ৰকেট নিক্ষেপৰ পুৰণি ক্লিপিং চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ৰ বুলি ভাইৰেল হৈছে! 

False International

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ছ’চিয়েল মিডিয়াত যুদ্ধ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি ফটো, ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো সঁচা যদিওঁ এইয়া নুই কৰিব নোৱাৰি যে ইয়াৰে আন বহুতো মিছা বা ভুৱা হয় । 

এনে ধৰণৰ এক ভিডিঅ’ এতিয়া ফেচবুকৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে উক্ত ভিডিঅ’টোত ৰাছিয়াই ইউক্ৰেইনলৈ মিছাইল নিক্ষেপ কৰা দেখা গৈছে । ভিডিঅ’টোত প্ৰথমে এজন সৈনিকক কিছু কথা কৈ কেমেৰাৰ দিশে আহি থকা দেখা গৈছে আৰু তাৰ পাছতে একেলেথাৰিয়ে কিছু মিছাইল নিক্ষেপ কৰা দেখা গৈছে । 

Facebook Post | Archived Link

আমি উক্ত দাবীৰ সত্যতা সম্পৰ্কে এক অনুসন্ধান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ । অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টোৰ সৈতে ভাইৰেল হোৱা দাবীবোৰ মিছা। উক্ত ভিডিঅ’টো ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ নহয় ।  

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ইনভিড-উই ভেৰিফাই টুল ব্যৱহাৰ কৰি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰাৰ পিছত য়াণ্ডেক্স ৰিভাৰ্চ ইমেজ চাৰ্চ এটা চলাইছিলো । আমি ১৫ ডিচেম্বৰ, ২০১৮ তাৰিখে এটা ছাইট জিফিকেটত আপলোড কৰা একেটা ভিডিঅ’ৰ এটা জিআইএফ দেখিছিলো যাৰ শিৰোনাম আছিল “ইউক্ৰেইনত কাত্যুশা ট্ৰাকে ৰকেট নিক্ষেপ কৰিছিল।” পোষ্টটোত এইটোও উল্লেখ কৰা হৈছে যে ক্লিপিংটোৰ উৎস হৈছে ইউটিউব।

Screenshot, Gfycat

Gfycat Link

আমি কাতিউশা ৰকেটছ শব্দটো চাইছিলো আৰু একেটাতে এনচাইক্লোপিডিয়া ব্ৰিটানিকা পোষ্ট এটা দেখিছিলো:

Screenshot, Encyclopedia Britannica

Encyclopedia Britannica link

ইয়াৰ পিছত, আমি ইউটিউবত সেইটো বিচাৰিছিলো আৰু দেখিছিলো যে ইয়াক ব্যৱহাৰকাৰী চেমাল ক্ৰিষ্টিয়ানছনে ৩ এপ্ৰিল, ২০১৫ তাৰিখে “ৰাছিয়ান ফায়াৰিং ৰকেট বেটাৰী” শিৰোনামৰ সৈতে আপলোড কৰিছিল।

ফলাফল

ওপৰোক্ত দুটা প্ৰমাণে এইটো স্পষ্ট কৰে যে ক্লিপিংটো বহু বছৰ আগৰ পৰা প্ৰচলিত হৈ আছে আৰু ই ইউক্ৰেইনত চলি থকা ৰাছিয়াৰ আক্ৰমণৰ দৃশ্য নহয় ।

Avatar

Title:ৰকেট নিক্ষেপৰ পুৰণি ক্লিপিং চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ৰ বুলি ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *