FACT CHECK: ভাইৰেল ভিডিঅ’ত ৰাষ্ট্ৰীয় সংগীত পাহৰি যোৱা লোকজন বিজেপি নেতা নহয়

False Political

চলিত বৰ্ষত ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰে। এই বিশেষ দিনটো পালনৰ বিভিন্ন পোষ্টৰ জোৱাৰ উঠা দেখা গ’ল ছ’চিয়েল মিডিয়াত। তেনেকুৱা এটা ভিডিঅ’, য’ত এগৰাকী ৰাজনৈতিক নেতাৰ দৰে দেখাত ব্যক্তিয়ে ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ চেষ্টা কৰি মাজতে পাহৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ব্যক্তিগৰাকী এগৰাকী বিজেপি নেতা আৰু তেওঁ আনকি ৰাষ্ট্ৰীয় সংগীতটোকেই নাজানে। 

২০২১ৰ ২২আগষ্টত আব্দুল হাচিব নামৰ এটা ফেচবুক প্ৰ’ফাইলৰ পৰা এই ভিডিঅ’টো আপলোড হোৱাৰ পিছত অসমতো এই নিৰ্দিষ্ট ভিডিঅ’টো ভাইৰেল হৈ পৰা দেখা গৈছে আৰু বৰ্তমানলৈকে ২২৭বাৰতকৈয়ো অধিকবাৰ শ্বেয়াৰ কৰা হৈছে। 

Original Link- Facebook | Archived Link

আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই দাবীটোৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলো আৰু গম পালো যে সেই ব্যক্তিগৰাকী এজন বিজেপি নেতা নহয়, বৰং তেওঁ সমাজবাদী পাৰ্টীৰ নেতা তথা সাংসদ এছ.টি.হাছান । ৭৫সংখ্যক স্বাধীনতা দিৱসত তেওঁ আৰু তেওঁৰ দলৰ নেতা কৰ্মী সকলে পতাকা উত্তোলনৰ সময়ত ৰাষ্ট্ৰীয় সংগীতটো পাহৰি যোৱা ঘটনাৰ পিছত এতিয়া তেওঁ আৰু তেওঁৰ দলৰ কৰ্মীসকল লজ্জানত হৈ পৰিছে। 

সত্যতা নিৰূপন পদ্ধতি

আমি কিছুমান প্ৰাসংগিক শব্দ লৈ গুগলত ছাৰ্চ কৰি চালো । আমি বিভিন্ন প্ৰতিস্থিত সংবাদ প্ৰতিস্থান আৰু অন্য ৱেবচাইটত এই ঘটনাটো সম্পৰ্কত প্ৰকাশিত বিভিন্ন বাতৰিৰ কিছুমান লিংক লাভ কৰিলো। 

টাইমছ নাওৱে এই ঘটনাটো সম্পৰ্কত এক বাতৰি, “সমাজবাদী দলৰ সাংসদে ৰাষ্ট্ৰীয় সংগীত পাহৰি গ’ল; বিজেপিৰ সম্বিত পাত্ৰই কৰিলে টুইট” বুলি শিৰোনাম দি প্ৰকাশ কৰিছে । উক্ত নিউজ ৰিপৰ্টটোত ভাইৰেল ভিডিঅ’টোও সংলগ্ন কৰি দিয়া হৈছে। এই বাতৰিৰ পৰা স্পষ্ট হৈ পৰিছে যে আমি সেই একেই ভাইৰেল ভিডিঅ’ৰ বিষয়ে অনুসন্ধান কৰি আছো আৰু উক্ত ব্যক্তিগৰাকী হৈছে সমাজবাদী পাৰ্টীৰ নেতা তথা সাংসদ। তেওঁ দাবী কৰা ধৰণে বিজেপি নেতা নহয়। 

Original Link- Times Now News | Archived Link

নিউজ এজেন্সী ANI য়েও ঘটনাটো সম্পৰ্কত বাতৰি প্ৰকাশ কৰিছে, য’ত এই কথা স্পষ্ট হৈ পৰিছে যে এই বিশেষ ব্যক্তিগৰাকী বিজেপিৰ নেতা নহয়, সমাজবাদী পাৰ্টীৰ সাংসদহে।

Original Link – ANI 

ফলাফল

ভিডিঅটোত ৰাষ্ট্ৰীয় সংগীত পাহৰি যোৱা নেতাগৰাকী বিজেপিৰ নহয়, সমাজবাদী পাৰ্টীৰ সাংসদ এছ.টি. হাছান হে হয়। ঘটনাটোৰ সম্পৰ্কত প্ৰকাশিত হোৱা বিভিন্ন বাতৰিত এই কথা নিশ্চিত হৈ পৰিছে যে দাবীটো ভুৱা আৰু সেয়া এটা মিছা বাতৰি।

Avatar

Title:ভাইৰেল ভিডিঅ’ত ৰাষ্ট্ৰীয় সংগীত পাহৰি যোৱা লোকজন বিজেপি নেতা নহয়

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *