
প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ২৫ ছেপ্টেম্বৰত ইউনাইটেড ষ্টেটছ অৱ আমেৰিকালৈ তেওঁৰ চৰকাৰী ভ্ৰমণ সমাপ্ত কৰিছে। তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৬ তম অধিৱেশনত ভাষণ দিছিল আৰু কোৱাড (QUAD) নেতাসকলৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ ভ্ৰমণকালত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে।
ইয়াৰ মাজতে, নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰধানমন্ত্ৰী মোডীক “পৃথিৱীৰ অন্তিম, শ্ৰেষ্ঠ আশা” আৰু “বিশ্বৰ আটাইতকৈ প্ৰিয় আৰু আটাইতকৈ শক্তিশালী নেতা” শীৰ্ষক শিৰোনামৰ সৈতে দেখুওৱা এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে।
এই ছবিখন আমাৰ হোৱাটছএপ নং 9049053770 এই পোষ্টটোৰ সত্যতা পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছিল। আমি, ফেক্ট ক্ৰেচেণ্ডোৱে, জানিব পাৰিলো যে ভাইৰেল ছবিখন আচলতে ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে। Archived Link
নিউয়ৰ্ক টাইমছয়ে ইয়াৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত এনে কোনো বাতৰি প্ৰকাশ কৰা নাছিল।
Fact Check Methodology
২৬ ছেপ্টেম্বৰত প্ৰকাশিত নিউয়ৰ্ক টাইমছ সংস্কৰণৰ প্ৰথম পৃষ্ঠাটো বিচাৰিবলৈ আমি গুগলত এক কীৱৰ্ড অনুসন্ধান চলাই আমাৰ অনুসন্ধান আৰম্ভ কৰিলো। আমি দেখিছিলো যে ২৬ ছেপ্টেম্বৰত নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাটো ভাইৰেল ছবিখনতকৈ সম্পূৰ্ণ বেলেগ হয়।
উক্ত পৃষ্ঠাটোত প্ৰধানমন্ত্ৰী মোডী সম্পৰ্কে কোনো ছবি বা বাতৰি প্ৰকাশ কৰা হোৱা নাছিল। সেয়েহে, এয়া স্পষ্ট যে ভাইৰেল ছবিখন ডিজিটেলভাৱে মানুহক বিপথে পৰিচালিত কৰিবলৈ সৃষ্টি কৰা হৈছে। এই ভাইৰেল পৃষ্ঠাটো নিউয়ৰ্ক টাইমছৰ দ্বাৰা প্ৰকাশ কৰা হোৱা নাই।

ছ’চিয়েল মিডিয়াত ভাইৰেল ছবিখন এটা ব্যংগ হিচাপে সৃষ্টি কৰা হৈছিল আৰু ভালদৰে লক্ষ্য কৰিলে কেইবাটাও বানানৰ অশুদ্ধতা দেখা যায় যি নিউয়ৰ্ক টাইমছৰ দ্বাৰা লিখা ইংৰাজীৰ বিপৰীতে হয় ।
তলত আমি ভাইৰেল ছবিখনত দেখা পোৱা কেইটামান অশুদ্ধতা তালিকাভুক্ত কৰিছোঁ:
1. মাষ্টহেডত মাহটোৰ বানান ভুলকৈ বৰ্ণনা কৰা হৈছে। ছেপ্টেম্বৰক “ছেটপেম্বাৰ” বুলি বৰ্ণনা কৰা হৈছে
2. “পৃথিৱীৰ অন্তিম, সৰ্বশ্ৰেষ্ঠ আশা” শীৰ্ষকটো ডাঙৰ আখৰত লিখা হৈছে আৰু ইয়াক শ্লেষ হিচাপে লিখা হৈছে। এনৱাইটিয়ে শীৰ্ষক কেছ ষ্টাইল ব্যৱহাৰ কৰে যিটো ওপৰৰ ছবিখনত দেখা যায়।
3. ছবিখনৰ শিৰোনামটোত কোৱা হৈছে “মহামান্য, মোডীজীয়ে আমাৰ দেশক আশীৰ্বাদ দিবলৈ এখন খালী এ4 কাগজত স্বাক্ষৰ কৰিছে… হৰ হৰ মোডী”(sic) যি আচলতে ব্যংগ হিচাপে লিখা হৈছে।

তদুপৰি, ৰিভাৰ্ছ ইমেজ চৰ্চাৰ সহায়ত আমি দেখিছিলো যে প্ৰধানমন্ত্ৰী মোডীৰ ছবিখন প্ৰকৃততে তেওঁৰ নিজৰ ৱেবছাইটত পোষ্ট কৰা হৈছিল।
ফলাফল
ফেক্ট ক্ৰেচেণ্ডোৱে অনুসন্ধানৰ পাছত জানিব পাৰিলে যে ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে আৰু এক ভুৱা দাবীৰে উক্ত ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে । “পৃথিৱীৰ শেষ, শ্ৰেষ্ঠ আশা” শীৰ্ষক মোডীৰ ফটো থকা নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাৰ ভাইৰেল ছবিখন আচলতে ব্যংগাত্মক প্ৰকৃতিৰ। নিউয়ৰ্ক টাইমছয়ে ইয়াৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত এনে কোনো বাতৰি প্ৰকাশ কৰা নাছিল।

Title:ব্যংগ: দ্য নিউয়ৰ্ক টাইমছে তেওঁলোকৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰী মোডীৰ ছবি প্ৰকাশ কৰা নাছিল
Fact Check By: Manjori BorkotokyResult: Satire
