
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি থকা এজন ব্যক্তিক তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলি কৰি থকা বুলি এজন পুলিচে লাঠী দেখুৱাই ধমক দি আছে। পুলিচজনক ভিডিঅ’টোত দেখা যোৱা নাই যদিও লাঠীডাল আৰু ভিডিঅ’টোত হোৱা কথা-বতৰাৰ পৰা আনজন ব্যক্তি পুলিচ বুলি বুজিব পৰা যায়।
ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ফল খাই ভাল পাই নেকি এতিয়াৰ পৰা সাৱধান হওক, লৰা ছোৱালীক টো আৰু নোখোৱাব।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ “Social Message” নামৰ ফেচবুক পেজত আমি পালোঁ। ২৯ এপ্ৰিলত প্ৰকাশিত এই পোষ্টটোৰ লগতে লিখা আছে – তৰমুজ খোৱাসকলে নিশ্চয়কৈ চাওক। আপোনাৰ স্বাস্থ্যৰ লগত কেনে খেলা কৰা হৈছে সাৱধান হওক।

এই ভিডিঅ’টোৰ ২৮ ছেকেণ্ডৰ পিছত এটা ডিচক্লেইমাৰ ওলায়। এই ডিচক্লেইমাৰত লিখা আছে যে এই ভিডিঅ’টো স্ক্ৰীপ্টেড আৰু সজাগতা বিয়পোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে।
ইয়াৰ পিছত আমি Social Message page ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। পেজৰ বায়’ ছেকচনত লিখা আছে যে ইয়াত উপস্থাপন কৰা কিছুমান ভিডিঅ’ স্ক্ৰীপ্টেড, যিবোৰ সজাগতা আৰু মনোৰঞ্জনৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে।

ভাইৰেল ভিডিঅ’টো Social Message ৰ ইউটিউব চেনেলতো চাব পাৰিব। এই চেনেলত মনোৰঞ্জনৰ বাবে ভিডিঅ’ বনোৱা হয়। সম্পূৰ্ণ ভিডিঅ’টো তলত চাওক।
ভাইৰেল ভিডিঅ’ৰ দৰে অন্যান্য ভিডিঅ’ও চেনেলটোত চাব পাৰিব। যাৰ পৰা স্পষ্ট হৈ পৰে যে চেনেলটোৱে সজাগতা আৰু মনোৰঞ্জনৰ বাবে এই ভিডিঅ’টো বনাইছে।
তৰমুজৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ-
তৰমুজত থকা ৰাসায়নিক পদাৰ্থইও গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলে জনোৱা মতে, তৰমুজৰ ওপৰত বহুবাৰ বগা বা হালধীয়া গুড়ি দেখা যায় যিবোৰ ধূলি বুলি ভাবি পৰিষ্কাৰ কৰা হয়। কিন্তু সেয়া ধূলি নহয় কেলচিয়াম কাৰ্বাইড পাউদাৰ হ’ব পাৰে। ইয়াক ব্যৱহাৰ কৰিলে ফলবোৰ সোনকালে পকি যায়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো স্ক্ৰীপ্টেড। এই ভিডিঅ’টো সজাগতা সৃষ্টি কৰিবলৈহে নিৰ্মাণ কৰা হৈছে। মুখত কাপোৰ বান্ধি থকা ব্যক্তিজনে প্ৰকৃততে তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলাই থকা এই ভিডিঅ’টো এটা স্ক্ৰীপ্টেড ভিডিঅ’।
Fact Check By: Debanjana BaishyaResult: Misleading
