অলপতে এটা বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ'টোত তিনিগৰাকী ছোৱালীক কেইজনমান ব্যক্তিয়ে আগচি ধৰি দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁতে ছোৱালীকেইজনীয়ে আটাইকেইজন ব্যক্তিক মৰিয়াই পলাবলৈ সক্ষম হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ছোৱালীকেইগৰাকী ইজৰাইলী আৰু ব্যক্তিকেইজন আছিল আৰবৰ। তেনে এটা পোষ্ট আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ইনষ্টাগ্ৰামৰ এটা পোষ্ট পালোঁ। Campus.univers.cascades নামৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলটোত আপলোড কৰা এই ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল "Street fight" বুলি।

এই প্ৰ'ফাইলটোত আপলোড হোৱা আন কিছুমান ভিডিঅ' আমাৰ দৃষ্টিগোচৰ হ'ল য'ত ভাইৰেল ভিডিঅ'টোৰ সৈতে মিল থকা বহুতো সমৰ কলাৰ দৃশ্য আছিল।

চিনেমা আৰু মনোৰঞ্জনৰ ষ্টাণ্ট কৌশলৰ বাবে ২০০৮ চনত পেৰিছত প্ৰতিষ্ঠা হোৱা পেছাদাৰী প্ৰশিক্ষণ কেন্দ্ৰ কেম্পাছ ইউনিভাৰ্ছ কেস্কেডছৰ ষ্টাণ্ট পৰিবেশকসকলে এই যুঁজখনৰ আয়োজন কৰিছিল।

আমাৰ অনুসন্ধানত নিশ্চিত হ'বলৈ আমি campus univers cascadeৰ ৱেবছাইটত যোগাযোগ কৰিলোঁ। তেওঁলোকে আমাক জনালে যে এই ভিডিঅ'টো এটা ষ্টাণ্ট ভিডিঅ' আছিল আৰু স্ক্ৰিপ্টেড আছিল। এই ভিডিঅ'টোৰ ইজৰাইলৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰা ধৰণে এই ভিডিঅ'টোত তিনিগৰাকী ইজৰাইলী ছোৱালীক আৰবৰ পুৰুষে নিৰ্যাতন কৰিবলৈ চেষ্টা কৰা নাই। এই ভিডিঅ'টো এটা ষ্টাণ্ট ভিডিঅ' আৰু সমৰ কলা বিদ্যালয়ৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলী মহিলাই আৰবৰ পুৰুষক প্ৰত্যাক্ৰমণ কৰা বুলি ভাইৰেল হোৱা এই ভিডিঅ'টো এখন সমৰ কলা বিদ্যালয়ৰ স্ক্ৰিপ্টেড ষ্টাণ্ট ভিডিঅ'হে।

Written By: FactCrescendo Assamese

Result: False