যোৱা ৮ চেপ্তেম্বৰত মৰক্কোত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হয়। এনে সময়তে চ'চিয়েল মেডিয়াত মৰক্কোৰ ভূমিকম্পৰ বুলি কিছুমান ফটো আৰু ভিডিঅ' ক্লিপ ভাইৰেল হৈছে।

DA News Plus নামৰ প'ৰ্টেল এটাই মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছিল।

Facebook Link | Archived Link

এই দৃশ্যসমূহ মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ হয়নে নহয় সেয়া জানিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ।

আমি প্ৰথমে এই ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ফটোখন আমি Pixabay.com ত ২০১৬ চনৰ ১৩ ছেপ্টেম্বৰত আপলোড হোৱা দেখিলোঁ । অৱশ্যে ফটোখনৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য দিয়া হোৱা নাছিল গতিকে আমি অধিক তদন্ত কৰিলোঁ। তাৰ পিছত জিঅ’ ইঞ্জিনিয়াৰ নামৰ এটা ৱেবছাইটত প্ৰকাশিত এই একেখন ছবি আমি পাইছিলোঁ, য’ত কোৱা হৈছিল যে ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত চিলিৰ মাউলেত সংঘটিত হোৱা ভূমিকম্পটো ১৯০০ চনৰ পিছত পঞ্চম বৃহত্তম ভূমিকম্প। ইয়াৰ প্ৰভাৱ মধ্য চিলিৰ উপকূলৰ ৬০০ কিলোমিটাৰ পৰ্যন্ত অনুভৱ কৰা হৈছিল। Crush Pixel, Shutterstock ত ফটোখন দিয়া হৈছে, য'ত লিখা আছে যে এয়া ভূমিকম্পৰ পিছৰ ফটো।

এইবাৰ আমি ধ্বংসপ্ৰাপ্ত জাহাজৰ ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে ফটোখন জাপানৰ, যেতিয়া ২০১১ চনৰ মাৰ্চ মাহত পূব জাপানত ভূমিকম্পৰ পিছত ছুনামী আহিছিল। এই সম্পৰ্কে বহুতো বাতৰি আমি দেখিলোঁ। ৯.০ প্ৰাবল্যৰ এই ভূমিকম্পটোক জাপানৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমিকম্প বুলি গণ্য কৰা হয়, য’ত ১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। এক প্ৰতিবেদনত একেখন ফটোৰ তলৰ কেপচনত লিখা আছিল যে ২০১১ চনৰ ১২ মাৰ্চত হেলিকপ্টাৰৰ পৰা তোলা এখন ফটোত দেখা গৈছে যে জাপানৰ মিয়াগি প্ৰিফেকচাৰৰ কেচেননুমা চহৰত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পৰ পিছত ছুনামীয়ে কিদৰে বহু জাহাজ উটুৱাই নিছিল।

ইয়াৰ পিছত আমি তলৰ ফটোখনৰ বিষয়ে অনুসন্ধান কৰি জানিব পাৰিলোঁ যে সেয়া মৰক্কোৰ ভূমিকম্পৰ দৃশ্য নহয়। এই সম্পৰ্কে আমাৰ এক তথ্য পৰীক্ষা ইয়াত পঢ়িব পাৰিব।

মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ কিছুমান দৃশ্য ইয়াত আৰু ইয়াত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। পুৰণি দৃশ্য কিছুমান মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই সকলোবোৰ দৃশ্য মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ নহয়।

Written By: Debanjana Baishya

Result: Partly False