যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ'চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে।

তেনেধৰণৰ দাবীৰে ইউটিউবত এটা ভিডিঅ' আপলোড হোৱা‌ও দেখা গৈছে। ভিডিঅ'টোত দেখা গৈছে এখন বিমান আকাশতে জ্বলি উঠাৰ দৃশ্য। ভিডিঅ'টো আপলোড কৰা হৈছে "নৱভাৰত টাইমছ" নামৰ ইউটিউব চেনেল এটাৰ পৰা। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছে "Nepal Plane Crash:देखते-देखते लगी आग, फिर हुआ काला गुब्बार | Plane Crash Live Video" ।

YouTube Link | Archived Link

তেনেধৰণৰ দাবীৰে একেটা ভিডিঅ' টুইটাৰতো শ্বেয়াৰ হোৱা দেখা গ'ল।

https://twitter.com/yunesh_k/status/1614804249757782016

Tweet Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লো।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলোঁ গুগলত কীৱ'ৰ্ড চাৰ্চ কৰি। তেতিয়া আমি ২০২১ চনৰ ১৭ আগষ্টত আনাডোলু এজেন্সীয়ে প্ৰকাশ কৰা একেটা ভিডিঅ' পালোঁ।ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে, “ৰাছিয়াত সামৰিক পৰিবহণ বিমান দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয়।” প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ সামৰিক পৰিবহণ বিমান II-112 ৰ এটা প্ৰট’টাইপ ৰাছিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজনীয়া দলৰ মৃত্যু হয়। ৰাজধানী মস্কোৰ পৰা প্ৰায় ৬১ কিলোমিটাৰ দূৰত্বত অৱস্থিত মস্কো অব্লাষ্ট অঞ্চলৰ কুবিংকা বিমানবন্দৰত পৰীক্ষামূলক উৰণৰ সময়ত সংঘটিত হয় এই ঘটনা।

ব্ৰেকিং এভিয়েশ্বন নিউজ এণ্ড ভিডিঅ’ইও ২০২১ চনৰ ১৭ আগষ্টত এই ভিডিঅ’টো পোষ্ট কৰিছিল, য’ত লিখা আছিল “ইঞ্জিনত জুই লগাৰ পাছত ৰাছিয়াৰ কুবিংকা বিমানবন্দৰৰ কাষ চাপি অহাৰ সময়ত ইলিউশ্বিন ইল-১১২ দুৰ্ঘটনা। বৰ্তমান হতাহতৰ সংখ্যা অজ্ঞাত।”

২০২১ চনৰ ১৭ আগষ্টত এ পি নিউজ আৰু বষ্টনগ্ল’ব ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত ৰাছিয়াৰ এখন প্ৰ’ট’টাইপ সামৰিক পৰিবহণ বিমানে মস্কোৰ বাহিৰত পৰীক্ষামূলক উৰণ চলাই থকাৰ কথা প্ৰকাশ পাইছিল। সেই সময়ছোৱাত ই দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ৰাছিয়াৰ ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্প’ৰেশ্যনে জনোৱা মতে, মস্কোৰ পৰা ৪৫ কিলোমিটাৰ (২৮ মাইল) পশ্চিমে অৱস্থিত কুবিংকা বিমানবন্দৰত অৱতৰণ কৰিবলৈ যোৱাৰ পথত বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় নতুন লঘু সামৰিক পৰিবহণ বিমান ইল-১১২ভি। জাহাজখনত দুজন টেষ্ট পাইলট আৰু এজন ফ্লাইট ইঞ্জিনিয়াৰ আছিল আৰু আটাইকেইজনৰ মৃত্যু হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো নেপালৰ বিমান দুৰ্ঘটনাৰ নহয় বৰং ৰাছিয়াৰহে হয় লগতে পুৰণিও।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নহয়

Fact Check By: Debanjana Baishya

Result: False