সঁচাকৈয়ে ছেবাই সকলো পৰীক্ষা বাতিল কৰিছে নেকি?

False Social

শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়া বিশেষকৈ ফেচবুক, শ্বেয়াৰচেট আদিত কিছুমান তথ্য ভাইৰেল কৰা হৈছে যে ছেবাৰ দ্বাৰা নিয়ন্ত্ৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইখন প্ৰশ্নকাকত ফাদিল হৈছে আৰু সকলো পৰীক্ষা বাতিল কৰা হৈছে। লগতে সকলো ছাত্ৰ-ছাত্ৰীকে পাছ কৰাই দিয়া হব বুলিও খবৰ বিয়পাই দিয়া হৈছে। 

Archived Link 

কেৱল ইমানেই নহয় ১৮ মাৰ্চ ২০২৩ শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকতখনো ফাদিল হোৱা বুলি খবৰ বিয়পাই দি এখন প্ৰশ্নকাকত ভাইৰেল কৰা হৈছে। এই বিষয়ত কেইবাটিও ফেচবুক পোষ্ট দেখা গৈছে। পোষ্ট সমুহত লিখা হৈছে যে এই পৰীক্ষাৰ আটাইকেইখন কাকতেই ফাদিল হৈছে। 

Facebook LinkArchived Link 

Facebook LinkArchived Link

Facebook LinkArchived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে শ্বেয়াৰচেটত ভাইৰেল হোৱা সেই ফটোখন ভালকৈ পৰীক্ষা কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰোঁতে HSLC & HS Gallery নামৰ এটা ইউটিউৱ চেনেলৰ লিংক লাভ কৰিলোঁ। এই চেনেলটোৰ এটা ভিডিঅ’ত থাম্বনেইল হিচাপে এই ফটোখন ব্যৱহাৰ কৰা হৈছে। কিন্তু ভিডিঅ’টোত কোৱা কথাখিনিৰ সৈতে থাম্বনেইলটোৰ সম্পৰ্ক নাই। ই বিভ্ৰান্তিকৰ। চেনেলটোৰ আন ভি়ডিঅ’বোৰতো অনুৰূপ ধৰণে বিভ্ৰান্তিকৰ আৰু অসত্য কথাৰ থাম্বনেইল লগোৱা আমি দেখা পালোঁ।

ইয়াৰ পাছত ভাইৰেল হোৱা ফেচবুক পোষ্টকেইটা পৰীক্ষা কৰিলোঁ। তাৰে এটা পোষ্টত এখন প্ৰশ্নকাকত দেখুওৱা হৈছে। যিখন কাকতত ২০২৩চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকত বুলি উল্লেখ কৰা হৈছে। প্ৰশ্নকাকতখন পৰীক্ষা কৰি আমি দেখিলোঁ যে তাত সেইখন ২০২১চনৰ প্ৰশ্ন কাকত বুলি উল্লেখ কৰা বিধিগত লিখনি উপলব্ধ। কিন্তু চনটো ২০২৩ বুলি লিখা হৈছে। 

এই সম্পৰ্কত আমাৰ সন্দেহ হোৱাত আমি ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ সৈতে ফোনযোগে কথা পাতিছিলোঁ। সকলো কথা তেখেতৰ পৰা জনাৰ উদ্দেশ্যে আমি প্ৰশ্ন কৰাত তেখেতে কয় যে ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ দুখন প্ৰশ্নকাকত ক্ৰমে বিজ্ঞান আৰু অসমীয়াৰ কাকত ফাদিল হোৱাটো সত্য আৰু ইতিমধ্যে সেই দুখনৰ পৰীক্ষাৰ বাবে নতুন দিনো ঘোষণা কৰা হৈছে। তদুপৰি এই ঘটনাৰ সৈতে জৰিত লোকক আৰক্ষীয়ে আটকো কৰিছে। কিন্তু ভূগোলৰ প্ৰশ্নকাকতখন ফাদিল হোৱা কথাটো সম্পূৰ্ণ অসত্য। ভাইৰেল হোৱা কাকতখন ২০২১ বৰ্ষৰ বাবে সাজু কৰা প্ৰশ্ন কাকত। সেইখনৰ ভিত্তিতেই ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আয়োজন কৰা হৈছিল। কোনো চক্ৰই সেই কাকতখনতে ২০২১ৰ ঠাইত ২০২৩ বুলি এডিট কৰি ভাইৰেল কৰিছে। তদুপৰি তেওঁ আমাৰ কয়, “ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইখন কাকত ফাদিল হোৱা বুলি ওলোৱা খবৰটো সম্পূৰ্ণ অসত্য। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইখন কাকতৰ পৰীক্ষা বাতিল কৰা কথাটোও অসত্য আৰু সকলো পৰীক্ষাৰ্থীকে পাছ কৰাই দিয়া কথাটোও অসত্য!”

এই বিষয়ে আমাৰ আন এক সত্যতা নিৰূপন ইয়াত পঢ়ক

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে চলিত বৰ্ষৰ ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত দুখন ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত নতুনকৈ পৰীক্ষা আয়োজন কৰা হব আৰু ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে সকলো প্ৰশ্নকাকত ফাদিল হোৱা, সকলো পৰীক্ষা বাতিল হোৱা আৰু সকলো পৰীক্ষাৰ্থীকে পাছ কৰাই দিব বুলি ওলোৱা প্ৰতিটো খবৰেই অসত্য। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে ছেবাই সকলো পৰীক্ষা বাতিল কৰিছে নেকি?

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *