শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ'টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ'ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। তেতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ। ২০২৩ চনৰ ২৩ মে’ত আপলোড কৰা এই ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে, “PM Modi addresses a public meeting in Patiala, Punjab (পিএম মোডীৰ পঞ্জাৱৰ পাটিয়ালাত এখন ৰাজহুৱা সভাত ভাষণ)”। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি, “২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱৰ পাটিয়ালাৰ জনসাধাৰণৰ উষ্ম আদৰণিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশাল সভাত ভাষণ দিছিল। ‘গুৰু টেগ বাহাদুৰ’ৰ ভূমিলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ আৰম্ভ কৰে। তেওঁ কয়, ‘পঞ্চম পৰ্যায়ৰ ভোটদানৰ পিছত ভাৰতৰ জনসাধাৰণৰ বাৰ্তা ‘ফিৰ এক বাৰ, মোডী চৰকাৰ’ৰ সৈতে প্ৰতিধ্বনিত হয়। ‘বিকশিত ভাৰত’ নিশ্চিত কৰিবলৈ বিজেপিক ভোট দিবলৈ তেওঁ পঞ্জাৱক আহ্বান জনায়।”

টাইমষ্টেম্প ১৭:৫৩ৰ পৰা ১৮:২০ লৈকে ভাইৰেল ক্লিপটো চাব পাৰিব। তাত মোডীয়ে হিন্দীত কোৱা শুনা যায়, “সাথিয়োঁ য়ে প্ৰধানমন্ত্ৰী কি বাত ছোড় দিজিয়ে, মেৰা তোহ আপছে খুন কা নাতা হ্যে। গুৰু গোবিন্দ সিং জী কে জো পেহলে ‘পাঞ্জ প্যাৰে’ উছমেইন মেৰা এক দ্বাৰীকা কা পাঞ্জ প্যাৰো মেইন থা” (প্ৰধানমন্ত্ৰীৰ কথা বাদ দিয়ক, গুৰু গোবিন্দ সিংহ জীৰ অন্যতম পাঞ্জ প্যাৰেৰ এজন আছিল দ্বাৰকাৰ)। প্ৰধানমন্ত্ৰী মোডীয়ে দ্বাৰকা শব্দটো দ্বাৰিকা বুলি উচ্চাৰণ কৰিছিল।

Archived Link

অধিক অনুসন্ধান কৰি আমি নৰেন্দ্ৰ মোডীৰ ৱেবছাইটত পাটিয়ালাত অনুষ্ঠিত জনসভাত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ লিখিত ৰূপ পালোঁ। ভাষণৰ ক’তো তেওঁ গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি উল্লেখ কৰা নাছিল।

Archived Link

প্ৰধানমন্ত্ৰী মোডীৰ পাটিয়ালা ৰেলী সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

Archived Link.

পাঞ্জ প্যাৰে কোন আছিল?

পাঞ্জ প্যাৰে (পাঁচজন প্ৰিয় ব্যক্তি) মানে পাঁচজন অমৃতধাৰী (শৰণ লোৱা) খালছা শিখৰ দল যিয়ে শিখ সম্প্ৰদায়ৰ বাবে প্ৰতিষ্ঠানিক নেতা হিচাপে কাম কৰে। ঐতিহাসিক অৰ্থত এই শব্দটো পাঁচজন ব্যক্তিক − ভাই দয়া সিং, ভাই ধৰম সিং, ভাই হিম্মত সিং, ভাই মোহকম সিং আৰু ভাই চাহাব সিং – দশম শিখ গুৰু গুৰু গোবিন্দ সিঙে ১৬৯৯ চনৰ ৩০ মাৰ্চত ভাৰতৰ পঞ্জাৱ অঞ্চলৰ আনন্দপুৰ চাহাবত ঐতিহাসিক সমাবেশৰ সময়ত দিয়া সামূহিক নামক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

সেইসকলৰ ভিতৰত ভাই মোহকম সিং (জন্ম মোহকম চান্দ) আছিল বেট দ্বাৰকাৰ (বৰ্তমানৰ গুজৰাট)। ১৬৮৫ চনত তেওঁ তেতিয়াৰ গুৰু গোবিন্দ সিঙৰ আনন্দপুৰস্থিত আসনলৈ আহে। তেওঁ যুদ্ধ কলাৰ চৰ্চা কৰিছিল আৰু চাৰিওফালৰ পাহাৰীয়া মুখীয়াল আৰু সাম্ৰাজ্যবাদী সৈন্যৰ সৈতে শিখ যুদ্ধত অংশ লৈছিল। ১৬৯৯ চনৰ বৈশাখী দিনটোত গুৰু গোবিন্দ সিঙৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৰচ্ছেদৰ বাবে মূৰ আগবঢ়াই পাঞ্জ প্যাৰে নাম লাভ কৰা পাঁচজনৰ ভিতৰত তেওঁ অন্যতম। খালছাৰ ক্ৰমত দীক্ষিত হৈ মোহকম চান্দে সিং উপাধি লাভ কৰি মোহকম সিং হয়। ১৭০৪ বা ১৭০৫ চনৰ ৭ ডিচেম্বৰত ভাই হিম্মত সিং আৰু ভাই চাহাব সিঙৰ সৈতে চামকৌৰ যুদ্ধত ভাই মোহকম সিঙৰ মৃত্যু হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰো যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱা নাছিল যে গুৰু গোবিন্দ সিঙৰ এজন পাঞ্জ প্যাৰে তেওঁৰ খুৰাক। তেওঁ আচলতে কৈছিল যে “পাঞ্জ প্যাৰে” সকলৰ এজন দ্বাৰকা গুজৰাটৰ আৰু এইদৰে পঞ্জাৱৰ মানুহৰ লগত তেওঁৰ তেজৰ সম্পৰ্ক আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

Fact Check By: Debanjana Baishya

Result: False