
যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এক বিধ্বংসী ভূমিকম্পত প্ৰায় ২৬৮ গৰাকী ব্যক্তিৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হয়। ভূমিকম্পৰ পাছতে এই সম্পৰ্কীয় বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ’ই চ’চিয়েল মেডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে যে প্ৰচণ্ড ভূমিকম্পৰ মাজতো এটা মছজিদত কেইগৰাকীমান ব্যক্তিয়ে নামাজ পঢ়ি আছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ইন ভিড এপ ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিলোঁ। তাৰ পিছত আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।
প্ৰথমে আমি “দ্য গাৰ্ডিয়ান“ত ২০১৮ চনৰ আগষ্ট মাহৰ ৬ তাৰিখে প্ৰকাশিত এটা প্ৰবন্ধ পালোঁ। প্ৰবন্ধটোত সংলগ্ন ভিডিঅ’টো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই।

প্ৰবন্ধটোত লিখা আছিল এইদৰে -“চুবুৰীয়া দ্বীপ লম্বকত মাৰাত্মক ভূমিকম্পৰ সময়ত বালিত সন্ধিয়াৰ নামাজ পঢ়ি থকা এজন ইমামৰ ফুটেজ ভাইৰেল হৈছে, তেওঁৰ অটল বিশ্বাসৰ বাবে মানুহে তেওঁক প্ৰশংসা কৰিছে”। Archived Link
এই একেটা বাতৰি “আউটলুক” ৱেবছাইটো ২০১৮ চনৰ আগষ্ট মাহৰ ৬ তাৰিখে প্ৰকাশ পোৱা দেখা গ’ল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
একেই বাতৰি ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়। এই ভিডিঅ’টো ২০১৮ চনত ইণ্ডোনেছিয়াৰ বালিত হোৱা ভূমিকম্পৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়
Fact Check By: Debanjana BaishyaResult: False
