FACT CHECK: পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

False Political

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকৰ ফটো এখন বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ একাংশ লোকে প্ৰতিবাদ কৰা বুলি অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰি থকা দেখা গৈছে।

ফটোখনত, যিখন ৰাতি তোলা হৈছে, আমি দেখা পাওঁ যে প্ৰতিবাদকাৰীসকলে ৰাজপথত “GO BACK MODI” লেখি এখন পেইন্টিং আঁকি আছে। 

এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখনৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰি তাৰ সত্যাসত্য জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। 

Bihar Modi.png

Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে সেই ফটোখন হৈছে ২০২০চনৰ ১১ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে কলকাতালৈ দুদিনীয়া ভ্ৰমনসূচী লৈ অহাৰ সময়ত কা বিৰোধী প্ৰতিবাদকাৰী কৰা প্ৰতিবাদৰহে। আমি জানিব পাৰিলো যে শেহতীয়া বিহাৰ নিৰ্বাচনৰ সময়ক এই ফটোখন এই দাবীৰে শ্বেয়াৰ কৰা হৈছে যে ভোটাৰে মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ কৰিছে। 

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ফেচবুকত কৰা তেনেকুৱা পোষ্টো আমি লাভ কৰিলো। Original Link- Facebook | Archived Link

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমতে আমি ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু ২০২০ চনৰ ১১ জানুৱাৰীত কৰা এই টুইটটো লাভ কৰিলো আৰু গম পালো যে এই ফটোখন কলকাতাৰ এস্প্লানেডত তোলা হৈছিল। 

Bihar Modi tweet.png

Original Link- Twitter | Archived Link

ফটোখনত এটা আট্টালিকাক চিনাক্ত কৰা হৈছে মেট্ৰো চেনেল কন্ট্ৰোল পোষ্ট বুলি,যিটো হাৰে স্ত্ৰিট আৰক্ষী থানাৰ অধিনত পৰে। 

প্ৰাসংগিক শব্দ লৈ কৰা গুগল ছাৰ্চ কৰাত আমি ২০১৯ চনৰ ৩ ফেূব্ৰুৱাৰীৰ কেইবাটাও বাতৰি লাভ কৰিলো, যত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত একেই স্থানত চিবিআইৰ বিৰুদ্ধে কৰা এক ধৰ্ণা কাৰ্যসূচীৰ কথা উল্লেখ আছে যিটোৱে নিশ্চিত কৰিলে যে সেই ফটোখন কলকাতাৰ।  

Bihar modi Mamata.png

Original Link- The Hindu | Archived Link

আমি তদুপৰি গেটি ইমেজৰ আৰ্কাইভতো ২০১৯ চনৰ ফ্ৰেব্ৰুৱাৰীত একেখন ফটোকেই লাভ কৰিলো। 

Metro Channel Control Post Hare Street Police Station ৰ চিহ্নটো মুখ্যমন্ত্ৰী বেনাৰ্জীৰ পিছফালে থকা আট্টালিকাটোক স্পষ্ট দেখা গৈছিল। 

Bihar Modi Mamata 2.png

Original Link- Getty Images | Archived Link

ফলাফল

শেহতীয়া বিহাৰৰ ফটো বুলি প্ৰচাৰ কৰি থকা ফটোখন আচলতে পশ্চিম বংগৰ কা বিৰোধী আন্দোলনৰ হে হয়।

Avatar

Title:পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *