বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে এক বিশাল সমাবেশৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, য'ত সমাবেশকাৰীসকলে গেৰুৱা পোছাক পৰিধান কৰিছে। ভিডিঅ'টোৰ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ(৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল যে এয়া বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ প্ৰতিবাদৰ দৃশ্য।

Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত কীৱৰ্ড আৰু ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ আৰু তেতিয়া ২০২৩ চনৰ ১ ছেপ্টেম্বৰত আপলোড কৰা এটা ফেচবুক পোষ্ট পালোঁ য'ত ভাইৰেল ভিডিঅ’টোৰ দৰে একেধৰণৰ ফটো শ্বেয়াৰ কৰা হৈছিল।

পোষ্টটোত লিখা আছিল “জাতিৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু বংগমাতা শ্বেখ ফাজিলাতুন নেচা মুজিব”ৰ স্মৃতিত বাংলাদেশ ছাত্ৰ লীগে আয়োজন কৰা সমাবেশত গাফৰগাঁও উপজিলা ছাত্ৰ লীগ আৰু পৌৰসভাৰ ছাত্ৰ লীগ।

Archived Link

এই তথ্য ব্যৱহাৰ কৰি আমি অধিক অনুসন্ধান কৰিলোঁ আৰু ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা এই সমাৱেশৰ সৈতে জড়িত বহু বাতৰি পালোঁ। ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ১ ছেপ্টেম্বৰত ঢাকাৰ ছুহৰাৱাৰ্ডি উদ্যানত ছাত্ৰ লীগে এক সমাৱেশৰ আয়োজন কৰিছিল। ছাত্ৰ লীগৰ লাখ লাখ সদস্য‌ই এই ঐতিহাসিক সমাৱেশত বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিছিল। শ্বেখ হাছিনাই চুহৰাৱৰ্দি উদ্যানত সভাত ভাষণ প্ৰদান কৰিছিল। ‘জাতিৰ পিতা’ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু বংগমাতা শ্বেখ ফাজিলাটুন্নেছা মুজিবৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই সমাবেশৰ আয়োজন কৰা হৈছিল।

এইবাৰ আমি ইউটিউবত ২০২৩ চনৰ ২ ছেপ্টেম্বৰত আপলোড কৰা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোৰ কেপশ্বন আছিল এইদৰে, "ফাহমী গুলন্দাজ বাবেল সাংসদ মহোদয়ৰ নেতৃত্বত পুনৰ ঢাকাৰ ৰাজপথ কঁপালে গাফৰগাঁও উপাজিলা ছাত্ৰ লীগে।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই ভিডিঅ'টো বাংলাদেশৰ হিন্দুসকলৰ প্ৰতিবাদ সমাবেশৰ নহয় বৰং বাংলাদেশ ছাত্ৰ লীগৰ সমাবেশৰহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ'টো পুৰণি আৰু বাংলাদেশৰ হিন্দুসকলৰ সমাবেশৰ নহয়। এই ভিডিঅ'টো বাংলাদেশৰ ছাত্ৰ লীগৰ সমাবেশৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশ ছাত্ৰ লীগৰ পুৰণি সমাবেশৰ ভিডিঅ' বাংলাদেশত শেহতীয়াকৈ হিন্দুসকলে কৰা প্ৰতিবাদ সমাবেশৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya

Result: Misleading