এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধত গাজাত সাত হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়া এই যুদ্ধ কেৱল ইজৰাইল আৰু হামাছৰ মাজৰ হৈ থকা নাই। কাৰণ এই বিষয়ত ইছলামিক দেশবোৰ ইজৰাইলৰ বিৰুদ্ধে আছে আৰু তুৰস্কই ইজৰাইলক অহৰহ আক্ৰমণ কৰি আছে। এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য'ত দাবী কৰা হৈছে যে পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে ইস্তানবুলত থকা ইজৰাইলৰ বাণিজ্যিক দূতাবাসত আতচবাজীৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও নিজেই দুৰ্ঘটনাৰ সন্মুখীন হৈছিল।

ভাইৰেল ভিডিঅ'টোৰ সৈতে ব্যৱহাৰকাৰীয়ে লিখিছে - তুৰস্কত হামাছৰ সমৰ্থকসকলে আতচবাজীৰে ইস্তানবুলত থকা ইজৰাইলৰ বাণিজ্যিক দূতাবাসত আক্ৰমণ কৰিব বিচাৰিছিল...

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ ছবিবোৰৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ফলত আমি তুৰ্কীৰ নিউজ চেনেল এনটিভিত প্ৰকাশিত ভাইৰেল ভিডিঅ’টো দেখিলোঁ, য’ত তথ্য দিয়া হৈছে যে ইস্তানবুলৰ ফাটিহত অনুষ্ঠিত হোৱা নিৰ্বাচনী অনুষ্ঠানৰ সময়ত ভিৰৰ মাজত আতচবাজী জ্বলোৱা হৈছিল। যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এই ঘটনাত কোনো লোক নিহত হোৱাৰ খবৰ পোৱা নগ’ল।

এই খবৰটো ২০২৩ চনৰ ২৯ মে’ত প্ৰকাশ পাইছিল। ইয়াৰ অৰ্থ স্পষ্ট যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়।

অধিক অনুসন্ধানত আমি ৰয়টাৰ্ছত আপলোড কৰা ভাইৰেল ভিডিঅ’টো পালোঁ। ভিডিঅ’ৰ বৰ্ণনাত কোৱা হৈছে যে ২৮ মে’ৰ নিশা ৰাষ্ট্ৰপতি টাইব এৰদোগানৰ পুনৰ নিৰ্বাচনৰ আতচবাজী অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন তুৰ্কী লোকৰ হাততে ফটকা ফুটিছিল।

এই বাতৰিটো ইয়াত আৰু ইয়াতো চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ'টোত হামাছ সমৰ্থকে ইস্তানবুলত ইজৰাইলৰ বাণিজ্যিক দূতাবাসত আক্ৰমণ কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো পুৰণি আৰু হামাছ-ইজৰাইলৰ লগত সম্পৰ্কিত নহয়।

Written By: Debanjana Baishya

Result: False