ডনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প ২ অক্টোবৰত কোভিড আক্ৰান্ত হয়। তাৰে মাত্ৰ ৪দিন পিছত ডনাল্ড ট্ৰাম্পে তেওঁক কোডিডৰ চিকিৎসা কৰি থকা মিলিটাৰী হাস্পতালৰ পৰা হোৱাইট হাউচলৈ ঘুৰি আহে। অতি নাটকীয়ভাবে তেওঁ কোভিড আক্ৰান্ত হৈয়ো মাস্ক পৰিধান নকৰাজৈয়ে হোৱাইট হাউচত প্ৰৱেশ কৰে।

ডনাল্ড ট্ৰাম্পে টুইট কৰা বুলি অভিযোগ কৰা এটা টুইটৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰে,য'ত লিখা হৈছিল যে তেওঁ শেহতীয়াভাৱে ৰাছিয়ান কোভিড ১৯ ভেকচিনৰ এটা শ্বট লাভ কৰিছে।

টুইটটোত লিখা হৈছিল-"মই শেহতীয়াভাৱে এক ভেকচিনৰ এটা পৰিমান লৈছো,যিটো ৰাছিয়াত উদ্ভাৱন কৰা হৈছে। ৰাতিপুৱা ৮বজাত মই এই ভেকচিনটো ল'লো আৰু আপোনালোকক জনাওঁ যে ই সম্পূৰ্ণ নিৰাপদ আৰু ভয় কৰিবলগীয়া একো নাই।"

এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফাক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত এইটো প্ৰৰণ কৰে আমি সেই টুইটটোৰ সত্যাসত্য নিৰূপন কৰিব পাৰিম নেকি জানিব বিচাৰিছিল।

b93397bf2832f6b941026bb3cef27850.jpg

Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে সেই টুইটটো সম্পূৰ্ণ মিছা বুলি গম পাইছিলো। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেনেকুৱা কোনো টুইট কৰা নাই।

প্ৰণালী:

আমি টুইটটো পৰীক্ষা কৰোতে তাত বহুকেইটা বৈয়াকৰণিক ভুল লাভ কৰিছিলো,যিটো ট্ৰাম্পৰ পূৰ্বৰ টুইটসমুহত নাছিল। তদুপৰি টুইটটোৰ শেষৰ শাৰীত কিছুমান বেলাৰুছীয়ান ভাষাৰ শব্দ আছিল। যাৰ অনুদিত ৰূপটোত অৰ্থহীন ইংৰাজী শব্দ ওলাইছিল।

error.jpg

তাৰ পিছত আমি প্ৰাসংগিক শব্দ কিছুমান লৈ গুগল চাৰ্ছ কৰি চালো আৰু কিছুমান বাতৰি পালো য'ত ট্ৰাম্পে ভেকচিন সন্দৰ্ভত মন্তব্য কৰা কথা উল্লেখ আছিল কিন্তু কোনো ধৰণে ভেকচিনত শ্বট লোৱাৰ কথা উল্লেখ নাছিল। CNBC Link | Archived Link

ইয়াৰ পিছত আমি ট্ৰাম্পৰ টুইটাৰ একাউন্টটো পৰীক্ষা কৰি পালো যে তেওঁ তেনেকুৱা কোনো টুইট কৰা নাছিল।

ট্ৰাম্পে টুইট কৰা বুলি প্ৰচাৰ কৰা টুইটৰ স্ক্ৰিনশ্বটটোত পোষ্ট কৰা তাৰিখ ২০২০চনৰ ২ অক্টোবৰ দেখুওৱা হৈছিল। আমি পালো যে সেইদিনা তেওঁ কেৱল তেওঁ আৰু পত্নী মেলানিয়া কোভিড পজিটিভ হোৱাৰ কথাটোহে টুইট কৰিছিল।

tweet.png

Original post-Twitter Link | Archived Link

ফলাফল: এইটো নিশ্চিত যে ট্ৰাম্পৰ টুইট বুলি ভাইৰেল হোৱা ফটোখন মৰ্ফ কৰা। ট্ৰাম্পে তেনে কোনো টুইট কৰায়ে নাই।

Avatar

Title:ডনাল্ড ট্ৰাম্পৰ মৰ্ফ কৰা টুইটত দাবী কৰা হৈছে যে তেওঁ ৰাছিয়াৰ ভেকচিন লাভ কৰিব

Fact Check By: Manjori Borkotoky

Result: False