
শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল যে ভাৰতীয় টকাৰ নোটখনত গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি থাকিব। এনে ধৰণৰ বিভিন্ন পোষ্ট অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে । বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা এনে ধৰণৰ দাবী সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে ।

আমি, ‘ফেক্ট ক্ৰেচেণ্ড অসমীয়া’ই, এই সম্পৰ্কে এক তদন্ত কৰাৰ সিদ্ধান্ত ললো । সঁচাকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰিছে নেকি জানিবলৈ চেষ্টা কৰিলোঁ ।
তথ্যসমূহ পৰীক্ষা কৰি আমি জানিব পাৰিলো যে পোষ্টটোৰ দাবীটো মিছা আৰু বিভ্ৰান্তিকৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই।
সত্যতা নিৰূপণ পদ্ধতি
এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি জানিবলৈ চেষ্টা কৰোঁ যে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এনে কোনো ঘোষণা কৰিছে নে নাই। আমি দেখিলোঁ যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত এই ভাইৰেল দাবী খণ্ডন কৰি এক প্ৰেছ নোট জাৰি কৰা হৈছে। ২০২২ চনৰ ৬ জুনত প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তিৰ শিৰোনামটোত লিখা আছে, “আৰ বি আইয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন হোৱা নাই।” প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে, “বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু নোটত মহাত্মা গান্ধীৰ ছবিৰ ঠাইত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে। দৰাচলতে ৰিজাৰ্ভ বেংকে এনে কোনো সিদ্ধান্ত লোৱা নাই।”

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এটা পোষ্ট আপলোড কৰি বৰ্তমানৰ মুদ্ৰা আৰু নোটত মহাত্মা গান্ধীৰ ছবিৰ ঠাইত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰা হৈছে প্ৰচাৰ হোৱা বাতৰিটো ভুল বুলি স্পষ্ট কৰিছে ।
উপৰোক্ত তথ্য আৰু প্ৰমাণৰ পৰা স্পষ্ট হৈ পৰিছে যে আৰ বি আইয়ে মুদ্ৰা আৰু নোটত গান্ধীৰ ছবি সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি ব্যৱহাৰ কৰিব বুলি প্ৰচাৰ হোৱা দাবীটো ভুল।
ফলাফল
তথ্যসমূহ পৰীক্ষা কৰাৰ পিছত ফেক্ট ক্ৰিছাণ্ডোৱে এই সিদ্ধান্তত উপনীত হয় যে ওপৰত উল্লেখিত দাবীটো ভুল আৰু ভিত্তিহীন। ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই
Fact Check By: Manjori BorkotokyResult: False
