হাৰিয়ানাত এজন হিন্দু লোকক এইদৰে প্ৰহাৰ কৰা হৈছে নেকি? সত্যটো কি?

হাৰিয়ানাত চলি থকা শেহতীয়া সাম্প্ৰদায়িক হিংসাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নুহত সংঘটিত হোৱা হিংসাৰ জুই হাৰিয়ানাৰ বহু চহৰলৈ প্ৰসাৰিত হৈছে। এই হিংসাত্মক ঘটনাত একাংশ লোক নিহত হোৱাৰ খবৰো পোৱা গৈছে। সেইবাবেই তাত পালৱাল, সোহানা, মানেছাৰ আৰু পাটৌদিত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এই হিংসাত্মক ঘটনা সন্দৰ্ভত নুহ, গুৰুগ্ৰাম, পালৱাল আদি জিলাত ঘটনা সন্দৰ্ভত ৪০টাতকৈও অধিক […]

Continue Reading

আমেৰিকাৰ এটা কোম্পানীয়ে ভগবান শ্ৰীৰামৰ নামত গাড়ী নিৰ্মান কৰিছেনে? সত্যটো কি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন গাড়ীৰ ফটো ভাইৰেল হৈ পৰিছে, য’ত গাড়ীখনৰ নাম ৰাম(RAM) বুলি লিখা আছে। এটা আমেৰিকান কোম্পানীয়ে এখন গাড়ী নিৰ্মাণ কৰি ভগবান শ্ৰী ৰামৰ নামেৰে ৰাম নাম দিয়া বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে। ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, “ঈশ্বৰৰ মহিমা চাওক। আমেৰিকাই এখন নতুন গাড়ী মুকলি কৰি নাম ৰাখিছে […]

Continue Reading

চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজন কৰা এক সমাৱেশৰ ফটো সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

২০২৩ চনৰ ২৯ জুলাইত মণিপুৰৰ ইম্ফলত চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদৰ বিৰুদ্ধে COCOMI সংগঠনে এক বিশাল ৰেলী উলিয়াইছিল। বৃহৎ সংখ্যক লোকে এই সমাৱেশত অংশ লৈছিল।ছ’চিয়েল মিডিয়াত এই সমাৱেশৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ লোকে বেনাৰ লৈ থিয় হৈ আছে। বেনাৰত লিখা আছে (Kukis are foreigner and Meiteis are refugee) কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী। ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ […]

Continue Reading

এই ফটোসমূহ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ নহয়।

মণিপুৰত দুগৰাকী মহিলাৰ সৈতে হোৱা বৰ্বৰতাৰ ঘটনাত দেশৰ কেইবাখনো চহৰত ব্যাপক গৰিহণা, লগতে প্ৰতিবাদৰ ঢৌ উঠিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে ৰাজপথ দখল কৰা কিছুমান ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি মণিপুৰৰ হিংসাৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে। পোষ্টটোত শ্বেয়াৰ কৰা চাৰিখন ফটোৰ ভিতৰত তিনিখন ফটোত প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে, চতুৰ্থ ফটোখনত […]

Continue Reading

মণিপুৰত বিজেপি,আৰএছএছ নেতাক খেদি খেদি প্ৰহাৰ কৰা হৈছেনে? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জনগোষ্ঠীয় সংঘাতৰ পাছত ব্যাপক হিংসাই ৰাজ্যখনক জোকাৰি গৈছে। মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই যৌন নিৰ্যাতন চলোৱা এটা আমনিদায়ক ভিডিঅ’ই সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছে। এই পটভূমিতে মণিপুৰৰ সৈতে জড়িত বুলি বহুতো ফটো আৰু ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধা পুৰুষৰ […]

Continue Reading

মণিপুৰত এগৰাকী কুকী মহিলাক আৰএছএছৰ মানুহে এইদৰে হত্যা কৰিছেনে? সত্যটো কি?

শেহতীয়াকৈ ২০২৩ চনৰ ১৯ জুলাইত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল য’ত দেখা গৈছিল যে দুগৰাকী কুকি মহিলাক উলংগ কৰি হিংসাত্মকভাৱে ভিৰৰ মাজেৰে লৈ যোৱা হৈছিল আৰু তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। সেই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ভাৰতৰ আইন-শৃংখলা আৰু মহিলাসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল ক্ষুব্ধ হৈ পৰিছিল। মণিপুৰত চলি […]

Continue Reading

কেপচিকামৰ ভিতৰত এয়া বিশ্বৰ ক্ষুদ্ৰতম বিষাক্ত সাপ হয়নে? সত্যটো কি?

শেহতীয়াভাৱে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে এটা সেউজীয়া কেপচিকামৰ ভিতৰত এটা বিশেষ পোক। কোৱা হৈছে যে ই বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ বিষাক্ত সাপ। ২ মিনিটৰ এই ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে কেপচিকামৰ ভিতৰৰ পৰা সূতাৰ দৰে বগা ৰঙৰ পোকটো খুচৰি উলিয়াইছে। ভিডিঅ’টোৰ কেপচনত কোৱা হৈছে যে “অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয়। ইয়াক […]

Continue Reading

এই ফটোখনৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই।

ইণ্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ফটো। য’ত বহু মহিলাক উলংগ হৈ থিয় হৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এইসকল মহিলাই।   আৰক্ষীয়ে ইতিমধ্যে নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভাইৰেল ফটোখনৰ সৈতে ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “बेशर्मी से नग्न […]

Continue Reading

অভিনেতা নানা পাটেকাৰে বাগেশ্বৰ ধামত আধ্যাত্মিক ভাষণ দিছেনে? সত্যটো কি?

শেহতীয়াভাৱে বলীউডৰ যশস্বী অভিনেতা নানা পাটেকাৰৰ ১ মিনিট ৪৬ ছেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ মঞ্চত ভাষণ দিয়া দেখা গৈছে। তেওঁ ভাষণত কৈছে তেওঁৰ ঈশ্বৰ ভক্তি আৰু মানুহৰ লগত তেওঁৰ সম্পৰ্ক আদিৰ বিষয়ত । এই ভিডিঅ’টো বাগেশ্বৰ ধামৰ বুলি দাবী কৰি ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল কৰিছে। দাবী কৰা হৈছে যে অলপতে নানা […]

Continue Reading

নাগালেণ্ডৰ ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে বুলি কৰা দাবী মিছা।

শেহতীয়াকৈ এজন টিভি ৰিপোৰ্টাৰক দিন দুপৰতে অপহৰণ কৰাৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি মহিলাৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো নাগালেণ্ডৰ ডিমাপুৰৰ। ভাইৰেল পোষ্টটোৰ কেপশ্বন দিয়া হৈছে এইদৰে – “ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে”। Facebook Link | Archived Link আমি […]

Continue Reading