FACT CHECK: উশাহত ভাপ লৈ কোভিড ১৯ৰ বিজানু ধ্বংস কৰিব নোৱাৰি।

ভাৰতত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা যিমানে বাঢ়িছে সিমানেই ছোচিয়েল মিডিয়াত সাৱধানতা আৰু যতনৰ কথা সিমানে বাঢ়িছে। তেনেকুৱা এটা দাবী অসমৰ হোৱাটছএপত ভাইৰেল হৈছে যে কৰ’ণাভাইৰাছৰ বেমাৰ ভাল হোৱাত গৰম পানীৰ ভাপ উশাহত লোৱাতো জৰুৰী। Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই হোৱাটছএপত এটা মেছেজ পালো য’ত ভাপ লোৱা কামটোৱে ভাইৰাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাত সহায় সচাকৈ কৰে […]

Continue Reading

FACT CHECK: আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।  […]

Continue Reading

FACT CHECK: এই চৰাইবোৰ 5G ৰেডিয়েছনৰ ফলত মৃত্যুমুখত পৰা নাই!

বহুকেইটা মৃত চৰাইৰ ফটো বিভিন্ন প্ৰোফাইলৰ পৰা আপলোড কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে, য’ত লিখা হৈছে যে সেই চৰাইসমুহ ৫জি ৰেডিয়েছনৰ বিৰূপ প্ৰভাৱৰ ফলত মৃত্যুমুখত পৰিছে। ফটোত দেখা গৈছে যে এডল মানুহে মাটিত প্ৰানহীন হৈ পৰি থকা কেইটামান চৰাইক পৰ্যবেক্ষন কৰি আছে। তেনেকুৱা পোষ্ট কেইটামান হ’ল: Original Link- Facebook | Archived Link Original Link- […]

Continue Reading

FACT CHECK: এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।

এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link  কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি […]

Continue Reading

FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে।  ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে […]

Continue Reading

FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে ।  এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]

Continue Reading

FACT CHECK: কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল

শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে।  অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে:  “তুলি লোৱাৰ বাবে:  যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া […]

Continue Reading

FACT CHECK: ২০ চেকেণ্ডৰ বাবে উশাহ বন্ধ কৰাটোৱে আপুনি কোভিড ১৯ত আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত নকৰে

অনলনাইন চলি থকা অসংখ্য ভুল তথ্যৰ মাজতে আপোনাৰ কোভিড ১৯ হৈছেনে নাই তাক চোৱাৰ এটা আত্ম-পৰীক্ষা পদ্ধতি বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই সাধাৰণ আত্ম-পৰীক্ষাটোৰ মতে মানুহে ২০ চেকেণ্ডৰ বাবে নিজৰ উশাহটো ধৰি ৰাখি নিজৰ কোভিড ১৯ হৈছে নে নাই জানিব পাৰে। ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading

FACT CHECK: অন্য কোনো সাংবাদিকৰ ভিডিঅ’ এটা প্ৰয়াত সাংবাদিক ৰোহিত সৰদানাৰ বুলি শ্বেয়াৰ কৰি থকা হৈছে!

শেহতীয়াভাৱে কোভিড ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত আজ টকৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । তেওঁ মৃত্যুৰ পিছত, সৰদানাৰ শেষ ভিডিঅ’ বুলি লিখা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত বাৰুকৈয়ে প্ৰচাৰ কৰা হৈছে।  ভিডিঅ’টোত মাস্ক পৰিহিত এজন লোকে দেশত কোভিড পৰিস্থিতিৰ ভয়ংকৰ অৱনতি সম্পৰ্কত কৈ আছে। তেনেকুৱা কিছুমান লিংক এয়া: Original Link: […]

Continue Reading

FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে […]

Continue Reading