এই ফটোখন নেপালৰ পোখৰাত অলপতে দুৰ্ঘটনাত পতিত বিমানখনৰ নহয়

False International

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনে এটা পোষ্ট হোৱাটচ‌এপযোগেও শ্বেয়াৰ হোৱা দেখা গৈছে। পোষ্টটোত দেখা গৈছে এখন দুৰ্ঘটনাত পতিত বিমানৰ অৱশেষ আৰু ওচৰতে ৰৈ আছে সামৰিক বাহিনীৰ কিছু লোক। দাবী কৰা হৈছে যে এই ফটোখন যোৱা ১৫ জানুৱাৰীত নেপালত দুৰ্ঘটনাত পতিত বিমানখনৰ।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লো।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। প্ৰথমে আমি ইণ্টাৰনেচনেল বিজনেছ টাইমছে ২০১২ চনৰ ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ। তাত লিখা আছিল যে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰত ব্যক্তিগত খণ্ডৰ এয়াৰলাইন “সীতা এয়াৰ”ৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৯ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে, যাত্ৰীসকলৰ মাজত ৭ জন ব্ৰিটিছ যাত্ৰীও আছিল।

Archived Link

প্ৰতিবেদনত সংলগ্ন ফটোসমূহৰ এখন ফটো আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

Archived Link

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি ২০১২ চনৰ ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে ৰয়টাৰছ(Reuters)ৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ য’ত লিখা আছিল যে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছুসময় পিছতে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তাত থকা ১৯ জন যাত্ৰীৰ মৃত্যু হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

প্ৰতিবেদনত সংলগ্ন ফটোসমূহৰ মাজত আছিল ভাইৰেল ফটোখনো। 

Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন নেপালৰ পোখৰাত অলপতে হোৱা বিমান দুৰ্ঘটনাৰ নহয় বৰং এই ফটোখন ২০১২ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰত হোৱা বিমান দুৰ্ঘটনাৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন নেপালৰ পোখৰাত অলপতে দুৰ্ঘটনাত পতিত বিমানখনৰ নহয়

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *