শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ লোনাৱালাৰ এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত ৫ জন লোক পানীত উটি গৈছিল আৰু পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পাছত ছ'চিয়েল মিডিয়াত আন এটা একেধৰণৰ ভিডিঅ' ভাইৰেল হৈছে য'ত এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত কেইগৰাকীমান লোক পানীত উটি যায়। দাবী কৰা হৈছে যে এই ভিডিঅ'টো গুজৰাটৰ। ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "বৰ দুখ লগা দৃশ্য গুজৰাট ৰ । গৰম বন্ধত এনেকুৱা ঠাইত যোৱা সকল সাৱধান।।।🙏🙏"।

Facebook Link | Archived Link.

কিন্তু সঁচাকৈয়ে এই ভিডিঅ'টো গুজৰাটৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া teleamazonas নামৰ ৱেবছাইট এটাত ভাইৰেল ভিডিঅ’টোৰ কিছু তথ্য পালোঁ। ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এখন ফটো ইয়াত ব্যৱহাৰ কৰা হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি নাপো প্ৰদেশৰ আৰ্কিডোনা কেণ্টনৰ হলিন নদীত হঠাতে পানী বৃদ্ধি পোৱাৰ ফলত চাৰিজন লোক উটি গৈছিল আৰু পাছত তেওঁলোকক উদ্ধাৰ কৰা হয়। এই ঘটনাটো ২০২৩ চনৰ ১৭ অক্টোবৰৰ।

Archived Link

আমি পুনৰ অনুসন্ধান কৰি Teleamazonas Ecuador ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো পালোঁ। ২০২৩ চনৰ ১৮ অক্টোবৰত আপলোড হোৱা এই ভিডিঅ'টোত ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশ আমি দেখিলোঁ। ইয়াৰ পৰা স্পষ্ট যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়। এই ভিডিঅ'টো প্ৰায় যোৱা বছৰৰ।

খবৰ অনুসৰি ইকুৱেডৰৰ নাপো প্ৰদেশৰ আৰ্কিডোনা কেণ্টনৰ হলিন নদীত হঠাতে অহা বানৰ ফলত চাৰিজন লোক উটি যায়। অৱশ্যে তেওঁলোকক ৰক্ষা কৰা হয়। পানী বাঢ়ি অহা দেখি মানুহে হুলস্থুল কৰি ঠাইখন খালী কৰিবলৈ ধৰিলে যদিও পানীৰ সোঁতে চাৰিজন পৰ্যটক উটুৱাই লৈ যায়। কেইমিনিটমানৰ পাছতে তেওঁলোকক উদ্ধাৰ কৰা হয়।

এই ঘটনা সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

শেহতীয়াকৈ গুজৰাটত তেনে কোনো ঘটনা ঘটাৰ খবৰ আমি নাপালোঁ।

মহাৰাষ্ট্ৰৰ লোনাৱালাৰ দুৰ্ঘটনাটো:

৩ জুলাইত পুনেৰ লোনাৱালা পাহাৰত অৱস্থিত ভূষী বান্ধৰ ওচৰত কিছু লোক ফুৰিবলৈ গৈছিল। হঠাতে জলপ্ৰপাতটোৰ পানীৰ সোঁত বাঢ়ি গ’ল। পানীৰ সোঁতে ১০ জন লোকক উটুৱাই লৈ যায়, ইয়াৰ পাঁচজনক ৰক্ষা কৰা হয়। আনহাতে বাকী পাঁচজন লোকৰ মৃতদেহ দেওবাৰ আৰু সোমবাৰে উদ্ধাৰ কৰা হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। জলপ্ৰপাতৰ পানীৰ সোঁতে কেইগৰাকীমান লোকক উটুৱাই লৈ যোৱা এই ভিডিঅ'টো গুজৰাটৰ নহয় বৰং ইকুৱেডৰৰহে। তদুপৰি ভিডিঅ'টো যোৱা বছৰৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইকুৱেডৰৰ পুৰণি ভিডিঅ' গুজৰাটৰ জলপ্ৰপাতৰ দৃশ্য বুলি ভাইৰেল।

Written By: Debanjana Baishya

Result: False