কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading

জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল’বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে […]

Continue Reading

এই ফটোখনত থকা ব্যক্তি দুগৰাকী ইন্দিৰা গান্ধীৰ শহুৰ আৰু পতি নহয়।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু আন দুজন ব্যক্তি আছে। দাবী কৰা হৈছে যে সেই ব্যক্তি দুগৰাকী হ’ল ক্ৰমে ইন্দিৰা গান্ধীৰ শহুৰ ইউনুছ খান আৰু পতি ফিৰোজ খান।  ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে -বহুত কষ্ট কৰি পাইছো এইখন […]

Continue Reading

এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা নাই।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ইন্দিৰা গান্ধীৰ এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত তেওঁ কিবা খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছিল যে ব্ৰাহ্মণ হৈয়ো তেওঁ সাগৰীয় (আমিষ) খাদ্য খাইছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি গুগলত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ […]

Continue Reading

জৱাহৰলাল নেহৰুৰ পিতৃ মুছলমান নাছিল। নেহৰু পৰিয়াল সম্পৰ্কে কৰা ভাইৰেল দাবীটো ভুৱা।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত জৱাহৰলাল নেহৰুৰ পৰিয়াল সম্পৰ্কে কিছুমান দাবী উত্থাপন কৰা হৈছে। যেনে মতিলাল নেহৰুৰ পাঁচগৰাকী পত্নী আছিল, জৱাহৰলাল নেহৰুৰ প্ৰকৃত পিতৃৰ নাম আছিল মোবাৰক আলী, জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্না সম্পৰ্কীয় ভাতৃ আছিল ইত্যাদি। এই সকলো তথ্যৰ উৎস জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিব […]

Continue Reading

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে, বিশেষকৈ বিৰোধী দল কংগ্ৰেছে লাধাখৰ পৰিস্থিতিৰ বাবে মোডীক জগৰীয়া […]

Continue Reading