুৱা সভাত উপস্থিত থকা ছোৱালীৰ ছবি কেৰেলাৰ বুলি দাবী কৰা হৈছে!

শেহতীয়াকৈ কিছু সংখ্যক বোৰ্খা পিন্ধা ছোৱালী শাৰী পাতি থিয় হৈ থকা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এইটো দাবী কৰা হৈছে যে এই ছবিখন কেৰালাৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হয় । উক্ত ফটোখন এই দাবীৰে সৈতে অসমতো শ্বেয়াৰ কৰা হৈছে ।  আব্দুল হাচিব নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক পোষ্ট ফেচবুকত অসমীয়াত “এই […]

Continue Reading

FACT CHECK: চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ দৃশ্য হিচাপে এনিমেটেড ভিডিঅ’ ভাইৰেল হৈছে

ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ ৮ ডিচেম্বৰত মৃত্যু হয় । ভাৰতীয় বায়ু সেনাই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে। ২০২১ চনৰ ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ […]

Continue Reading

FACT CHECK: শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীয়ে পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিয়াৰ বাবে ডিগ্ৰী নাপাব নেকি? সত্যটো কি জানক!

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা টি-২০ ক্ৰিকেট বিশ্বকাপত পাকিস্তানে ভাৰত-পাকিস্তানৰ মেচখন জিকিছিল। তাৰ পিছত কাশ্মীৰৰ কিছুমান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানৰ বিজয় উদযাপন কৰা কিছু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই সন্দৰ্ভত এটা বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ই দাবী কৰে যে “শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ত পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিয়া ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হৈছে আৰু […]

Continue Reading

FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ […]

Continue Reading